শ্ৰীলংকাত এতিয়া চলিছে নিয়ম ভঙাৰ নিয়ম। অগণন প্ৰতিবাদকাৰীয়ে ভিৰ কৰিছে দ্বীপ ৰাষ্ট্ৰখনৰ ৰাজধানী কলম্বোত। তেওঁলোকৰ দাবী, দেশজুৰি যি আৰ্থিক বিপৰ্যয়, তীব্ৰ খাদ্য আৰু ইন্ধনৰ সংকট চলিছে, তাৰ দায়িত্ব ল’বই লাগিব চৰকাৰে। শ্ৰীলংকাৰ প্ৰধানমন্ত্ৰী ৰনিল বিক্ৰমসিংঘেৰ বাসভৱনত বাহৰ পাতিছে বহু প্ৰতিবাদকাৰীয়ে। তেওঁলোকৰ দাবী, যেতিয়ালৈ প্ৰধানমন্ত্ৰী আৰু ৰাষ্ট্ৰপতিয়ে ইস্তাফা নিদিয়ে, তেওঁলোকে তাৰ পৰা নলৰে। (Sri Lanka Protest)
সম্প্ৰতি ভাইৰেল হোৱা এটা ভিডিঅ’ ক্লিপত দেখা গৈছে, প্ৰতিবাদকাৰীসকলে সিংহলী প্ৰধানমন্ত্ৰীৰ বাসভৱনত খাদ্য ৰান্ধিছে, তাছ আৰু কেৰম খেলিছে! ভিডিঅ’ৰ কেপচনত লিখা হৈছে, ‘‘কলম্বোত শ্ৰীলংকাৰ প্ৰধানমন্ত্ৰীৰ বাসভৱনত প্ৰতিবাদকাৰীয়ে খাদ্য ৰান্ধিবলৈ আৰম্ভ কৰিছে। দেশজুৰি আৰ্থিক বিপৰ্যয়ৰ মাজত তেওঁলোক তাতেই আছে।’’
সংবাদ প্ৰতিষ্ঠানক এক প্ৰতিবাদকাৰীয়ে জনাইছে, ‘‘আমি প্ৰধানমন্ত্ৰীৰ বাসভৱনৰ ভিতৰতে আছো। তাত আমি খাদ্য ৰান্ধিবলৈ আৰম্ভ কৰিছো। আমি প্ৰধানমন্ত্ৰী বিক্ৰমসিংঘে আৰু ৰাষ্ট্ৰপতি ৰাজাপক্ষেৰ ইস্তাফা দাবী কৰিছো। তেওঁলোকে পদত্যাগ কৰাৰ পিছতে আমি ইয়াৰ পৰা বাহিৰ হ’ম।’’
আন এটা ভিডিঅ’ত দেখা গৈছে প্ৰধানমন্ত্ৰীৰ বাসভৱনত জিম ব্যৱহাৰ কৰিছে প্ৰতিবাদকাৰীসকলে। আন কিছু ভিডিঅ’ত দেখা গৈছে তেওঁলোকে প্ৰধানমন্ত্ৰীৰ বাসভৱনত টিভিও চাইছে।
ইমানতে শেষ নহয়। ভাইৰেল হোৱা ভিডিঅ’ত দেখা গৈছে প্ৰধানমন্ত্ৰীৰ শয়নকক্ষত তেওঁলোকে বিচনাৰ ওপৰত উঠি তাণ্ডব চলাইছে। আনহাতে, দেশজুৰি এই পৰিস্থিতিৰ মাজতো শ্ৰীলংকাৰ ৰাষ্ট্ৰপতি গোটাবায়া ৰাজাপাক্ষেৰ কোনো সন্ধান পোৱা নাই এতিয়াও।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|