নিজৰ দেশৰ সুৰক্ষাৰ বাবে সেনা বাহিনীত ভৰ্তি হোৱা আৰু সীমান্তত শত্ৰুৰ সৈতে যুঁজি দেশক ৰক্ষা কৰাৰ সপোন বহুতৰে থাকে। কিন্তু সাহস থকাসকলেহে এই সপোন পূৰণ কৰিব পাৰে। আমেৰিকাৰ এগৰাকী মহিলা বৰ্তমান চৰ্চিত হৈ পৰিছে কাৰণ তেওঁ সেনা বাহিনীৰ চাকৰি এৰাৰ পিছত এডাল্ট ছবিত কাম কৰা আৰম্ভ কৰি দিয়ে।
কায়লী গানাৰ (Kayley Gunner) ব্ৰডকাষ্ট কমিউনিকেচনৰ ছাত্ৰী আছিল। তাৰ পিছত তেওঁ আমেৰিকাৰ সেনা বাহিনীত কাম কৰাৰ সুযোগ লাভ কৰে। ৫ বছৰ সেনা বাহিনীত কাম কৰাৰ পিছত গানাৰে চাকৰি এৰি দিয়ে আৰু এডাল্ট কণ্টেণ্ট বনোৱাৰ কামত জড়িত হয়। ডেইলী ষ্টাৰ ৱেবছাইটৰ সৈতে কথাবাৰ্তাত তেওঁ কয় যে আৰ্মীত থকাৰ সময়তো তেওঁৰ দিন খুব ভাল আছিল, কিন্তু তেওঁ তাতকৈ বেছি ভাল পাইছে নিজকে নিউড ৰেকৰ্ট কৰাটো। সেইবাবে তেওঁ এডাল্ট ছবিৰ সৈতে জড়িত হোৱাৰ সিদ্ধান্ত লয়।
![]()
(Instagram/@kayleygunnerofficial)
তেওঁ কয় যে তেওঁ এডাল্ট ছবিত কাম কৰি আৰ্মীত কাম কৰাতকৈ অধিক উপভোগ কৰিছে। এতিয়া তেওঁ বিশ্বৰ আটাইতকৈ বিখ্যাত এডাল্ট ছবিৰ নায়িকা হ’ব বিচাৰে। কায়লীয়ে নিজৰ নিউড ফটো আৰু ভিডিঅ’ বিক্ৰী কৰি লাখ লাখ টকা উপাৰ্জন কৰি আছে।
শেহতীয়াকৈ কায়লীয়ে ৰেডিটৰ আস্ক মি এনিথিং ছেছনত নিজৰ অনুৰাগীৰ সৈতে বাৰ্তালাপ কৰে। তেওঁ কয় যে তেওঁৰ পছন্দৰ বন্দুক আছিল 7.62 mm M240 মেচিনগান। তেওঁক স্কোৱাড ছাপ’ৰ্টৰ টীমত অন্তৰ্ভুক্ত কৰা হৈছিল কিয়নো তেওঁ মজবুত আছিল আৰু পুৰুষ জোৱানৰ সৈতে সমানে কাম কৰিব পাৰিছিল। তেওঁ কয় – আৰ্মীত বহু ভাল মানুহক লগ পাব যাৰ সৈতে জীৱনৰ বাবে বন্ধুত্ব গঢ়ি উঠে। তেওঁ কয় যে তেওঁৰ স্কোৱাডৰ বন্ধুবৰ্গৰ সৈতে সম্পৰ্ক খুব ভাল আছিল যিবোৰ তেওঁ কেতিয়াও পাহৰিব নোৱাৰে। অৱশ্যে এতিয়া এডাল্ট ছবিত কাম কৰি তেওঁ নিজৰ ড্ৰীম জব কৰা বুলি উল্লেখ কৰে।
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|