চুপাৰমাৰ্কেটৰ এস্কেলেটৰৰ পৰা হুইলচেয়াৰৰ সৈতে বাগৰি পৰা বৃদ্ধৰ জীৱন ৰক্ষা কৰিলে এগৰাকী মহিলাই

News18 Assam | News18-Assam
Updated:April 23, 2021, 4:09 PM IST
চুপাৰমাৰ্কেটৰ এস্কেলেটৰৰ পৰা হুইলচেয়াৰৰ সৈতে বাগৰি পৰা বৃদ্ধৰ জীৱন ৰক্ষা কৰিলে এগৰাকী মহিলাই
এগৰাকী মহিলাই এস্কেলেটৰৰ তললৈ বাগৰি পৰা এজন বৃদ্ধক ৰক্ষা কৰাৰ দৃষ্টান্তমূলক কৃতিত্বই পুনৰ প্ৰমাণ কৰিছে যে সকলো নায়কে কেপ নিপিন্ধে। South China Morning Postৰ দ্বাৰা পোষ্ট কৰা ভিডিঅ'টো ইণ্টাৰনেটত বনজুইৰ দৰে বিয়পি পৰিছিল।

  • Share this:

ভিডিঅ'টোত দেখা গৈছে যে হুইলচেয়াৰত থকা এজন ব্যক্তি দুৰ্ঘটনাক্ৰমে এস্কেলেটৰৰ তললৈ বাগৰি পৰিছে। ঘটনাটোৱে কাউণ্টাৰত কাম কৰা দুগৰাকী মহিলাৰ দৃষ্টি আকৰ্ষণ কৰাৰ লগে লগে, তেওঁলোকে ব্যক্তিজনৰ ফালে দৌৰি আহে। নীলা জাম্পাৰ পিহি থকা এগৰাকী মহিলাক মানুহজনৰ ফালে দৌৰি যোৱা দেখা গৈছে। তেখেতে স্বতঃস্ফূৰ্তভাৱে হুইলচেয়াৰখন ধৰিছিল। ইয়াৰ বিপৰীতে বাগৰি পৰাৰ পৰা অৱৰোধ কৰিছিল, ইয়াক আৰু ঘূৰি যোৱাত বাধা দিয়াৰ লগতে মানুহজনক আঘাতপ্ৰাপ্ত হোৱাৰ পৰা ৰক্ষা কৰিছিল। তেখেতৰ পিছত ৰঙা জাম্পাৰ পিন্ধা আন এগৰাকী মহিলা আছিল।

SCMPয়ে শ্বেয়াৰ কৰা পোষ্ট অনুসৰি, মহিলাগৰাকীয়ে বৃদ্ধজনৰ চিঞৰ শুনি হুইলচেয়াৰখন ঘূৰি যোৱাৰ পৰা ৰখাবলৈ দৌৰি গৈছিল। এই গোটেই ঘটনাটোৰ সময়ত, এটা শিশুও আঘাতপ্ৰাপ্ত হৈছিল। হুইলচেয়াৰখনে শিশুটোক তললৈ ঘূৰি থকা অৱস্থাত খুন্দা মাৰিছিল। মানুহজনক পৰীক্ষা কৰাৰ পিছত, কৰ্মচাৰীজনে মাটিত পৰি যোৱা শিশুটোক তুলি ল’বলৈ গৈছিল।

মহিলাগৰাকীয়ে প্ৰকাশ কৰিছিল যে পুৰুষজনে আঘাট পোৱা নাছিল, আনহাতে শিশুটো সামান্য আঘাতপ্ৰাপ্ত হৈছিল। তেখেতে বাতৰি ৱেবছাইটটোক কৈছিল, "মই আঘাত পাম নে নাই সেইটোত মই গুৰুত্ব দিয়া নাছিলোঁ, মই কেৱল তেওঁলোকক বচাব বিচাৰিছিলো।"
ভিডিঅ'টো শ্বেয়াৰ কৰাৰ পিছৰে পৰা ই ভাইৰেল হৈ পৰিছে ।

ক্লিপটো শ্বেয়াৰ কৰোঁতে, এজন ব্যৱহাৰকাৰীয়ে লিখিছিল, "নিজকে বিপদৰ মুখলৈ ঠেলি এটা নিখুঁত ৰক্ষা আৰু স্বতঃস্ফূৰ্ত কেটচ/ব্লক।" তেওঁ লগতে কয় যে ৰঙা পোছাক পিন্ধা মহিলাগৰাকীক আৰম্ভণিতে আন দিশত যোৱা যেন লাগিছিল, কিন্তু তেখেতে অতি সোনকালেই উদ্ধাৰ অভিযানত যোগদান দিছিল।আন ব্যৱহাৰকাৰীসকলে তেখেতৰ বীৰত্বপূৰ্ণ কামৰ প্ৰশংসা কৰিছে আৰু তেখেতক 'ৰিয়েল হিৰো', সাহসী, 'বোধিসত্ত্ব' আৰু বহুতো নামেৰে অভিহিত কৰিছে।ৰেলপথত পৰি যোৱা এজন মানুহে এটা শিশুক ৰক্ষা কৰাৰ এনে এটা ভিডিঅ' শেহতীয়াকৈ ইণ্টাৰনেটত প্ৰকাশ পাইছে। শিশুটোক ৰেলখনে প্ৰায় খুন্দা মাৰিছিল যেতিয়া এজন মানুহে শিশুটিক নিজৰ জীৱন বিপদত পেলাই উদ্ধাৰ কৰিছিল।
Published by: Kokil Sarma
First published: April 23, 2021, 3:54 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি