உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • world
    • »
    • কোৰোণাৰ ভেকচিন ল'লে দিয়া হ'ব ৰাইফল, শ্বটগান...

    কোৰোণাৰ ভেকচিন ল'লে দিয়া হ'ব ৰাইফল, শ্বটগান...

    প্ৰশাসনে ঘোষণা কৰিছে যে টিকা লোৱা কৰা ব্যক্তিক লটাৰীৰ জৰিয়তে পিকআপ ট্ৰাক, চিকাৰৰ বাবে পঞ্জীয়নভুক্ত ৰাইফল দিয়া হ'ব।

    প্ৰশাসনে ঘোষণা কৰিছে যে টিকা লোৱা কৰা ব্যক্তিক লটাৰীৰ জৰিয়তে পিকআপ ট্ৰাক, চিকাৰৰ বাবে পঞ্জীয়নভুক্ত ৰাইফল দিয়া হ'ব।

    প্ৰশাসনে ঘোষণা কৰিছে যে টিকা লোৱা কৰা ব্যক্তিক লটাৰীৰ জৰিয়তে পিকআপ ট্ৰাক, চিকাৰৰ বাবে পঞ্জীয়নভুক্ত ৰাইফল দিয়া হ'ব।

    • Share this:

    আমেৰিকা যুক্তৰাষ্ট্ৰৰ চৰকাৰে নাগৰিকসকলক কোৰোণা ভাইৰাছৰ টিকাকৰণৰ বাবে তৎপৰ হৈ পৰিছে। ইতিমধ্যে ২৫ মে'লৈকে ৫০ শতাংশক কমেও এটা পালি দিয়া হৈছে। এতিয়া ৰাষ্ট্ৰপতি জো বাইডেনে বিচাৰে যে ৭০ শতাংশ প্ৰাপ্তবয়স্ক আমেৰিকানে ৪ জুলাইৰ ভিতৰত টিকাৰ কমেও এটা পালি গ্ৰহণ কৰক। এই লক্ষ্য ৰূপায়ণৰ বাবে যুক্তৰাষ্ট্ৰৰ এখন প্ৰদেশে ভেকচিনৰ লগতে দিব বিচাৰিছে অতিৰিক্ত পুৰস্কাৰ। পশ্চিম ভাৰ্জিনিয়াৰ আমেৰিকা প্ৰশাসনে ঘোষণা কৰিছে যে টিকা লোৱা কৰা ব্যক্তিক লটাৰীৰ জৰিয়তে পিকআপ ট্ৰাক, চিকাৰৰ বাবে পঞ্জীয়নভুক্ত ৰাইফল দিয়া হ'ব।


    পশ্চিম ভাৰ্জিনিয়াত এনে ঘোষণাৰ কাৰণ ৰাজ্যখনৰ টিকাকৰণ কাৰ্যসূচী অতি দ্ৰুতগতিত আৰম্ভ হৈছিল যদিও ৰাজ্যখনৰ পাহাৰীয়া অঞ্চলবোৰত টিকাকৰণ কাৰ্যসূচীৰ গতি যথেষ্ট হ্ৰাস পাইছিল। ৪১ শতাংশই টিকাকৰণৰ দুটা পালি গ্ৰহণ কৰিছে যদিও ৰাজ্যখনৰ বাসিন্দাসকলে এতিয়াও টিকাকৰণ কৰিবলৈ সংকোচ বোধ কৰি আছে। এনে অৱস্থাত টিকাকৰণৰ সংখ্যা বৃদ্ধি কৰিবলৈ নতুন কাৰ্যকলাপ আৰম্ভ কৰা হৈছে।


    যোৱা মঙলবাৰে দেশৰ ৰাজ্যপাল জিম জাষ্টিছে ঘোষণা কৰিছিল যে যিসকলে ২০ৰ পৰা ৪ আগষ্টলৈ টিকাকৰণ কৰে তেওঁলোকৰ দুজনক লটাৰীৰ দ্বাৰা পিক–আপ ট্ৰাক, ১০জনক বন্দুক, ৫জনক মাছ মৰাৰ আজীৱন অনুজ্ঞাপত্ৰ দিয়াৰ লগতে আন বহু সুবিধা দিয়া হ'ব।

    Published by:Gautam Barman
    First published: