তালিবানৰ মধ্যযুগীয় মানসিকতাৰ প্ৰমাণ এটাৰ পিছত এটাকৈ ওলাই আছে। সাংবাদিক ডানিছ ছিদ্দিকীক হত্যা কৰাৰ পিছত তালিবানে আন এগৰাকী প্ৰখ্যাত কমেডিয়ানক হত্যা কৰাৰ কথা স্বীকাৰ কৰে।
প্ৰথমাৱস্থাত এই হত্যাৰ কথা অস্বীকাৰ কৰিছিল যদিও কমেডিয়ানগৰাকীক গাড়ীত তুলি নি অত্যাচাৰ কৰাৰ এটা ভিডিঅ' ভাইৰেল হৈ পৰাৰ পিছতে হত্যাৰ কথা স্বীকাৰ কৰিবলৈ বাধ্য হয় তালিবান।
উল্লেখ্য নজৰ মহম্মদ নামৰ এগৰাকী জনপ্ৰিয় কৌতুক শিল্পীৰ গুলীবিদ্ধ মৃতদেহ উদ্ধাৰ হৈছিল কেইদিনমান আগেয়ে। ইয়াকে লৈ তালিবানক সন্দেহ কৰা হৈছিল যদিও তালিবানে এয়া অস্বীকাৰ কৰে। কিন্তু শেহতীয়াকৈ এক ভিডিঅ'ত কৌতুক শিল্পীগৰাকীক অত্যাচাৰ কৰা দৃশ্য পোহৰলৈ অহাত তালিবানে হত্যাৰ কথা স্বীকাৰ কৰে।
তালিবানৰ মতে, তেওঁ আফগান আৰক্ষীৰ কৰ্মী আছিল। কিন্তু এই কথা সত্য যদিও নজৰ মহম্মদ নামৰ লোকগৰাকী খাচা জৱান ৰূপেহে জনপ্ৰিয় হৈছিল ছ'চিয়েল মিডিয়া তথা আফগান সমাজত। আৰু তেওঁ আৰক্ষী ৰূপে কৰ্মৰত আছিল মূলতঃ মনোৰঞ্জনমূলক কাৰ্যৰ বাবে।
এতিয়া এই কৌতুক শিল্পীগৰাকীক অত্যাচাৰ কৰা ভিডিঅ' বিশ্বজুৰি ভাইৰেল হৈ পৰাৰ লগতে তালিবানৰ নিষ্ঠুৰতাক লৈ উদ্বিগ্ন হৈ পৰিছে বিশ্ব সমাজ। নজৰ মহম্মদক হত্যাৰ পিছত ছ'চিয়েল মিডিয়াত সমালোচনাৰ ধুমুহা আহিছে।
#Kandahar: Video of martyred Nazar Mohammad, the famous Kandahari comedian, has been circulating on social media showing the moments when the Taliban took him away from his home and eventually martyred him. #Afghanistan pic.twitter.com/JSkWaAmnHB
— RTA World (@rtaworld) July 27, 2021
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|