• Home
  • »
  • News
  • »
  • world
  • »
  • কোন দেশত চৰকাৰে নিষিদ্ধ কৰিলে গোলগাপ্পা? পঢ়ক সামাজিক মাধ্যমত মানুহৰ কেনে প্ৰতিক্ৰিয়া

কোন দেশত চৰকাৰে নিষিদ্ধ কৰিলে গোলগাপ্পা? পঢ়ক সামাজিক মাধ্যমত মানুহৰ কেনে প্ৰতিক্ৰিয়া

ভাৰতত যিটো খাদ্য ইমান জনপ্ৰিয়, সেই খাদ্য চুবুৰীয়া দেশত নিষেধ কৰা হৈছে।

ভাৰতত যিটো খাদ্য ইমান জনপ্ৰিয়, সেই খাদ্য চুবুৰীয়া দেশত নিষেধ কৰা হৈছে।

কিন্তু আপুনি জানেনে যে পৃথিৱীৰ এনে এখন দেশ আছে য’ত চৰকাৰে গোলগাপ্পা বিক্ৰী কৰাত নিষেধাজ্ঞা আৰোপ কৰিছে। এই দেশৰ বিষয়ে জানেনে?

  • Share this:
ফুচকা, গোলগাপ্পা, ফুল্কি, বটাশে, পানী-পুৰী, যি নামেৰেই আপুনি জানে, এই খাদ্য কিন্তু বৰ সোৱাদযুক্ত। ভাৰতত গোলগাপ্পা ইমানেই জনপ্ৰিয় যে প্ৰতিখন গোলগাপ্পা দোকানত ভিৰ দেখা পাব। বহুতে এবাৰতে কেইবাখনো প্লেট গোলগাপ্পা খাই পেলায়। কিন্তু আপুনি জানেনে যে পৃথিৱীৰ এনে এখন দেশ আছে য’ত চৰকাৰে গোলগাপ্পা বিক্ৰী কৰাত নিষেধাজ্ঞা আৰোপ কৰিছে। এই দেশৰ বিষয়ে জানেনে?

তেন্তে পলম নকৰাকৈ এই দেশৰ নাম কওঁ। আমাৰ চুবুৰীয়া দেশ নেপালত কিছুদিন পূৰ্বে চৰকাৰে গোলগাপ্পা নিষিদ্ধ কৰে। ছ’চিয়েল মিডিয়া চাইট Quora ত কোনোবাই এই বিষয়ে প্ৰশ্ন কৰাত মানুহে নিজৰ মতামত আগবঢ়ায়। Quora এনেকুৱা এটা ছ’চিয়েল মিডিয়া ৱেবছাইট য’ত সাধাৰণ মানুহে তেওঁলোকৰ প্ৰশ্ন উত্থাপন কৰে আৰু আনজনে উত্তৰ দিয়ে। শেহতীয়াকৈ কোনোবাই প্ৰশ্ন কৰিছিল- "নেপাল চৰকাৰে কিয় গোলগাপ্পা নিষিদ্ধ কৰিলে?"

নেপাল চৰকাৰে কিয় নিষিদ্ধ কৰিলে গোলগাপ্পা?
ইয়াৰ পিছত মানুহে নিজৰ মতামত ব্যক্ত কৰে আৰু এই প্ৰশ্নৰ উত্তৰ দিয়ে। জিতেন্দ্ৰ বাথামে কয়- “গোলগাপ্পা সাধাৰণ মানুহৰ বাবে স্বাভাৱিক স্তৰত মুকলি ঠাইত তৈয়াৰ কৰা হয়। বেছিভাগ বিপদ ইয়াৰ পানীৰ পৰা ঘটে। যিটো স্বচ্ছতা সুৰক্ষাৰ নিয়ম অবিহনে অতি ক্ষতিকাৰক হ’ব পাৰে। ক্ষতিকাৰক বেক্টেৰিয়াৰ বাবে নেপাল চৰকাৰে নিষেধাজ্ঞা আৰোপ কৰিছে। নীৰজ তিৱাৰীয়ে কয়- “কাঠমাণ্ডুত কলেৰা ৰোগীৰ সংখ্যা বৃদ্ধি পোৱাৰ বাবে নেপাল চৰকাৰে গোলগাপ্পা নিষিদ্ধ কৰিছে। তাত থকা স্বাস্থ্য বিভাগৰ বিষয়াসকলে জনোৱা মতে, গোলগাপ্পাৰ পানীত কলেৰাৰ বেক্টেৰিয়া পোৱা গৈছে।

নেপালত বৃদ্ধি পাবলৈ ধৰিছে কলেৰা ৰোগী
মানুহে বহু ধৰণৰ উত্তৰ দিছে, কিন্তু এতিয়া জানি লওক প্ৰকৃততে কি। বিজনেছৱৰ্ল্ড ৱেবছাইটৰ জুন মাহৰ প্ৰতিবেদন অনুসৰি কাঠমাণ্ডু উপত্যকাত কলেৰাৰ ৰোগী দ্ৰুতগতিত বৃদ্ধি পাইছিল। ইয়াৰ বাবেই ললিতপুৰ মহানগৰত গোলগাপ্পা বিক্ৰীত নিষেধাজ্ঞা আৰোপ কৰা হয়। গোলগাপ্পা নাখাবলৈ আৰু কলেৰাৰ লক্ষণ দেখা দিলেই ততাতৈয়াকৈ চিকিৎসকৰ ওচৰলৈ যাবলৈ স্বাস্থ্য মন্ত্ৰালয়ে জনাইছে।
Published by:Subham Goswami
First published:

শেহতীয়া বাতৰি