ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাডিমিৰ পুটিনে ইউক্ৰেইনৰ এটা অংশক অৰ্থাত পূব ইউক্ৰেইনক এখন নতুন ৰাষ্ট্ৰ ৰূপে স্বীকৃতি দিয়ে। পুটিনে ৰাষ্ট্ৰ নিৰ্মাণৰ এই নিৰ্দেশত স্বাক্ষৰো কৰে। সেই অনুযায়ী ইউক্ৰেইনৰ লুহানস্ক আৰু ডোনেস্ক (Donetsk and Luhansk regions) ভূখণ্ড পৃথক দেশ হ'ব পাৰে। পূব ইউক্ৰেইনত থকা লুহানস্ক আৰু ডোনেস্কক লৈ নতুন ৰাষ্ট্ৰ নিৰ্মাণৰ সিদ্ধান্ত লোৱাৰ ক্ষেত্ৰত পুটিনে কয়- ''ৰাছিয়াৰ ইতিহাসৰ সৈতে সম্পৰ্কিত এই অঞ্চল। ইউক্ৰেইন আমাৰ পুৰণি সহযোগী গতিকে পূব ইউক্ৰেইনৰ ওপৰত এটা কঠিন সিদ্ধান্ত ল'ব লগা হৈছে। আমি ইউক্ৰেইনক সাম্যবাদৰ সত্যতা দেখুৱাবলৈ সাজু।'' পুটিনে লগতে কয় যে ৰাছিয়াৰ সংসদৰ সকলো অধিকাৰ আছে।
ৰাষ্ট্ৰপতিগৰাকীৰ (Vladimir Putin) মতে ১৯৯১ চনৰ পৰা ২০১৩ চনলৈ ৰাছিয়াই ইউক্ৰেইনক সহায় কৰিছিল। পূৰ্বৰ ছোভিয়েট ইউনিয়নৰ সকলো ৰাজ্যৰ মুক্ত হোৱাৰ অধিকাৰ আছে। ইউক্ৰেইনত ৰাছিয়াৰ লোকসকলৰ সৈতে বৈষম্যমূলক আচৰণ কৰা হৈছে। ৰাছিয়াৰ ৰাষ্ট্ৰপতি পুটিনে কয়, "ইউক্ৰেইনৰ মানুহে জানে নে যে তেওঁলোকৰ দেশ এখন উপনিৱেশত পৰিণত হৈছে? ইউক্ৰেইনৰ লোকসকলৰ ওচৰত কোনো ধন নাই। সকলো ঠাইৰ পৰা ৰাছিয়ান ভাষা আঁতৰ কৰাৰ ষড়যন্ত্ৰ চলি আছে। বিদ্যালয় তথা কাৰ্যালয়ৰ পৰা ৰাছিয়ান ভাষাটো বিলুপ্ত কৰা হৈছে। ৰাছিয়াৰ ওচৰত প্ৰমাণ আছে যিয়ে দেখুৱায় যে ইউক্ৰেইনত ৰাছিয়ানসকলৰ বিৰুদ্ধে বৈষম্যমূলক আচৰণ কৰা হৈছে।''
ইউক্ৰেইনৰ আছে পৰমাণু বোমা- পুটিন
ৰাছিয়াৰ ৰাষ্ট্ৰপতি পুটিনে কয় যে ইউক্ৰেইনৰ পৰমাণু বোমা আছে। ইউক্ৰেনে ক্ৰিমিয়াৰ ওপৰত আক্ৰমণৰ পৰিকল্পনা কৰিছে। পুটিনে কয়- "আমি ইউক্ৰেইনক ৰাছিয়াৰ বাবে ভাবুকি হ'বলৈ নিদিওঁ।''
আমেৰিকাই ৰাছিয়াক শক্তিশালী চাব নিবিচাৰে।
তেওঁ লগতে ইউক্ৰেইনৰ সামৰিক বাহিনীৰ নাটো মুখ্য কাৰ্যালয়ৰ পৰা পৰিচালিত বুলি অভিযোগ কৰে। গতিকে ইউক্ৰেইনৰ নাটোত যোগদানে ৰাছিয়াৰ বাবে ভাবুকি সৃষ্টি কৰিব পাৰে। ৰাষ্ট্ৰপতি পুটিনে আৰু কয় যে আমেৰিকাই ইউক্ৰেইন আৰু জৰ্জিয়াক ব্যৱহাৰ কৰিছে। আমেৰিকাই ৰাছিয়াক শক্তিশালী হোৱাটো নিবিচাৰে। আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাজনীতি দুৰ্বল ৰাছিয়াৰ ওপৰত কেন্দ্ৰিত। তেওঁ অভিযোগ কৰি কয় যে ৰাছিয়াই আমেৰিকাৰ সহযোগত নাটোত যোগদান কৰাৰ ইচ্ছা প্ৰকাশ কৰিছিল যদিও সেই সময়ৰ ৰাষ্ট্ৰপতি ক্লিণ্টনে বিষয়টোত ভাল সঁহাৰি দিয়া নাছিল।
আক্ৰমণৰ উত্তৰ প্ৰত্যাক্ৰমণ
পুটিনে কয় যে ইউক্ৰেইন-ৰাছিয়াৰ মাজত যিধৰণৰ বিশ্বাস আছিল, সেয়া এতিয়া দুয়োখন দেশৰ দ্বাৰা হেৰাই গৈছে। "ইউক্ৰেইন সংকটৰ ক্ষেত্ৰত আমি আলোচনাৰ জৰিয়তে উত্তেজনা সমাধান কৰিবলৈ সাজু। কিন্তু আমাৰ বিৰুদ্ধে লোৱা পদক্ষেপ উত্তৰ দিবলৈও আমি সাজু। আমাৰ দেশৰ সুৰক্ষাৰ সকলো অধিকাৰ আছে। যদি কোনোবাই আমাক আক্ৰমণ কৰে, আমি উপযুক্ত প্ৰত্যুত্তৰ দিম। তেওঁ কয় যে ইউক্ৰেনে পূব ইউক্ৰেইন ডনবাছত প্ৰচুৰ সৈন্য মোতায়েন কৰিছে। তাত শিশু, বৃদ্ধ লোক আৰু মহিলা উপস্থিত থকা সত্ত্বেও ইউক্ৰেইনে তাত বৃহৎ সংখ্যক সৈন্য মোতায়েন কৰিছে।
পুটিনৰ সিদ্ধান্তক লৈ প্ৰতিক্ৰিয়াইউৰোপীয় ইউনিয়ন আৰু ইউকেৰ প্ৰধানমন্ত্ৰীসকলে পুটিনৰ সিদ্ধান্তক (Vladimir Putin recognised two separatist regions of Ukraine) গৰিহণা দিছে
ইউৰোপীয় ইউনিয়নে পুটিনৰ সিদ্ধান্তক গৰিহণা দি কয় যে তেওঁ আন্তৰ্জাতিক মিনস্ক চুক্তিৰ বৃহৎ উলংঘন কৰিছে। ইউৰোপীয় ইউনিয়নে ইউক্ৰেইনৰ সৈতে দৃঢ়ভাৱে থিয় হৈ আছে বুলি উল্লেখ কৰ। ব্ৰিটিছ প্ৰধানমন্ত্ৰী বৰিছ জনছনে পুটিনৰ সিদ্ধান্ত ইউক্ৰেইনৰ সাৰ্বভৌমত্ব আৰু অখণ্ডতাৰ উলংঘন বুলি আখ্যা দিয়ে।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|