কৃষকক সমৰ্থন জনোৱা পপ ছিংগাৰ ৰিহানাক মূৰ্খ আৰু কৃষক সমাজক সন্ত্ৰাসবাদী আখ্যা কংগনা ৰাণাৱটৰ, ৰিহানাৰ লগতে গ্ৰেটা থুনবাৰ্গৰো সমৰ্থন কৃষক প্ৰতিবাদলৈ

ভাৰতৰ কৃষক প্ৰতিবাদক লৈ আন্তঃৰাষ্ট্ৰীয় পপ ছিংগাৰ ৰিহানাৰ সমৰ্থন থকা টুইটৰ পিছতে প্ৰতিক্ৰিয়া অভিনেত্ৰীগৰাকীৰ।
ভাৰতৰ কৃষক প্ৰতিবাদক লৈ আন্তঃৰাষ্ট্ৰীয় পপ ছিংগাৰ ৰিহানাৰ সমৰ্থন থকা টুইটৰ পিছতে প্ৰতিক্ৰিয়া অভিনেত্ৰীগৰাকীৰ।
- News18 Assam
- Last Updated: February 3, 2021, 1:10 PM IST
ৰিহানাই ভাৰতৰ কৃষক প্ৰতিবাদ সন্দৰ্ভত এটা বাতৰি শ্বেয়াৰ কৰি টুইট কৰিছিল যে এই সন্দৰ্ভত আমি কিয় কথা পতা নাই?

ৰিহানাৰ টুইট দেখিয়ে কংগনা ক্ষুব্ধ হৈ পৰে আৰু উত্তৰত ৰিটুইট কৰি লিখেঃএই সন্দৰ্ভত কোনেও কথা এইকাৰণে পতা নাই কাৰণে এইবোৰ কৃষক নহয় সন্ত্ৰাসবাদী হয়। ভাৰতক এওঁলোকে খণ্ড খণ্ড কৰিব খুজিছে। চীনৰ দৰে দেশে যাতে আমাৰ ভংগ্ন ৰাষ্ট্ৰখন দখল কৰিব পাৰে তাৰে উদ্দেশ্য এইবোৰ। যেনেকৈ আমেৰিকা যুক্তৰাষ্ট্ৰত চাইনীজ কল’নী হ’ল তেনেকুৱা কাৰবাৰ। তুমি শান্ত হৈ থাকা মূৰ্খ, আমি তোমাৰ দৰে মূৰ্খ নহয় যে নিজৰ দেশখন বেচি দিম।’
