உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • world
    • »
    • Vladimir Putin Illness : ব্লাড কেঞ্চাৰত আক্ৰান্ত ভ্লাডিমিৰ পুটিন? ৰুছ ধনকুবেৰৰ দাবীক লৈ তোলপাৰ বিশ্ব

    Vladimir Putin Illness : ব্লাড কেঞ্চাৰত আক্ৰান্ত ভ্লাডিমিৰ পুটিন? ৰুছ ধনকুবেৰৰ দাবীক লৈ তোলপাৰ বিশ্ব

    ক্ৰিষ্টোফাৰ ষ্টিল নামৰ এগৰাকী প্ৰাক্তন ব্ৰিটিছ গুপ্তচৰে স্কাই নিউজক জনাইছে, ‘ৰাছিয়া আৰু অন্যান্য বিভিন্ন সূত্ৰৰ পৰা খবৰ পোৱা গৈছে যে পুটিন গুৰুতৰভাৱে অসুস্থ।’

    • Share this:

    ব্লাড কেঞ্চাৰত আক্ৰান্ত নেকি ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাডিমিৰ পুটিন? হঠাৎ বিয়পি পৰিছে এই খবৰ। অন্তত দুটি সূত্ৰৰ উদ্ধৃতিৰে আন্তৰ্জাতিক সংবাদ মাধ্যমত দাবী কৰা হৈছে, ৰাছিয়াৰ ৰাষ্ট্ৰপতি গুৰুতৰভাৱে অসুস্থ।

    ক্ৰিষ্টোফাৰ ষ্টিল নামৰ এগৰাকী প্ৰাক্তন ব্ৰিটিছ গুপ্তচৰে স্কাই নিউজক জনাইছে, ‘ৰাছিয়া আৰু অন্যান্য বিভিন্ন সূত্ৰৰ পৰা খবৰ পোৱা গৈছে যে পুটিন গুৰুতৰভাৱে অসুস্থ।’

    কেৱল প্ৰাক্তন ব্ৰিটিছ গুপ্তচৰগৰাকীয়ে নহয়, পুটিনৰ ঘনিষ্ঠ এগৰাকী ৰুছ ধনকুবেৰেও স্বীকাৰ কৰিছে, পুটিন ব্লাড কেঞ্চাৰত ভুগিছে। উক্ত ৰাছিয়ান ধনকুবেৰৰ কথোপকথনৰ এটা অডিঅ’ ক্লিপ লিক হোৱাৰ পিছতে এই তথ্য পোহৰলৈ আহিছে। আমেৰিকাৰ এখন আলোচনী নিউ লাইনছৰ হাতত সেই অডিঅ’ ক্লিপ আহি পৰিছে। অজ্ঞাত পৰিচয়ৰ সেই ৰুছ ধনকুবেৰগৰাকীয়ে এগৰাকী ব্যৱসায়ীৰ সৈতে পুটিনৰ স্বাস্থ্যক লৈ কথা পাতিছিল। সেই ক্লিপ মাৰ্কিন মেগাজিনখনৰ হাতত পৰিছে।

    ৰুছ ধনকুবেৰগৰাকীৰ দাবী অনুসৰি, ইউক্ৰেইনত আক্ৰমণৰ নিৰ্দেশ দিয়াৰ পূৰ্বেই ব্লাড কেঞ্চাৰৰ চিকিৎসাৰ বাবে পুটিনৰ পিঠিত এক অস্ত্ৰোপচাৰো হয়। অডিঅ’ ক্লিপত সেই ধন কুবেৰগৰাকীয়ে কোৱা শুনা গৈছে, ‘পুটিন পাগল হৈ গৈছে।’

    ইউক্ৰেইনত ৰাছিয়াৰ আক্ৰমণ আৰম্ভ হোৱাৰ পৰাই ৰাছিয়াৰ ৰাষ্ট্ৰপতিৰ স্বাস্থ্যক লৈ জল্পনা–কল্পনা আৰম্ভ হয়। কাৰণ বিভিন্ন অনুষ্ঠানত পুটিনৰ ভগ্ন স্বাস্থ্য সকলোৰে চকুত পৰিছিল।

    বিগত সপ্তাহত দ্বিতীয় বিশ্বযুদ্ধত ৰাছিয়াৰ বিজয় দিৱস উদযাপন অনুষ্ঠানতো উপস্থিত আছিল পুটিন। কিন্তু সেই অনুষ্ঠানত মঞ্চত বহি থকাৰ সময়ত তেওঁৰ ভৰি সেউজীয়া ৰঙৰ মোটা চাদৰৰ দৰে সামগ্ৰীৰে ঢকা আছিল। ডেইলী মেইলত প্ৰকাশিত ৰিপ’ৰ্টত দাবী কৰা হৈছে, সেই অনুষ্ঠানত পুটিনৰ চলা–ফুৰাও স্বাভাৱিক নাছিল।

    চলিত মাহৰ আৰম্ভণিতে বিভিন্ন সংবাদমাধ্যমৰ ৰিপ’ৰ্টত দাবী কৰা হয়, সম্ভৱত কেঞ্চাৰৰ চিকিৎসাত অস্ত্ৰোপচাৰ হ’ব পুটিনৰ শৰীৰত। সেই সময়ত সাময়িকভাৱে দেশৰ শাসনভাৰ ভেডাৰেল ছিকিউৰিটী ছাৰ্ভিচৰ প্ৰাক্তন মুৰব্বী আৰু ৰাছিয়াৰ ছিকিউৰিটী কাউন্সিলৰ বৰ্তমান চৰমপন্থী হিচাপে পৰিচিত নিকোলাই পাতৰুশেভেৰ হাতত তুলি দিব পাৰে পুটিনে।

    Published by:Sanjay Kumar Das
    First published: