ছচিয়েল মিডিয়া যদি (Viral Videos on Social Media) নাথাকিলে তেন্তে আমি হয়তো এনে বহু মুহূৰ্ত হেৰুৱালোঁহেতেন যিবোৰ আমাৰ আনন্দৰ খোৰাক হৈ পৰিছে। এই মুহূৰ্তত এক দম্পতীৰ বিবাহৰ ফটোছুট (Wedding Photoshoot) ইণ্টাৰনেটত ভাইৰেল হৈ আছে যে মানুহে ইয়াক বাৰে বাৰে চাইছে। দম্পতীটোৱে তেওঁলোকৰ বিবাহৰ এলবামটো বিশেষভাৱে ব্যতিক্ৰম (Funny Wedding Photoshoot) কৰি বনোৱাৰ চেষ্টা কৰি কি কৰিছে সেয়া দেখিলে যিকোনো লোকৰেই হাঁহি উঠিব (Viral Wedding Photoshoot)।
সকলোৱে বিয়াৰ ফটোছুটৰ বাবে এক ধুনীয়া আৰু বিশেষ ঠাই বাছনি কৰিবলৈ চেষ্টা কৰে। এই দম্পতীয়েও একেটা চেষ্টাকেই কৰিছিল আৰু এখন বিমানৰ সন্মুখত ফটো তুলিবলৈ দৌৰি গৈছিল। পিছে বিমানখনে কেনেদৰে এই সুন্দৰ দম্পতীৰ মূৰৰ ওপৰেৰে কিদৰে পাৰ হৈ যায় আৰু সেই সময়তে বিমানখনে নৱ দম্পতীৰ কি অৱস্থা কৰিলে চাই চাই উপভোগ কৰিবলৈ সকলোৱে এই ভিডিঅ'টো চাব লাগে।
ভিডিঅ'টোত দৰা-কইনা আৰু কেমেৰাপাৰ্ছনক দেখুওৱা হৈছে। তিনিওজনে ধুনীয়া পোছাক পিন্ধিছে। ধুনীয়া হেয়াৰষ্টাইল আৰু বিবাহৰ পোছাক পিন্ধা কইনা আৰু বগা চুট পিন্ধা তাইৰ দৰা ইজনে সিজনৰ সৈতে পজ দিবলৈ সাজু হৈছে। উৰি যোৱা বিমানখনৰ সৈতে ফটো উঠাৰ পৰিকল্পনা কৰিছিল দম্পতীয়ে। পিছে এই বিমানখনৰ পৰা ধোঁৱাৰ দৰে কিবা এটা এৰি দিয়া হৈছে আৰু যেতিয়া বিমানখন তিনিওজনৰ মূৰৰ ওপৰেৰে পাৰ হৈ গৈছে তিনিওজনৰ কি অৱস্থা হ'ল সেয়া দেখই সকলোৱেই হাঁহিব। এক মুহূৰ্তত তিনিও ধোঁৱাত লুকাই গৈছিল আৰু তাৰ পিছতে ওলাই হাঁহিবলৈ আৰম্ভ কৰে।
এই বিবাহৰ ফটোছুটৰ ভিডিঅ' ছচিয়েল মিডিয়াত ভাইৰেল হৈ আছে। ভিডিঅ'টোৰ লোকেচন কি জনা নাযায়, কিন্তু ইয়াক 'bride_buzz' নামৰ একাউণ্ট এটাৰ পৰা ইনষ্টাগ্ৰামত শ্বেয়াৰ কৰা হৈছে। এজন ইউজাৰে কয় যে যদি বিমানৰ পৰা ধোঁৱাৰ সলনি পানী এৰি দিয়া হ'লহেঁতেন তেন্তে কি হ'লহেঁতেন?
Published by:Manjumoni Borah
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|