মাৰ্কিন যুক্তৰাষ্ট্ৰ নিবাসী এজন ব্যক্তিৰ ঘৰৰ সমীপত এক ৰহস্যময় ভিডিঅ’ ফুটেজ দেখি টোপনি নাইকীয়া হৈছে অঞ্চলবাসীৰ। সেই ভিডিঅ’ ছচিয়েল মিডিয়াত পোষ্ট কৰাৰ পিছতে ভাইৰেল হৈ পৰিছে। পেৰানৰ্মেলিটী মেগাজিনে এই ভিডিঅ’টো টুইটাৰত শ্বেয়াৰ কৰিছে। টুইটৰ কেপচনত লিখিছে ভিডিঅ’টো মুৰহেড ষ্টেটৰ সমীপত ধৰা পৰিছে।
ভিডিঅ’টো কিহৰ হ’ব পাৰে তাক লৈ বিশ্বজুৰি পেৰানৰ্মেল চৰ্চাত আগ্ৰহীসকলৰ মাজত বিতৰ্কৰ সৃষ্টি কৰিছে। ৩৩ ছেকেণ্ডৰ এই ভিডিঅ’টোত এক শীৰ্ণ শৰীৰৰ মানুহৰ ছাৰ দৰে দেখা গৈছে। সেই ছাটো ঘৰৰ পিছপালৰ বাগিচাৰ সমীপৰ গেটৰ সন্মুখত আগুৱাই গৈছে। ক্ষীণ আৰু ভাগি পৰা শৰীৰৰ ছাটোৱে ঘৰৰ মালিকৰ গাড়ীৰ সমীপলৈ যোৱাৰ সময়ত সাৱধানে ইফালে সিফালে চাইছে।
ক্লিপটোৰ অডিঅ’ত এজন লোকক কোৱা শুনা গৈছে, ‘কি অদ্ভুত! তেওঁৰ মুখখন স্পষ্ট দেখা গৈছে।’ ক্লিপটো আপলোডৰ সময়ত কেপচনত লিখা আছিল, ‘‘৯ জুলাই মুৰহেড, কেৱাইৰ সমীপত ছিকিউৰিটী কেমেৰাত ধৰা পৰা এক অশৰীৰী প্ৰাণীৰ ভিডিঅ’।’’ ভিডিঅ’টো আপলোড হোৱাৰ পিছতে প্ৰায় আধা মিলিয়ন লোকে প্ৰত্যক্ষ কৰিছে।
বিভিন্নজনে ভিডিঅ’টো দেখি নিজৰ মাজতে আলোচনাও আৰম্ভ কৰিছে। এজনে মন্তব্য কৰিছে, ‘মোৰ প্ৰশ্ন হ’ল, এয়া ইনফ্ৰাৰেড নেকি?’ আন এজনে কৈছে, ‘যদি এয়া ছিকিউৰিটী কেমেৰা হয়, তেন্তে কেমেৰাটো লৰিছে কিয়? দেখা ভাৱ হৈছে যে কোনোৱে কেমেৰাটো ধৰি আছে। ছিকিউৰিটী কেমেৰাবোৰ স্থিৰ হৈ থাকে, এইদৰে নুঘূৰে।’
পেৰানৰ্মেল বিষয়ত গৱেষণাৰত এজন লোকে উত্তৰ দিছে, ‘কেমেৰা কিয় লৰিছে তাৰ উত্তৰ আপুনি মণিটৰৰ গ্লাছত থকা ফুটেজ ৰেকৰ্ড কৰা লোকজনৰ ছাৰ পৰা জানিব পাৰিব, অৱশ্যে এই ধৰণৰ ৰেকৰ্ডিঙত মূল ফুটেজৰ গুণগত মান কমি যায়। আমি আচলতে কি দেখিছো সেয়া জনাৰ উপায় নাই।’
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|