• Home
  • »
  • News
  • »
  • world
  • »
  • Viral Tattoo : অসহ্য যন্ত্ৰণাকো সহ্য কৰি নিজেই নিজৰ ভৰিৰ তলুৱাত টেটু আঁকিলে মহিলাই, এতিয়া টকা দি ফটো কিনিব বিচাৰিছে মানুহে!

Viral Tattoo : অসহ্য যন্ত্ৰণাকো সহ্য কৰি নিজেই নিজৰ ভৰিৰ তলুৱাত টেটু আঁকিলে মহিলাই, এতিয়া টকা দি ফটো কিনিব বিচাৰিছে মানুহে!

Viral Tattoo : টেটুটোৰ ভিডিঅ' আৰু ফটো পোষ্ট কৰাৰ পিছতে হাজাৰ হাজাৰ মেছেজ আহিছিল লিলিথলৈ। ইয়াৰে বেছিভাগ মেছেজ পুৰুষৰ যিসকলে তেওঁৰ ভৰিৰ টেটুৰ ফটো বিচাৰিছিল। বহুতই  আনকি তেওঁক এই ফটোৰ বাবে টকা দিবলৈও ইচ্ছুক। 

  • Share this:
আজিকালি বহু মানুহেই টেটু (Tattoo) আঁকি ভাল পায়। বহুলোকে তেওঁলোকৰ গোটেই শৰীৰটোটেই টেটু কৰে। তীব্ৰ বিষৰ যন্ত্ৰণা এতিয়া পুৰণি কথা, টেটু কৰাটো এতিয়া নতুন ফেশ্বন। শৰীৰৰ বহু অংশত টেটু কৰিলে যথেষ্ট বিষ হয় (Painful Tattoo)। তথাপি মানুহে পিছ হুহকি নাযায়। শেহতীয়াকৈ এগৰাকী মহিলাই তেওঁৰ ভৰিৰ তলুৱাত এটা টেটু (Woman Made Tattoo on Sole of Foot) আঁকিছে। এতিয়া এই ছবিখন বহু লোকে লাখ টকা দি হলেও কিনিবলৈ ইচ্ছুক কৰি তোলে।

আমেৰিকা যুক্তৰাষ্ট্ৰৰ ডেনভাৰত (Denver, USA) বাস কৰা 24 বছৰীয়া লিলিথ কুইও (Lilith Cuoio) এগৰাকী টেটু আৰ্টিষ্ট। তেওঁ নিজৰ শৰীৰটো টেটু কৰি ভাল পায়। লিলিথে অলপতে তাইৰ ইনষ্টাগ্ৰামত এটা ভিডিঅ' শ্বেয়াৰ কৰিছিল য'ত নিজৰ ভৰিৰ তলুৱাত টেটু (Tattoo Artist Made tattoo on own foot) কৰা দেখা গৈছে। ভিডিঅ'টোত কোৱা মতে লিলিথে এই টেটু কৰাৰ সময়ত যথেষ্ট বিষ অনুভৱ কৰিছিল। মানুহৰ ভৰিৰ তলুৱা যথেষ্ট কোমল, গতিকে টেটু যন্ত্ৰৰ বেজীৰ ফলত বহুত বেছি বিষ হয়। লিলিথে ডেইলী ষ্টাৰ ৱেবছাইটক কয় যে ভৰিৰ তলুৱাত টেটু কৰাৰ আঁৰত কোনো নিৰ্দিষ্ট কাৰণ নাছিল। তেওঁ কেৱল চখতেই এই টেটু কৰিছিল।

টেটুটোৰ ভিডিঅ' আৰু ফটো পোষ্ট কৰাৰ পিছতে হাজাৰ হাজাৰ মেছেজ আহিছিল লিলিথলৈ। ইয়াৰে বেছিভাগ মেছেজ পুৰুষৰ যিসকলে তেওঁৰ ভৰিৰ টেটুৰ ফটো বিচাৰিছিল। বহুতই  আনকি তেওঁক এই ফটোৰ বাবে টকা দিবলৈও ইচ্ছুক।
Published by:Manjumoni Borah
First published: