உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • world
    • »
    • Rare Triplets : এয়া কি কৰিশ্মা ! এগৰাকী মহিলাই আচৰিত ধৰণে জন্ম দিলে ৩টা সন্তান ! কোটিৰ ভিতৰত মাত্ৰ এবাৰহে সম্ভৱ এনে অলৌকিক ঘটনা !

    Rare Triplets : এয়া কি কৰিশ্মা ! এগৰাকী মহিলাই আচৰিত ধৰণে জন্ম দিলে ৩টা সন্তান ! কোটিৰ ভিতৰত মাত্ৰ এবাৰহে সম্ভৱ এনে অলৌকিক ঘটনা !

    Rare Triplets : ইংলেণ্ড (England)ৰ চেশ্বায়াৰ (Cheshire)ত বাসিন্দা জিনা ডুডনি (Gina Dewdne) আৰু চিকিৎসকসকল (Doctors)ৰ বাবে আটাইতকৈ আচৰিত কথাটো আছিল যেতিয়া তেওঁলোকে গম পালে যে তিনিওটা সন্তানে একেটা প্লেচেণ্টা (Placenta)তে থিতাপি লৈছে।

    Rare Triplets : ইংলেণ্ড (England)ৰ চেশ্বায়াৰ (Cheshire)ত বাসিন্দা জিনা ডুডনি (Gina Dewdne) আৰু চিকিৎসকসকল (Doctors)ৰ বাবে আটাইতকৈ আচৰিত কথাটো আছিল যেতিয়া তেওঁলোকে গম পালে যে তিনিওটা সন্তানে একেটা প্লেচেণ্টা (Placenta)তে থিতাপি লৈছে।

    Rare Triplets : ইংলেণ্ড (England)ৰ চেশ্বায়াৰ (Cheshire)ত বাসিন্দা জিনা ডুডনি (Gina Dewdne) আৰু চিকিৎসকসকল (Doctors)ৰ বাবে আটাইতকৈ আচৰিত কথাটো আছিল যেতিয়া তেওঁলোকে গম পালে যে তিনিওটা সন্তানে একেটা প্লেচেণ্টা (Placenta)তে থিতাপি লৈছে।

    • Share this:
    আপুনি হয়তু  এগৰাকী মহিলাই একে সময়তে দুটা বা তিনিটা সন্তান (Triplets) জন্ম দিয়া কথা বহুবাৰ শুনিছে । বিবিচি (BBC)ৰ এক প্ৰতিবেদন অনুসৰি, দক্ষিণ আফ্ৰিকাৰ এগৰাকী মহিলাই (South African Woman) একে সময়তে ১০টা সন্তান (10 Children) জন্ম দি গিনীজ ৱৰ্ল্ড ৰেকৰ্ডছ (Guinness World Record)ত নাম উঠাবলৈ সক্ষম হৈছে। আজি কালি প্ৰায়েই এনে খবৰ পোৱা যায়। পিছে ইংলেণ্ড (England)ৰ এইগৰাকী মহিলাই এক বিৰল প্ৰক্ৰিয়াৰে একেলগে জন্ম দিলে তিনিটা সন্তানৰ। এইগৰাকী মহিলাৰ প্ৰসৱৰ ক্ষেত্ৰত এনে বিশেষ কি ঘটিল যি কোটিৰ ভিতৰতে কেৱল এবাৰহে (one-in-crores rarity) হোৱাটো সম্ভৱ বুলি কৈছে চিকিৎসকসকলেও ! এই মহিলাগৰাকীয়ে তিনিটা সন্তান প্ৰসৱ কৰিছিল, কেনেকৈ কৰিছিল জানিব নিবিচাৰে জানোঁ আপুনি!


     (ফটো: Instagram/@the_cheshire_triplets)

    ইংলেণ্ডৰ চেশ্বায়াৰ (Cheshire)ত বাস কৰা জিনা ডুডনি (Gina Dewdney) যোৱা বছৰ গৰ্ভৱতী (Pregnant) হৈছিল। যেতিয়া তেওঁ গৰ্ভধাৰণৰ পাছত স্কেন কৰিছিল, তেওঁ স্তম্ভিত হৈছিল যে তেওঁ ৩টা সন্তানৰ মাতৃ হ'বলৈ গৈ আছে। কিন্তু জিনা আৰু চিকিৎসকসকল (Doctors)ৰ বাবে আটাইতকৈ আচৰিত কথাটো আছিল যেতিয়া  তেওঁলোকে গম পালে যে তেওঁৰ তিনিওটা সন্তানে তেওঁৰ পেটত একেটা প্লেচেণ্টা (Placenta)তে থিতাপি লৈছে। চিকিৎসকসকলৰ মতে, এয়া এক অলৌকিক ঘটনা আৰু এনে কাকতলীয় ঘটনা কোটিটাৰ ভিতৰত কেৱল এবাৰহে সম্ভৱ। লিভাৰপুল ইকোৰ প্ৰতিবেদন অনুসৰি, জিমি, জেনচন আৰু জেকচন প্ৰিমেচিউৰ শিশু (Premature Babies) আৰু তিনিওটাৰ এই বছৰতে একেলগে জন্ম হৈছিল।


    (ফটো: Instagram/@the_cheshire_triplets)

    জীনাই এটা ৱেবছাইটৰ সৈতে হোৱা সাক্ষাৎকাৰত কৈছিল যে যেতিয়া তেওঁ গৰ্ভৱতী আছিল তেতিয়া তেওঁৰ অসহ্য মূৰৰ বিষ হৈছিল আৰু ৰাতি শুব পৰা নাছিল। তেওঁ কৈছিল যে তেওঁৰ স্কেনৰ আগতে অনুভৱ কৰিছিল যে তেওঁৰ গৰ্ভত একাধিক কেঁচুৱা  আছে। কিন্তু জীনা আচৰিত হৈছিল তেতিয়া যেতিয়া তেওঁ স্কেনত পেটত এটা নহয় তিনিটা সন্তান দেখা পাইছিল। ২৪তম সপ্তাহলৈ এইটো জনাই দিছিল যে তেওঁ তিনিটা ল'ৰা জন্ম দিবলৈ গৈ আছে। কিন্তু চিকিৎসকসকলে যেতিয়া দেখিছিল যে তেওঁৰ গৰ্ভৰ তিনিওটা সন্তানৰ প্লেচেণ্টা একে আছিল তেতিয়া সকলো আচৰিত হৈছিল। এইখিনিতে জনাই থওঁ যে প্লেচেণ্টা হৈছে গৰ্ভধাৰণৰ পিছত ভ্ৰূণৰ বিকাশ হোৱা এটা অংগ। এই  অংগৰ জৰিয়তে কেঁচুৱাটোৱে পুষ্টি পায় আৰু ই ভ্ৰূণৰ বিকাশ ঘটায়। চিকিৎসকসকলে কৈছিল যে এইটো প্ৰসৱ এটা অতিকে বিৰল ঘটনা যি কোটিৰ ভিতৰত কেৱল এবাৰহে হয়।
    Published by:Manjumoni Borah
    First published: