বিবাহ ভৱনৰ কৰ্মচাৰীয়ে শাহুৱেকৰ পোছাকত পেলালে গ্ৰেভী! লগে লগে কইনাই কৰ্মচাৰীক উপহাৰ দিলে ৫,৫০০ টকা

News18 Assam | News18-Assam
Updated:April 17, 2021, 4:41 PM IST
বিবাহ ভৱনৰ কৰ্মচাৰীয়ে শাহুৱেকৰ পোছাকত পেলালে গ্ৰেভী! লগে লগে কইনাই কৰ্মচাৰীক উপহাৰ দিলে ৫,৫০০ টকা
বহু ঠাইত প্ৰচলিত এক গুৰুত্বপূৰ্ণ নিয়ম হ'ল, প্ৰথমে কইনাৰ সৈতে কথা নপতাকৈ বগা পোছাক পিন্ধিব নালাগে বিয়ালৈ অহা আলহীয়ে।

বহু ঠাইত প্ৰচলিত এক গুৰুত্বপূৰ্ণ নিয়ম হ'ল, প্ৰথমে কইনাৰ সৈতে কথা নপতাকৈ বগা পোছাক পিন্ধিব নালাগে বিয়ালৈ অহা আলহীয়ে।

  • Share this:
বিয়া! বিয়াত জাকজমকতাপূৰ্ণ পোছাক পৰিধান কৰাটো বৰ্তমান এক ট্ৰেণ্ডত পৰিণত হৈছে। কিন্তু ঠাই বিশেষে বিয়াত পৰিধান কৰিবলগীয়া পোছাকৰ ক্ষেত্ৰতো বহু নিয়ম নীতি থকা দেখা যায়।

বহু ঠাইত প্ৰচলিত এক গুৰুত্বপূৰ্ণ নিয়ম হ'ল, প্ৰথমে কইনাৰ সৈতে কথা নপতাকৈ বগা পোছাক পিন্ধিব নালাগে বিয়ালৈ অহা আলহীয়ে। কিন্তু কেতিয়াবা, সকলো পৰিকল্পনা সঠিক ভাবে কৰিলেও সময়ত সকলোবোৰ সঠিক ভাবে নহয়। এগৰাকী মহিলাই ছচিয়েল মিডিয়াত শ্বেয়াৰ কৰিছে এক আমোদজনক ঘটনা।

যেতিয়া মহিলাগৰাকীয়ে বিবাহ ভৱনৰ কৰ্মচাৰী হিচাপে কাম কৰি আছিল, তেতিয়া তেওঁৰ হাতৰ পৰা প্ৰায়ে খাদ্য সামগ্ৰী পৰি গৈছিল। কিন্তু এবাৰ এখন বিয়াত মহিলাগৰাকী এক অস্বস্তিকৰ পৰিস্থিতিৰ মুখামুখি হ'বলগীয়া হৈছিল। মহিলাগৰাকীৰ হাতৰ পৰা ভুলবশতঃ খাদ্য সামগ্ৰী দৰাৰ মাকৰ শৰীৰত পৰি গৈছিল। খাদ্য সামগ্ৰী খিনি গৰম হৈ থকাৰ বাবে মহিলাগৰাকীৰ শৰীৰৰ কেইবা ঠাইতো পুৰি গৈছিল। পিন্ধি থকা পোছাক সম্পূৰ্ণ ৰূপে নষ্ট হৈ গৈছিল। ভয়তে মলিগাৰকাৰীয়ে কান্দিবলৈ আৰম্ভ কৰিছিল। কিন্তু শাহুৱেকৰ পোছাকত খাদ্য সামগ্ৰী পেলাই মহিলাগৰাকীয়ে ধমক খোৱাৰ পৰিৱৰ্তে কইনাৰ পৰা লাভ কৰিলে উপহাৰ।

মহিলাগৰাকীৰ অৱস্থা দেখি কইনা তেওঁৰ ওচৰলৈ আহে আৰু ৫৫ পাউণ্ডৰ টিপ দিয়ে। চাৰ্ভাৰৰ মতে, কইনাই কৈছিল যে, তেখেতেৰ শাহুৱেকে বিবাহৰ দিনা বগা পোছাক পিন্ধিব নালাগিছিল। কিন্তু মহিলাগৰাকীয়ে যিহেতু বগা পোছাক পৰিধান কৰি আছিল, গতিকে তেওঁৰ লগত এনে ঘটনা সংঘটিত হ'ল বুলি কইনাগৰাকীয়ে বিশ্বাস কৰে।
Published by: Himangshu Bhuyan
First published: April 17, 2021, 4:41 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি