কোহলীৰ সন্মুখত নতুন বিপদ, বাদ পৰিব নেকি ছেমি ফাইনেলৰ পৰা?

আজি ভাৰত আৰু শ্ৰীলংকাৰ মাজত হ’বলগীয়া মেচখনতে চুড়ান্ত হ’ব কোহলীয়ে বিশ্বকাপৰ ছেমি ফাইনেল খেলিব পাৰিব নে নাই!

News18-Assam
Updated:July 6, 2019, 8:13 AM IST
কোহলীৰ সন্মুখত নতুন বিপদ, বাদ পৰিব নেকি ছেমি ফাইনেলৰ পৰা?
আজি ভাৰত আৰু শ্ৰীলংকাৰ মাজত হ’বলগীয়া মেচখনতে চুড়ান্ত হ’ব কোহলীয়ে বিশ্বকাপৰ ছেমি ফাইনেল খেলিব পাৰিব নে নাই!
News18-Assam
Updated: July 6, 2019, 8:13 AM IST
বিশ্বকাপৰ ছেমি ফাইনেল খেলৰ প্ৰাক মুহূৰ্তত ভাৰতীয় ক্ৰিকেট দলৰ বাবে এটা বেয়া খবৰ! ছেমি ফাইনেল খেলাৰ সুযোগ পাবনে অধিনায়ক বিৰাট কোহলীয়ে? ইতিমধ্যে বিশ্বকাপৰ প্ৰতিখন মেচতে সুন্দৰ প্ৰদৰ্শন আগবঢ়াই কোহলীয়ে লৈছে দলৰ জয়ত অন্যতম গুৰুত্বপূৰ্ণ ভূমিকা। প্ৰতিখন মেচতে খেলিছে অৰ্ধ শতৰাণৰ ইনিংছ। কিন্তু তেনে সময়তে আহিছে ভাৰতীয় দলৰ বাবে এক দুৰ্ভাগ্যজনক খবৰ। খেল পথাৰত ক্ৰমাগত ভাৱে আম্পায়াৰৰ সৈতে তৰ্ক যুদ্ধত লিপ্ত হৈ এতিয়া বিপদত পৰিছে ভাৰতৰ অধিনায়ক বিৰাট কোহলী।

বাংলাদেশৰ বিৰুদ্ধে খেলত আম্পায়াৰৰ সিদ্ধান্তৰ বিৰুদ্ধে অসন্তুষ্টি ব্যক্ত কৰিছিল কোহলিয়ে।১২ নম্বৰৰ অভাৰত মহম্মদ ছামিৰ বলত বাংলাদেশৰ বেটছমেন সৌম্যা সৰকাৰ এল বি ডব্লিউ হোৱা বুলি ভাৰতে কৰিছিল আপীল। কিন্তু আম্পায়াৰে আউট নিদিয়াত ভাৰতে লৈছিল ৰিভিউ। একেসময়তে বেট আৰু পেডত বললগাৰ বাবে আউট দিয়া নাছিল থাৰ্ড আম্পায়াৰে। তাকে লৈ অসন্তুষ্ট হৈছিল ভাৰতীয় অধিনায়ক বিৰাট কোহলি। থাৰ্ড আম্পায়াৰৰ সিদ্ধান্তৰ পিছতো খেলপথাৰত থকা আম্পায়াৰৰ সৈতে তৰ্কাতৰ্কিত লিপ্ত হৈছিল কোহলী। ফলত আই চি চিৰ লেভেল ১ৰ নিয়ম অমান্য কৰাৰ অভিযোগ উত্থাপিত হৈছিল খেলুৱৈজনৰ বিৰুদ্ধে।



ইয়াৰ আগতেও বিশ্বকাপত আফগানিস্তানৰ বিৰুদ্ধে মেচৰ সময়ত আম্পায়াৰৰ সৈতে তৰ্ক যুদ্ধত লিপ্ত হোৱাৰ বাবে মেচ ৰেফাৰীয়ে ২৫ শতাংশ মেচ ফী কৰ্তন কৰিছিল বিৰাট কোহলীৰ। একেদৰে ইয়াৰ আগত দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে খেলা এখন টেষ্ট মেচ আৰু টি–২০ মেচতো খেলপথাৰত আম্পায়াৰৰ সৈতে তৰ্কত লিপ্ত হৈছিল কোহলী। আই চি চিৰ নতুন নিয়ম অনুসৰি ক্ৰমাগত চাৰিখন খেলত যদি মেচ ৰেফাৰীৰৰ ৰোষত পৰে তেন্তে খেলুৱৈগৰাকীক পৰৱৰ্তী এখন খেলৰ বাবে নিষিদ্ধ কৰা হয়।

আজি শ্ৰীলংকাৰ বিৰুদ্ধে অনুষ্ঠিত হ’ব মেচত যদি বিৰাট কোহলীয়ে আকৌ এবাৰ আম্পায়াৰৰ সৈতে তৰ্কত লিপ্ত হয়,তেন্তে ছেমিফাইনেল খেলত মেচ ৰেফাৰীয়ে নিষিদ্ধ কৰিব পাৰে অধিনায়ক বিৰাট কোহলীক!

 
আৰু চাওক পৰৱৰ্তী বাতৰি