মই ধোনীক বহুত সন্মান কৰো, ধোনীৰ বিষয়ে আৰু কি ক’লে কোহলীয়ে?

ধোনীক লৈ কোহলীয়ে কয় যে ধোনীৰ প্ৰতি মোৰ যথেষ্ট সন্মান আছে আৰু থাকিব।

News18-Assam
Updated:July 8, 2019, 9:13 PM IST
মই ধোনীক বহুত সন্মান কৰো, ধোনীৰ বিষয়ে আৰু কি ক’লে কোহলীয়ে?
ধোনীক লৈ কোহলীয়ে কয় যে ধোনীৰ প্ৰতি মোৰ যথেষ্ট সন্মান আছে আৰু থাকিব।
News18-Assam
Updated: July 8, 2019, 9:13 PM IST
ক্ৰিকেট বিশ্বকাপ ২০১৯ৰ প্ৰথমখন ছেমি ফাইনেলত মঙলবাৰে মুখামুখি হ’ব ভাৰত আৰু নিউজীলেণ্ড। ইয়াৰ পূৰ্বে ভাৰতীয় অধিনায়ক বিৰাট কোহলীয়ে কয় যে কিৱি বাহিনীৰ বিৰুদ্ধে ভাল প্ৰদৰ্শন কৰিব লাগিব। দলৰ ওপৰত সদায় চাপ আৰু বিশ্বাস থাকে। দলৰ কোনো খেলুৱৈয়ে নিজৰ কৃতিত্বৰ ওপৰত গুৰুত্ব নিদিয়ে। ধোনীক লৈ কোহলীয়ে কয় যে ধোনীৰ প্ৰতি মোৰ যথেষ্ট সন্মান আছে আৰু থাকিব।

ধোনীক লৈ বিৰাট কোহলীয়ে কয় – মোৰ বিশ্বাস ধোনীৰ বিষয়ে আপুনি যাকেই সোধে তেঁৱেই আপোনাক বিশেষভাৱে জনাব। বিশেষকৈ যিসকলে তেওঁ অধিনায়ক হৈ থকাৰ সময়ত খেলিবলৈ আৰম্ভ কৰিছে। যেতিয়া কোনো ব্যক্তিয়ে ইমানখিনি কৰে তেওঁক সন্মান কৰা উচিত। তেওঁ যি কৰিছে আমি তেওঁৰ প্ৰতি কৃতজ্ঞ। মোৰ মনত ধোনীৰ প্ৰতি শ্ৰদ্ধা সদায় থাকিব।
আৰু চাওক পৰৱৰ্তী বাতৰি