• Home
  • »
  • News
  • »
  • world
  • »
  • Pakistan Cricket Team : মই মুৰ্খ নেকি যে পাকিস্তান ক্ৰিকেট দলৰ প্ৰশিক্ষক হ'ম? পাকিস্তানৰ এইজন মহান ক্ৰিকেটাৰে এই মন্তব্য কৰাৰ পাছতে পাক ক্ৰিকেটত ধুমুহা।

Pakistan Cricket Team : মই মুৰ্খ নেকি যে পাকিস্তান ক্ৰিকেট দলৰ প্ৰশিক্ষক হ'ম? পাকিস্তানৰ এইজন মহান ক্ৰিকেটাৰে এই মন্তব্য কৰাৰ পাছতে পাক ক্ৰিকেটত ধুমুহা।

ৱাছিম আক্ৰামে ক'লে, "মই প্ৰায়েই ছচিয়েল মিডিয়াত এইয়া দেখি থাকোঁ যে আমাৰ দলৰ কিছু খেলুৱৈয়ে জ্যেষ্ঠ খেলুৱৈ আৰু প্ৰশিক্ষকৰ সৈতে অভদ্ৰ আচৰণ কৰে, যি আচৰণ মই কেতিয়াও সহ্য কৰিব নোৱাৰোঁ।"

ৱাছিম আক্ৰামে ক'লে, "মই প্ৰায়েই ছচিয়েল মিডিয়াত এইয়া দেখি থাকোঁ যে আমাৰ দলৰ কিছু খেলুৱৈয়ে জ্যেষ্ঠ খেলুৱৈ আৰু প্ৰশিক্ষকৰ সৈতে অভদ্ৰ আচৰণ কৰে, যি আচৰণ মই কেতিয়াও সহ্য কৰিব নোৱাৰোঁ।"

ৱাছিম আক্ৰামে ক'লে, "মই প্ৰায়েই ছচিয়েল মিডিয়াত এইয়া দেখি থাকোঁ যে আমাৰ দলৰ কিছু খেলুৱৈয়ে জ্যেষ্ঠ খেলুৱৈ আৰু প্ৰশিক্ষকৰ সৈতে অভদ্ৰ আচৰণ কৰে, যি আচৰণ মই কেতিয়াও সহ্য কৰিব নোৱাৰোঁ।"

  • Share this:
পাকিস্তানৰ শ্ৰেষ্ঠ অধিনায়কসকলৰ অন্যতম ৱাছিম আক্ৰামে ক'লে কিয় তেওঁ নহয় পাক ক্ৰিকেট দলৰ প্ৰশিক্ষক।

বিশ্বৰ শ্ৰেষ্ঠ বলাৰসকলৰ অন্যতম পাকিস্তানৰ প্ৰাক্তন অধিনায়ক ৱাছিম আক্ৰাম (Wasim Akram)এ পাক ক্ৰিকেট দল (Pakistan Cricket Team)ৰ প্ৰশিক্ষক নোহোৱাক লৈ অৱশেষত ভংগ কৰিলে নিজৰ মৌনতা। ৱাছিম আক্ৰামে ক'লে, "মই প্ৰায়েই ছচিয়েল মিডিয়াত এইয়া দেখি থাকোঁ যে আমাৰ দলৰ কিছু খেলুৱৈয়ে জ্যেষ্ঠ খেলুৱৈ আৰু প্ৰশিক্ষকৰ সৈতে অভদ্ৰ আচৰণ কৰে, যি আচৰণ মই কেতিয়াও সহ্য কৰিব নোৱাৰোঁ।"

ৱাছিম আক্ৰামে ক'লে, "মই নিজকে প্ৰশিক্ষকৰ পদৰ বাবে যোগ্য বিবেচনা নকৰোঁ। কাৰণ প্ৰশিক্ষক এজনে বছৰৰ ২০০ৰ পৰা ২৫০ দিন দলৰ সৈতে বিদেশতে কটাব লাগে। মই নাভাবোঁ, মই ইমান দীঘলীয়াকৈ পাকিস্তানৰ পৰা আঁতৰি থাকিব পাৰিম?"

আক্ৰামে আকৌ কয় যে দেশখনত খেলুৱৈ আৰু ক্ৰিকেট প্ৰেমীসকলৰ প্ৰশিক্ষকৰ প্ৰতি মনোভাৱ যথেষ্ট বেয়া। ক্ৰিকেট প্ৰেমীসকলে প্ৰশিক্ষককে দলৰ বেয়া প্ৰদৰ্শনৰ বাবে জগৰীয়া কৰে। আক্ৰাম কেৱল ক্ৰিকেটৰ ফেনছসকলৰ প্ৰতিয়েই ক্ষুব্ধ নহয়, একাংশ ছিনিয়ৰ খেলুৱৈৰ আচৰণক লৈও তেওঁ অসন্তুষ্ট। তেওঁ ক'লে যে মই মুৰ্খ নহয়; মই প্ৰায়েই ছচিয়েল মিডিয়াত দোখোঁ যে কিছু খেলুৱৈয়ে কেনেকৈ জ্যেষ্ঠ খেলুৱৈ আৰু প্ৰশিক্ষকক বেয়া ব্যৱহাৰ কৰে!

আক্ৰামে আৰু কয় যে খেল এখন খেলুৱৈয়েহে খেলে, প্ৰশিক্ষকে কেৱল ৰণ কৌশলহে তৈয়াৰ কৰে। সেয়ে দলে যদি হাৰে তাৰ বাবে অকলে তেওঁ দোষী হ'ব নোৱাৰে। এনে পৰিস্থিতিত অন্ততঃ মই প্ৰশিক্ষকৰ বিৰুদ্ধে অশুভ মন্তব্য সহ্য কৰিব নোৱাৰোঁ আৰু মই এই কথাটোৱেই ভয় কৰোঁ।

উল্লেখ্য যে ইমাৰণ খানৰ পিছতেই পাকিস্তান ক্ৰিকেট দলক সৰ্বাধিক ১০৯খন এদিনীয়া ক্ৰিকেট খেলত অধিনায়কৰূপে নেতৃত্ব দিছিল ৱাছিম আক্ৰামে। ইয়াৰ ভিতৰত ৬৬খনত জয়ী হৈছিল আৰু ৪১ খনত পৰাজয় হৈছিল পাক দল।
Published by:Manjumoni Borah
First published: