ৰাজ্যত এতিয়া বানৰ বিভীষিকা, দুৰ্যোগৰ সময়ত ৰাজ্যবাসীৰ কাষত থিয় হৈছে ব্ৰিটিছ ফুটবল ক্লাৱ ‘Arsenal’ আৰু দালাই লামা

News18 Assam | News18-Assam
Updated:July 19, 2020, 6:52 PM IST
ৰাজ্যত এতিয়া বানৰ বিভীষিকা, দুৰ্যোগৰ সময়ত ৰাজ্যবাসীৰ কাষত থিয় হৈছে  ব্ৰিটিছ ফুটবল ক্লাৱ ‘Arsenal’ আৰু দালাই লামা
ৰাজ্যৰ মুঠ ৩৩ খন জিলাৰ ভিতৰত ২৮ খনেই এতিয়া বানৰ কবলত

ৰাজ্যৰ মুঠ ৩৩ খন জিলাৰ ভিতৰত ২৮ খনেই এতিয়া বানৰ কবলত

  • Share this:
ৰাজ্যত এতিয়া বানৰ বিধ্বংসী ৰূপ। চাৰিওফালে কেৱল পানী আৰু পানী। ৰাজ্যৰ ৩৩ খন জিলাৰ ২৮ খনেই এতিয়া বানৰ কবলত। এতিয়ালৈকে বানপানীৰ ফলত মৃত্যুক সাৱটি লৈছে ৭৬জনকৈ লোকে। ইয়াৰ পূৰ্বে খহনীয়াত প্ৰাণ গৈছিল ২৬ জনলৈ লোকৰ।



ৰাজ্যৰ এনে দুৰ্যোগৰ সময়ত এতিয়া আগবাঢ়ি আহিছে ব্ৰিটিছ ফুটবল ক্লাৱ আৰ্চেনাল(Arsenal)। বিশ্বৰ শীৰ্স্থানীয় ফুটবল ক্লাৱটোৱে এতিয়া এনে দুৰ্যোগৰ সময়ত ৰাজ্যবাসীৰ সৈতে একেলগে থকা বুলি উল্লেখ কৰিছে ছচিয়েল মিডিয়াত। ছচিয়েল মিডিয়াত ভিডিঅ’ শ্বেয়াৰ কৰি ইংলিচ ফুটবল ক্লাৱটোৱে  “We are with you” লিখাৰ লগতে অসমীয়াতো ‘আমি আছো আপোনালোকৰ লগত’ লিখিছে। ক্লাৱটোৰ এনে পদক্ষেপক এতিয়া একেমুখে প্ৰশংসা কৰিছে সকলোৱে।










View this post on Instagram





Stay strong, Assam


A post shared by Arsenal Official (@arsenal) on






আনহাতে ৰাজ্যৰ শেহতীয়া বান পৰিস্থিতিৰ সন্দৰ্ভত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাললৈ পত্ৰ লিখিলে দালাই লামাই। দালাই লামাই লিখিছে যে, মৌচুমীৰ ফলত এতিয়া অসমত নেৰা-নেপেৰা বৰষুণ। বৰষুণৰ ফলত অধিক অৱনমিত হৈছে বান পৰিস্থিতি। গতিকে ৰাজ্যক এনে পৰিস্থিতিৰ পৰা উদ্ধাৰ কৰিবলৈ সম্পূৰ্ণ সহযোগিতা আগবঢ়াব লাগে। আনকি দালাই লামা ট্ৰাষ্টৰ পৰা আগবঢ়োৱা হৈছে বান সাহাৰ্যও।
Published by: Himangshu Bhuyan
First published: July 19, 2020, 6:52 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading