যি সময়ত চীন, পাকিস্তান, ৰুছ আদিৰ দৰে দেশে তালিবানক মান্যতা দিয়াৰ ক্ষেত্ৰত সমৰ্থন কৰিছে, সেই সময়ত কিন্তু ভাৰতে পূৰ্বৰ সন্ত্ৰাসবিৰোধী স্থিতিতে থাকি আফগানিস্তানত তালিবান চৰকাৰক মান্যতা দিয়াৰ ক্ষেত্ৰত বিৰোধ কৰিছে। বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰে শনিবাৰে স্পষ্ট কৰি দিছে যে তেওঁ নতুন তালিবান চৰকাৰক ক্ষমতাৰ বিতৰণৰ বাহিৰে আন একো নহয় বুলি বিবেচনা কৰে আৰু সকলো শ্ৰেণীয়ে ইয়াত যোগদান নকৰাক লৈও তেওঁ চিন্তিত। তদুপৰি,আফগানিস্তানত মহিলা আৰু সংখ্যালঘুসকলৰ পৰিস্থিতিক লৈ ভাৰত যথেষ্ট চিন্তিত।
বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰে স্পষ্টভাৱে কয় যে ভাৰতে বিচাৰে আফগানিস্তানৰ মাটি সন্ত্ৰাসবাদৰ বাবে ব্যৱহাৰ কৰা নহওক। ভাৰতে অষ্ট্ৰেলিয়াৰ সৈতে ৰাষ্ট্ৰসংঘৰ ২৫৯৩ বিধেয়কৰ ৰূপায়ণৰ বিষয়ে আলোচনা কৰিছে। যিকোনো দেশক সন্ত্ৰাসবাদৰ প্ৰচাৰৰ পৰা প্ৰতিহত কৰিবলৈ এই বিধেয়কৰ অধীনত নিৰ্দেশনা দিয়া হৈছে।
শনিবাৰে ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মাজত হোৱা দুখন যুটীয়া বৈঠকৰ পিছত বৈদেশিক পৰিক্ৰমা মন্ত্ৰীয়ে সংবাদ মাধ্যমক সম্বোধন কৰে। এই বৈঠকত অষ্ট্ৰেলিয়াৰ বৈদেশিক মন্ত্ৰী মেৰী পেইন, প্ৰতিৰক্ষা মন্ত্ৰী পিটাৰ ডুটেনৰ লগতে উপস্থিত আছিল প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং।
জয়শংকৰে লগতে যুটীয়া বৈঠকত আফগানিস্থানৰ মহিলা আৰু সংখ্যালঘুসকলৰ বৰ্তমানৰ অৱস্থা আৰু তেওঁলোকে উচিত অধিকাৰ পোৱা দিশটোতো আলোচনা কৰাৰ কথা জনায়।
ইফালে, অষ্ট্ৰেলিয়াৰ বৈদেশিক মন্ত্ৰী মেৰী পেইনেও পুনৰ কয় যে সন্ত্ৰাসবাদৰ বিস্তাৰৰ বাবে আফগানিস্তানৰ ভূমি ব্যৱহাৰ কৰিব নালাগে। আফগানিস্তানত মানৱ অধিকাৰ উলংঘন কৰিব নালাগে। তেওঁ দুয়োখন দেশৰ যুটীয়া বৈঠকত ভাৰতৰ সৈতে আফগানিস্তানত মানৱীয় সহায়ৰ হাত আগবঢ়োৱা দিশটোৰ ওপৰত আলোচনা কৰাৰ বিষয়েও জনায়।
নতুন দিল্লীত বৈঠকৰ অন্তত তেওঁৰ বক্তব্য, "মই আপোনালোকক কওঁ যে ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মাজত প্ৰথম দুখন যুটীয়া বৈঠক শনিবাৰে অনুষ্ঠিত হৈছে লগতে দুয়োখন দেশৰ প্ৰতিৰক্ষা আৰু বৈদেশিক মন্ত্ৰীসকলে একেলগে আলোচনা কৰিছে৷" ৰাজধানী দিল্লীত দুয়োখন দেশৰ মাজত প্ৰথমবাৰৰ দুয়োখন দেশৰ যুটীয়া বৈঠক অনুষ্ঠিত হৈছে৷
ইপিনে ভাৰতৰ বৈদেশিক মন্ত্ৰী জয়শংকৰে কয়, "৯/১১ আক্ৰমণৰ ২০টা বৰ্ষ গৰকি যোৱাৰ সময়ত আমি সেই বৰ্বৰোচিত ঘটনাটিক পাহৰি গ'লে ভুল কৰা হ'ব। সন্ত্ৰাসবাদৰ ক্ষেত্ৰত ভাৰতে কেতিয়াও আপোচ কৰা নাই আৰু নকৰে।"
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|