শচীন তেণ্ডুলকাৰ, ব্ৰায়ান লাৰাৰ অভিলেখ ভংগ কৰিলে কোহলীয়ে

এতিয়ালৈ এই অভিলেখ ভাৰতৰ শচীন তেণ্ডুলকাৰ আৰু ৱেষ্ট ইণ্ডিজৰ ব্ৰায়ান লাৰাৰ নামত আছে।

News18-Assam
Updated:June 27, 2019, 5:22 PM IST
শচীন তেণ্ডুলকাৰ, ব্ৰায়ান লাৰাৰ অভিলেখ ভংগ কৰিলে কোহলীয়ে
এতিয়ালৈ এই অভিলেখ ভাৰতৰ শচীন তেণ্ডুলকাৰ আৰু ৱেষ্ট ইণ্ডিজৰ ব্ৰায়ান লাৰাৰ নামত আছে।
News18-Assam
Updated: June 27, 2019, 5:22 PM IST
ভাৰতীয় ক্ৰিকেট দলৰ অধিনায়ক বিৰাট কোহলীয়ে ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে ৩৭ ৰান সংগ্ৰহ কৰাৰ লগে লগে আন এক অভিলেখৰ অধিকাৰী হ’ল। আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত ২০ হাজাৰ ৰান সম্পূৰ্ণ কৰিলে কোহলীয়ে। কোহলীয়ে ২৫ অভাৰত জেছন হ’ল্ডাৰৰ চতুৰ্থটো বলত এক ৰান সংগ্ৰহ কৰাৰ পিছতে এই অভিলেখৰ গৰাকী হয়। ইয়াৰ লগতে কোহলীয়ে এ আটাইতকৈ দ্ৰুততাৰে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত ২০ হাজাৰ ৰান সম্পূৰ্ণ কৰা ক্ৰিকেটাৰ হিচাপে পৰিগণিত হয়। ৪১৭টা ইনিংছত কোহলীয়ে সংগ্ৰহ কৰে ২০ হাজাৰ ৰান। কোহলীয়ে এইপৰ্যন্ত ১৩১খন টেষ্ট, ২২৪খন এদিনীয়া আৰু ৬২খন টি–২০ ইনিংছ খেলিছে।

এতিয়ালৈ এই অভিলেখ ভাৰতৰ শচীন তেণ্ডুলকাৰ আৰু ৱেষ্ট ইণ্ডিজৰ ব্ৰায়ান লাৰাৰ নামত আছে। শচীন আৰু লাৰাই ৪৫৩টা ইনিংছত ২০ হাজাৰ ৰান সম্পূৰ্ণ কৰিছিল। অষ্ট্ৰেলিয়াৰ প্ৰাক্তন অধিনায়ক ৰিকি পণ্টিঙে ৪৬৪টা ইনিংছত সংগ্ৰহ কৰিছিল ২০ হাজাৰ ৰান।
আৰু চাওক পৰৱৰ্তী বাতৰি