পিতৃ-মাতৃ বা অভিভাৱকসকলে তেওঁলোকৰ সন্তানৰ নাম কিছু ব্যতিক্ৰম আৰু সাধাৰণ নামৰ তুলনাত পৃথক ৰাখিব বিচাৰে। বৰ্তমান সময়ত প্ৰায়সংখ্যক লোকেই নিজৰ সন্তানৰ নাম কিছু ব্যতিক্ৰম আৰু অস্বাভাৱিক ৰখা দেখা যায়। সন্তানক দিয়া সেইসমূহ অস্বাভাৱিক নামে ইতিমধ্যেই সংবাদমাধ্যমত শিৰোনাম লাভ কৰিছে।
শেহতীয়াকৈ এগৰাকী পিতৃয়ে নিজৰ বৃত্তিক সন্মান জনোৱাৰ উদ্দেশ্যে সদ্যজাত সন্তানৰ যি নাম ৰাখিলে, সেয়া সঁচাকৈয়ে ব্যতিক্ৰম । ফিলিপাইনছৰ এইগৰাকী পিতৃয়ে ইণ্টাৰনেটৰ প্ৰতি থকা ভালপোৱা, মৰম আৰু দুৰ্বলতাৰ বাবেই নিজৰ সন্তানৰ নাম ৰাখিলে এইচটিএমএল (HTML)। এই সম্পৰ্কে এটা ফেচবুক পোষ্ট বহুলভাৱে প্ৰচাৰিত হৈ আছে ছ'চিয়েল মিডিয়াত। এই ফেচবুক পোষ্ট ভাইৰেল হোৱাৰ পিছতেই প্ৰতিগৰাকী ইণ্টাৰনেট ব্যৱহাৰকাৰীক শান্ত হ'বলৈ আহ্বান জনাইছে পৰিয়ালটোৱে।
প্ৰতিবেদন অনুসৰি, এই অনন্য নামৰ কৃতিত্বৰ আঁৰত আছে নৱজাতক সন্তানটিৰ পিতৃ মেক পাস্কুৱাল। বৃত্তিগতভাৱে মেক হৈছে এজন ৱেব ডেভেলপাৰ।
The Inquirer.netৰ সৈতে হোৱা এক সাক্ষাৎকাৰত পাস্কুৱালে কৈছিল যে অনন্য নামাকৰণ কৰাৰ ক্ষেত্ৰত তেওঁলোকৰ পৰিয়ালৰ ইতিহাস আছে। তেওঁ কৈছিল যে তেওঁৰ ভায়েক মেকৰ প্ৰকৃত নাম মেকাৰোনি ৮৫ (Macaroni 85) আৰু ভগ্নীৰ নাম স্পেঘেটি ৮৮ (Spaghetti 88) ।
প্ৰতিবেদন অনুসৰি, পাস্কুৱালৰ ভগ্নী স্পেঘেটিৰ দুটা সন্তানৰ নাম চীজৰ দ্বাৰা অনুপ্ৰাণিত। তেওঁলোকৰ নাম হৈছে চীজ পিমিয়েণ্টো (Cheese Pimiento)আৰু পাৰমেচন চীজ (Parmesan Cheese)। আৰু তেওঁলোকৰ নিকনেম বা উপ-নাম হৈছে চিপ্পি (Chippy)আৰু পিউই (Peewee) আছে। কেৱল এয়াই নহয় তেওঁলোকৰ দুই সম্পৰ্কীয় ভাই-ভনীৰ নাম হৈছে ডিজাইন আৰু ৰিচাৰ্ছ।
ছ'চিয়েল মিডিয়াত ভাইৰেল হৈ পৰা এই পোষ্টটোত লোকসকলৰ মিশ্ৰিত প্ৰতিক্ৰিয়া দেখা গৈছিল। কিছুমানে উপহাস কৰি কৈছিল যে তেওঁলোকে X Æ A-Xii শিশুটোৰ নাম দিয়া নাছিল, যিটো ইলন মাস্কে তেওঁৰ নৱজাতকক দিয়া এক অনন্য নাম আছিল। কিন্তু ইণ্টাৰনেট ব্যৱহাৰকাৰীসকলৰ বহুতেই হতাশ হৈ মত প্ৰকাশ কৰিছিল যে শিশুটোক তাৰ নামৰ বাবেই বিদ্যালয়ত উৎপীড়ন চলোৱা হ'ব।
অৱশ্যে, এই ক্ষেত্ৰত চিনছিয়েৰলি পাস্কুৱাল নিজৰ স্থিতিত অটল আছিল আৰু নামটোৰ বাবে উৎপীড়নৰ সন্মুখীন হ'ব বুলি কোৱা লোকসকলক তীব্ৰ সমালোচনা কৰিছিল। বিদ্যালয়ত উপহাস কৰাৰ বিষয়ে মানুহৰ উদ্বেগৰ প্ৰতি প্ৰতিক্ৰিয়া ব্যক্ত কৰি তেওঁ কৈছিল যে হাইপাৰটেক্সট মাৰ্কাপ লেংগুৱেজৰ কোনো অৰ্থ প্ৰাক-বিদ্যালয় আৰু গ্ৰেড-স্কুলাৰসকলৰ বাবে নহ'ব। মহিলাগৰাকীয়ে তেওঁলোকৰ সন্তানক এইটো শিকাবলৈ আহ্বান জনাইছিল যে সকলো মানুহৰে সাধাৰণ নাম নাথাকে।