ছ'চিয়েল মিডিয়া হৈছে এনে এক ঠাই, য'ত বিভিন্ন ধৰণৰ অদ্ভুত ঘটনাৰ ভিডিঅ' ভাইৰেল হয়। কাৰণ তেনেধৰণৰ ভিডিঅ' সাধাৰণতে দেখা নাযায়। শেহতীয়াকৈ এগৰাকী যুৱতীৰ ভিডিঅ' ভাইৰেল।
যুৱতীগৰাকীয়ে চলন্ত বিমানত এনে কাম কৰিছে, যিটো যথেষ্ট নিন্দনীয় বুলি পৰিগণিত হৈছে। বিমানত সকলোৰে সন্মুখত এনে কাম কৰাৰ কথা কোনেও কল্পনা কৰিব নোৱাৰে।
যুৱতীগৰাকীয়ে বিমানখনত থকা আন যাত্ৰীসকলৰ সন্মুখতে এই লজ্জাজনক কামটো কৰিছিল। ছ'চিয়েল মিডিয়াত এই যুৱতীগৰাকীৰ ভাইৰেল হোৱা ভিডিঅ'টোৱে নেটিজেনসকলক আচৰিত কৰিছিল (woman hopping over other passengers in mid-flight)।
ভিডিঅ'টোত যুৱতীগৰাকীয়ে বিমানৰ আসনত বহি থকা এজন পুৰুষৰ ওপৰৰে উঠি যায়। মানুহজনে কিবা বুজি পোৱাৰ আগতেই তেওঁ সন্মুখত থিয় হয়। তেওঁৰ লগত আছিল এটি শিশুও। এনেদৰেই যুৱতীগৰাকীয়ে তেওঁক অতিক্ৰম কৰে। চিটত বহি থকা সকলোৰে সন্মুখেৰে থিয় হৈ বিমানখনৰ খিৰিকীৰ কাষৰ ছীটত বহে। এনেদৰে ইমূৰৰ পৰা সিমূৰলৈ গৈছিল।
প্লেনৰ ভিতৰত এই যুৱতীৰ ভিডিঅ' কৰিছিল এগৰাকী যাত্ৰীয়ে। ভাইৰেল ভিডিঅ'টোত যুৱতীগৰাকীৰ মুখখন দেখা পোৱা নাই।
Published by: Gautam Barman
First published: June 22, 2022, 21:34 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|