মুখ্যপৃষ্ঠা » খবৰ

» বিশ্ব

»Quad Summit: PM মোদীৰ আমেৰিকা যাত্ৰা, কোৱাড সন্মিলন কি আৰু ভাৰতৰ বাবে ই কিয় গুৰুত্বপূৰ্ণ?

Quad Summit: PM মোদীৰ আমেৰিকা যাত্ৰা, কোৱাড সন্মিলন কি আৰু ভাৰতৰ বাবে ই কিয় গুৰুত্বপূৰ্ণ?

News18 Assam | News18-Assam
Updated:September 22, 2021, 6:47 PM IST
Quad Summit: PM মোদীৰ আমেৰিকা যাত্ৰা, কোৱাড সন্মিলন কি আৰু ভাৰতৰ বাবে ই কিয় গুৰুত্বপূৰ্ণ?
এই প্ৰথমবাৰৰ বাবে কোৱাড নেতাসকলে ২৪ ছেপ্টেম্বৰত সোঁশৰীৰে মুখামুখি হ'ব।

এই প্ৰথমবাৰৰ বাবে কোৱাড নেতাসকলে ২৪ ছেপ্টেম্বৰত সোঁশৰীৰে মুখামুখি হ'ব।

  • News18 Assam
  • Last Updated: September 22, 2021, 6:47 PM IST
  • Share this:

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী (PM Narendra Modi) আমেৰিকা (America)লৈ ৰাওনা হৈছে। তেওঁ ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাত (UNGA)অংশগ্ৰহণ কৰিবলৈ গৈ আছে। কিন্তু এইবাৰ তেওঁৰ আমেৰিকা ভ্ৰমণ আন এক কাৰণত বিশেষ বুলি গণ্য কৰা হ'ব। ইয়াত ২৪ ছেপ্টেম্বৰত কোৱাড সন্মিলন (Quad Summit ) অনুষ্ঠিত হ'ব, য'ত কোৱাড দেশসমূহৰ নেতা যেনে প্ৰধানমন্ত্ৰী মোদী, অষ্ট্ৰেলিয়াৰ প্ৰধানমন্ত্ৰী স্কট মৰিচন, জাপানৰ প্ৰধানমন্ত্ৰী য়োশিহিদে চুগা আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি জো বাইডেন প্ৰথমবাৰৰ বাবে মুখামুখি হ'ব। ইয়াৰ আগেয়ে কোৱাড সন্মিলনখন ভাৰ্চুৱেলী হৈ আছিল। এই কোৱাড কি? আৰু ভাৰত-প্ৰশান্ত মহাসাগৰৰ পৰিপ্ৰেক্ষিতত ইয়াৰ কিয় প্ৰয়োজন? তদুপৰি, চীনৰ বৰ্ধিত শক্তিৰ তুলনাত ইয়াক কিয় এক নতুন বিকল্প হিচাপে দেখা যায়?


কোৱাড হৈছে কোৱাড্ৰিলেটালেৰ ছিকিউৰিটী ডায়লগ (QSD)। ভাৰত, আমেৰিকা যুক্তৰাজ্য, জাপান আৰু অষ্ট্ৰেলিয়া ইয়াৰ সদস্য। ইয়াৰ উদ্দেশ্য হৈছে এই দেশসমূহৰ সামুদ্ৰিক সীমাৰ স্বাৰ্থৰ প্ৰতি লক্ষ্য ৰখা। লগতে জলবায়ু পৰিৱৰ্তন, কোভিড-১৯ মহামাৰীৰ বিৰুদ্ধে যুঁজ দিয়া। আনহাতে ইয়াৰ অন্যতম উদ্দেশ্য হৈছে দক্ষিণ চীন সাগৰত চীনৰ বৰ্ধিত শক্তিৰ বিৰুদ্ধে যুঁজ দিয়া।


২০০৪ চনত ভাৰত মহাসাগৰত হোৱা ছুনামিৰ পৰা কোৱাডৰ আৰম্ভণি হোৱা বুলি বিবেচনা কৰিব পাৰি। সেই সময়ত ভাৰত, জাপান, অষ্ট্ৰেলিয়া আৰু আমেৰিকা যুক্তৰাষ্ট্ৰই সাহায্য আৰু উদ্ধাৰ অভিযান চলাই অঞ্চলটোলৈ বৃহৎ পৰিমাণৰ সাহায্য সামগ্ৰী প্ৰেৰণ কৰে। কিন্তু এই অভিযানৰ পিছত ২০০৬ চনত জাপানৰ তদানীন্তন প্ৰধানমন্ত্ৰী শিনজো আবেয়ে এই গোটটো পুনৰ সক্ৰিয়কৰণ প্ৰস্তাৱ দিয়ে। তেওঁ কয় যে এই গোটটোত সমভাবাপন্ন দেশসমূহে যোগদান কৰিব লাগে আৰু ভাৰত-প্ৰশান্ত মহাসাগৰৰ নিৰাপত্তাৰ ক্ষেত্ৰত সহযোগিতা আগবঢ়াব লাগে।



২০০৭ চনত শিনজো আবেয়ে প্ৰধানমন্ত্ৰী পদৰ পৰা পদত্যাগ কৰিছিল। আনহাতে, অষ্ট্ৰেলিয়াত কেভিন ৰুড প্ৰধানমন্ত্ৰী হয়, যাক কোৱাডৰ সমালোচক বুলি গণ্য কৰা হয়। তেওঁ চীনৰ হেঁচাত কোৱাডৰ পৰা আঁতৰি আহিছিল। ২০০৮ চনলৈ গোটটো শেষ হৈছিল।


২০১৭ চনত জাপানে কোৱাড পুনৰ প্ৰৱৰ্তন কৰাৰ প্ৰস্তাৱ দিয়ে। প্ৰথম পৰ্যায়ৰ বৈঠক মানিলাত অনুষ্ঠিত হৈছিল। অষ্ট্ৰেলিয়াই ২০২০ চনত ভাৰত-আমেৰিকা যুক্তৰাষ্ট্ৰ-জাপান মালাবাৰ নৌ অনুশীলনত যোগদান কৰে।


এই প্ৰথমবাৰৰ বাবে কোৱাড নেতাসকলে ২৪ ছেপ্টেম্বৰত সোঁশৰীৰে মুখামুখি হ'ব। কোৱাড হৈছে এক আনুষ্ঠানিক মিত্ৰতা। সিদ্ধান্ত লোৱাৰ অধিকাৰ ইয়াৰ নাই, যি সিদ্ধান্ত নাটো দেশ বা ৰাষ্ট্ৰসংঘত লোৱা হয়। এই গোটে সন্মিলন, সভা, তথ্য আদান-প্ৰদান আৰু সামৰিক অনুশীলনৰ জৰিয়তে কাম কৰে। এই মিত্ৰতাৰ কোনো জটিল গাঁথনি নাই। যিকোনো দেশে যিকোনো সময়তে এই গোটটো এৰিব পাৰে।

Published by: Gautam Barman
First published: September 22, 2021, 6:47 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি