IND vs PAK: খেলৰ পাছ বিচাৰিছিল বন্ধুৱে,কোহলীয়ে দিলে আশ্বৰ্যকৰ উত্তৰ!

News18-Assam
Updated:June 16, 2019, 2:06 PM IST
IND vs PAK: খেলৰ পাছ বিচাৰিছিল বন্ধুৱে,কোহলীয়ে দিলে আশ্বৰ্যকৰ উত্তৰ!
ভাৰত পাকিস্তানৰ মেচ মানেই যেন অন্য এক মাদকতা, খেলৰ টিকট নাপাই খেলুৱৈক পাছ বিচাৰিছে বিচাৰি হাহাকাৰ ক্ৰিকেট অনুৰাগীৰ।

ভাৰত পাকিস্তানৰ মেচ মানেই যেন অন্য এক মাদকতা, খেলৰ টিকট নাপাই খেলুৱৈক পাছ বিচাৰিছে বিচাৰি হাহাকাৰ ক্ৰিকেট অনুৰাগীৰ।

  • Share this:
মাজত আৰু মাত্ৰ কেইটামান মুহূৰ্ত! ভাৰতীয় সময়ত বিয়লি ৩ বজাৰ পৰা আৰম্ভ হ’ব চলিত বিশ্বকাপৰ ভাৰত আৰু পাকিস্তানৰ মাজত বহু উৎকণ্ঠিত মেচখন। মেচখনক লৈ এতিয়া অধীৰ আগ্ৰহেৰে অপেক্ষা কৰিছে ক্ৰিকেট অনুৰাগীয়ে। মেচৰ টিকট নাপাই এতিয়া বহুতে ভাৰতীয় দলৰ খেলুৱৈৰ পৰাও একাংশই বিচাৰিছে পাছ। ইয়াৰ পৰা হাত সৰা নাই ভাৰতৰ অধিনায়ক বিৰাট কোহলী। এগৰাকী বন্ধুৱে বিৰাটক খেলৰ পাছ বিচৰাৰ পিছত বিৰাট কোহলীয়ে দিয়া উত্তৰে এতিয়া বিশেষ চৰ্চা লাভ কৰিছে।

বিৰাটে কৈছেঃ ঘৰত ভাল টিভি আছে, খেল টিভিতে উপভোগ কৰিবা

পাকিস্তানৰ বিৰুদ্ধে মেচৰ আগত অধিনায়ক বিৰাট কোহলীক যেতিয়া মেচৰ টিকট আৰু পাছকৈ প্ৰশ্ন কৰা হৈছিল,তেতিয়া কোহলীয়ে কৈছিল–‘মোৰ বন্ধুৱে মোক খেল চাবলৈ যাম নেকি শুধিছিল,তেতিয়া মই কলো এই বিষয়ে মোক নুশুধিবা,আহিব বিচাৰিলে আহা, নহ’লে ঘৰত ইমান ভাল টিভি আছে, আৰামত ঘৰত বহিয়ে মেচ উপভোগ কৰা’

খেলৰ পাছ বিচৰা সন্দৰ্ভতো কোহলীয়ে কয় খেলুৱৈ সকলে কম সংখ্যকহে পাছ নিজৰ নামত লাভ কৰে, পৰিয়ালৰো কিছু সংখ্যকে খেল চাবলৈ বিচাৰে তেতিয়া পৰিয়ালৰ লোককে পাছ দিবলগীয়া হয়।
আৰু চাওক
পৰৱৰ্তী বাতৰি
corona virus btn
corona virus btn
Loading