உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • world
    • »
    • বিৰাট কোহলী নহয়, ৱেষ্ট ইণ্ডিজত দলক নেতৃত্ব দিব ৰোহিত শৰ্মাই!

    বিৰাট কোহলী নহয়, ৱেষ্ট ইণ্ডিজত দলক নেতৃত্ব দিব ৰোহিত শৰ্মাই!

    ৱেষ্ট ইণ্ডিজলৈ যাবলগীয়া দলটোত কেইবাগৰাকীও আগশাৰীৰ খেলুৱৈ নাথাকিব বুলি অনুমান কৰা হৈছে।

    ৱেষ্ট ইণ্ডিজলৈ যাবলগীয়া দলটোত কেইবাগৰাকীও আগশাৰীৰ খেলুৱৈ নাথাকিব বুলি অনুমান কৰা হৈছে।

    ৱেষ্ট ইণ্ডিজলৈ যাবলগীয়া দলটোত কেইবাগৰাকীও আগশাৰীৰ খেলুৱৈ নাথাকিব বুলি অনুমান কৰা হৈছে।

    • Share this:
      চলিত বিশ্বকাপত পৰাজয়েৰে অভিযান সামৰিলে টীম ইণ্ডিয়াই। বৰ্তমান সকলোৰে দৃষ্টি নিবদ্ধ এম এছ ধোনীৰ ওপৰত। কাৰণ ধোনীৰ অৱসৰক লৈ চলিছে ব্যাপক চৰ্চা। বিশ্বকাপৰ পিছত টীম ইণ্ডিয়াই তিনিখন টি–২০, তিনিখন এদিনীয়া আৰু দুখন টেষ্ট খেলিবলৈ ৱেষ্ট ইণ্ডিজলৈ ৰাওনা হ’ব। এতিয়াও ৱেষ্ট ইণ্ডিজ ভ্ৰমণলৈ যোৱা দলটো ঘোষণা কৰা হোৱা নাই।

      ৰাষ্ট্ৰীয় বাছনি সমিতিয়ে দল নিৰ্বাচনৰ বাবে ১৭ বা ১৮ জুলাইত মুম্বাইত বৈঠকত বহিব। ৱেষ্ট ইণ্ডিজলৈ যাবলগীয়া দলটোত কেইবাগৰাকীও আগশাৰীৰ খেলুৱৈ নাথাকিব বুলি অনুমান কৰা হৈছে। অৱশ্যে সকলোৱে আশা কৰিছে যে এই দলটোত থাকিব এম এছ ধোনী।

      টাইমছ অৱ ইণ্ডিয়াৰ মতে, দীৰ্ঘ সময়ৰ পৰা ক্ৰিকেট খেলি থকাৰ বাবে বিৰাট কোহলীসহ কেইবাগৰাকী খেলুৱৈ ৱেষ্ট ইণ্ডিজ ভ্ৰমণলৈ নাযায়। কোহলীয়ে শ্বৰ্ট ফৰ্মেট ক্ৰিকেটৰ পৰা কিছুদিনৰ বাবে বিৰতি ল’ব, যিটো তেওঁৰ বাবে প্ৰয়োজনীয়। অৱশ্যে দুখনীয়া টেষ্ট
      শৃংখলাৰ পূৰ্বে দলত যোগদান কৰিব কোহলীয়ে।

      ইফালে, ৱেষ্ট ইণ্ডিজ ভ্ৰমণত এদিনীয়া আৰু টি–২০ত ৰোহিত শৰ্মাই নেতৃত্ব দিব দলক। ইয়াৰ উপৰি জছপ্ৰীত বুমৰাহ, হাৰ্দিক পাণ্ডিয়া, ভুবনেশ্বৰ কুমাৰ আৰু মহম্মদ ছামীও ধাৰাবাহিকভাৱে খেলি আছে। এই খেলুৱৈসকলকো বিশ্ৰাম দিয়া হ’ব পাৰে।
      First published: