গা ধুই থকাৰ মাজতে সাগৰৰ প্ৰচণ্ড ঢৌত উটি গ’ল মহিলা, তাৰ পিছত কি হ’ল? Viral Video

News18 Assam | News18-Assam
Updated:January 6, 2021, 4:31 PM IST
গা ধুই থকাৰ মাজতে সাগৰৰ প্ৰচণ্ড ঢৌত উটি গ’ল মহিলা, তাৰ পিছত কি হ’ল? Viral Video
বিকিনি পৰিধান কৰি স্নাত কৰি আছিল মহিলাগৰাকীয়ে।

বিকিনি পৰিধান কৰি স্নাত কৰি আছিল মহিলাগৰাকীয়ে।

  • Share this:
সাগৰৰ পাৰত স্নান কৰি আছিল এগৰাকী মহিলাই। হঠাত্‍ অহা প্ৰচণ্ড ঢৌৱে উটুৱাই লৈ যায় মহিলাগৰাকীক।  জানিব পৰা মতে, হাওৱাই দ্বীপৰ ওয়াহুৰ উত্তৰ পাৰত পত্নীৰ সৈতে অৱসৰৰ বিনোদনৰ বাবে গৈছিল অষ্ট্ৰেলিয়ান চাৰ্ফাৰ মিল্কী ৰাইট।  ৰাইটে ঘটনাৰ দুটা ভিডিঅ’ শ্বেয়াৰ কৰিছে নিজৰ ছচিয়েল মিডিয়াত ছাইটত।

সংবাদ মাধ্যমক এই উদ্ধাৰ কাৰ্যৰ পিছত দিয়া সাক্ষাত্‍কাৰত ৰাইটে কৈছে যে, ‘সেইদিনা তেওঁ পত্নীৰ সৈতে ৰিজৰ্টত সময় কটাইছিল। হাতত আছিল মোবাইল ফোন। সাগৰৰ ৰুক্ষ প্ৰকৃিতৰ ফটো তুলিছিল তেওঁ। সেই সময়তে তেওঁ আৰু তেওঁৰ পত্নীয়ে দেখে যে, এগৰাকী মহিলাক উটুৱাই লৈ যায় প্ৰচণ্ড ঢৌৱে।










View this post on Instagram






A post shared by Mikey Wright (@mikeywright69)






ঘটনাটো প্ৰত্যক্ষ কৰিয়েই পত্নীৰ হাতত মোবাইলটো দি ৰাইটে ৰিজৰ্টৰ পৰা ওলাই গৈ সাগৰত জাপ দিয়ে। আৰু মহিলাগৰাকীক উদ্ধাৰ কৰিবলৈ আগবাঢ়ি যায়।

ৰাইটৰ পত্নীয়ে তোলা ভিডিঅ’ত দেখা গৈছে যে, উদ্ধাৰকাৰী দলৰ বহুকেইজন সদস্যক পিছ পেলাই মহিলাগৰাকীৰ কাষ পাবলৈ সক্ষম হৈছিল চাৰ্ফাৰ। আৰু অৱশষেত উদ্ধাৰ কৰে মহিলাগৰাকীক।
Published by: Himangshu Bhuyan
First published: January 6, 2021, 4:31 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading