• Home
  • »
  • News
  • »
  • world
  • »
  • Vladimir Putin: ৰাছিয়ান মহিলাসকলে ১০ টা সন্তান জন্ম দিব লাগিব ! ৰাষ্ট্ৰপতি পুটিনৰ নতুন আহ্বান ...

Vladimir Putin: ৰাছিয়ান মহিলাসকলে ১০ টা সন্তান জন্ম দিব লাগিব ! ৰাষ্ট্ৰপতি পুটিনৰ নতুন আহ্বান ...

ৰাছিয়ান চৰকাৰে ৰাছিয়ান মহিলাসকলক কমেও ১০ টা সন্তান জন্ম দিয়াৰ বাবে উৎসাহিত কৰিবলৈ আৰম্ভ কৰিছ। মহিলাসকলক সেই কামৰ বাবে 'পুৰস্কাৰ' হিচাপে  আৰ্থিক সাহায্যৰ কথাও ঘোষনা কৰা হৈছে। Vladimir Putin offers 13 lakhs for women each giving birth to 10 children. 

ৰাছিয়ান চৰকাৰে ৰাছিয়ান মহিলাসকলক কমেও ১০ টা সন্তান জন্ম দিয়াৰ বাবে উৎসাহিত কৰিবলৈ আৰম্ভ কৰিছ। মহিলাসকলক সেই কামৰ বাবে 'পুৰস্কাৰ' হিচাপে  আৰ্থিক সাহায্যৰ কথাও ঘোষনা কৰা হৈছে। Vladimir Putin offers 13 lakhs for women each giving birth to 10 children. 

ৰাছিয়ান চৰকাৰে ৰাছিয়ান মহিলাসকলক কমেও ১০ টা সন্তান জন্ম দিয়াৰ বাবে উৎসাহিত কৰিবলৈ আৰম্ভ কৰিছ। মহিলাসকলক সেই কামৰ বাবে 'পুৰস্কাৰ' হিচাপে  আৰ্থিক সাহায্যৰ কথাও ঘোষনা কৰা হৈছে। Vladimir Putin offers 13 lakhs for women each giving birth to 10 children. 

  • Share this:
শুনিবলৈ আচৰিত লাগিব পাৰে, কিন্তু এইটো সঁচা। যি সময়ত ভাৰত আৰু চীনৰ দৰে দেশে জন্ম নিয়ন্ত্ৰণৰ বাবে নতুন নতুন কৌশল অৱলম্বন কৰি আছে ঠিক তেনে সময়ত ৰাছিয়াই সম্পূৰ্ণ বিপৰীত দিশত গতি কৰিছে।
কাৰণ পৰৱৰ্তী পাঁচ বছৰত ৰাছিয়াৰ জনসংখ্যা আধা হৈ যাব পাৰে।
ৰাষ্ট্ৰসংঘৰ এক গোপন প্ৰতিবেদনত এই তথ্য পোৱা গৈছে।

কোভিড-১৯ মহামাৰীৰ পিছতেই ৰাছিয়া ইউক্ৰেইনৰ সৈতে যুদ্ধত লিপ্ত  হৈছে। মুখ্যতঃ এই দুটা কাৰণত, সেই দেশৰ জনসংখ্যা যথেষ্ট হ্ৰাস পাইছে।
ইয়াৰ ফলস্বৰূপে ৰাছিয়ান চৰকাৰে ৰাছিয়ান মহিলাসকলক কমেও ১০ টা সন্তান জন্ম দিয়াৰ বাবে উৎসাহিত কৰিবলৈ আৰম্ভ কৰিছ। মহিলাসকলক সেই কামৰ বাবে 'পুৰস্কাৰ' হিচাপে  আৰ্থিক সাহায্যৰ কথাও ঘোষনা কৰা হৈছে। এই সমগ্ৰ  পৰিকল্পনাটো ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনে নিজেই কৰিছে । পুটিনৰ নতুন আহ্বান  হৈছে ৰাছিয়াক জনবসতিপূৰ্ণ কৰি তোলা।

অৱশ্যে, বিশেষজ্ঞসকলে এই তত্ত্বৰ বিষয়ে যথেষ্ট চিন্তিত। ৰাছিয়াই প্ৰকৃততে কিহৰ বাবে পৰিকল্পনা কৰিছে? এগৰাকী নিৰাপত্তা বিশেষজ্ঞ জেনি মাথেৰে কৈছে  যে প্ৰতিগৰাকী ৰাছিয়ান মহিলাই ১০ টা সন্তান জন্ম দিব লাগিব আৰু উক্ত সন্তানৰ লালন পালনৰ বাবে  এবছৰ বয়সৰ পৰা দহ বছৰলৈ  চৰকাৰে  আৰ্থিক সাহায্য প্ৰদান কৰিব। অৱশ্যে, আৰ্থিক সহায় পোৱাৰ  ক্ষেত্ৰত এটা মুখ্য চৰ্ত হৈছে যে প্ৰতিটো শিশু স্বাস্থ্যৱান হোৱাৰ লগতে  জীয়াই থাকিব লাগিব। এই সকলো বিষয় পৰীক্ষা কৰাৰ পিছত ৰাছিয়ান চৰকাৰে এক মিলিয়ন ৰুবল মাতৃ গৰাকীক প্ৰদান কৰিব। যাৰ পৰিমাণ ভাৰতীয় মুদ্ৰাত প্ৰায় তেৰ লাখ টকা। উক্ত প্ৰকল্পটোৰ নাম মাদাৰ হেৰোইন ৰখা হৈছে। খবৰ পোৱা গৈছে যে ৰাছিয়াত কোভিড-19 ৰোগীৰ সংখ্যা  পুনৰ বৃদ্ধি পাবলৈ আৰম্ভ কৰিছে। ইউক্ৰেইনৰ সৈতে হোৱা যুদ্ধত কমেও ৫০,০০০ ৰাছিয়ান সৈন্য নিহত হৈছে। পুটিনৰ মতে, যিসকল লোকৰ পৰিয়াল বহুত ডাঙৰ, তেওঁলোক প্ৰকৃত দেশপ্ৰেমী। ইপিনে বিশেসাজ্ঞ জেনীয়ে কব বিচাৰে  যে ১৯৯০ ৰ দশকৰ পৰা ৰাছিয়াৰ জনসংখ্যা তেনেদৰে বৃদ্ধি হোৱা নাই। সেয়েহে, ৰাছিয়ান চৰকাৰে দেশখনৰ জনসংখ্যা বৃদ্ধি কৰিবলৈ প্ৰাণপণে চেষ্টা কৰি আছে। ৰাছিয়াৰ বিশেষজ্ঞসকলে প্ৰকল্পটো সফল হ'ব বুলি আশা প্ৰকাশ কৰিছে। তেওঁলোকৰ মতে  এই  প্ৰকল্পটোৰ আৰ্থিক সাহায্যৰ ঘোষণাই  ৰাছিয়াৰ মহিলাসকলক উৎসাহিত কৰিব। তেওঁলোকে অধিক সংখ্যক সন্তান জন্ম দি দেশলৈ অৱদান আগবঢ়াব।

কিন্তু প্ৰশ্ন উত্থাপিত হয়, মাত্ৰ তেৰ লাখ টকাৰে দহটা শিশুক ডাঙৰ-দীঘল কৰাটো সম্ভৱ নেকি?
আনহতে যুদ্ধৰ ফলস্বৰূপে, ৰাছিয়াৰ অৰ্থনীতি যথেষ্ট ক্ষতিগ্ৰস্ত হৈছে। তেনে ক্ষেত্ৰত এই টকাৰে ইমানবোৰ শিশুক খুৱাব পৰাটো কেনেকৈ সম্ভৱ? ইয়াৰ উপৰিও, এগৰাকী মহিলাই ইমান বোৰ সন্তান জন্ম দিয়াটো শাৰীৰিকভাৱে সম্ভৱ নেকি?
পুটিনে অৱশ্যে কৈছে যে যিসকল মহিলাই ইমান বোৰ সন্তান জন্ম দিয়ে তেওঁলোককো ৰাছিয়াৰ সেনাৰ পৰা সকলো ধৰণৰ আৰ্থিক আৰু চিকিৎসা সুবিধা প্ৰদান কৰা হ'ব।
Published by:Kokil Sarma
First published: