• Home
  • »
  • News
  • »
  • world
  • »
  • চলি আছিল লাইভ ৰিপৰ্টিং, অন কেমেৰা বন্দুকেৰে সাংবাদিকক আক্ৰমণ দুৰ্বৃত্তৰ! ভিডিও ভাইৰেল

চলি আছিল লাইভ ৰিপৰ্টিং, অন কেমেৰা বন্দুকেৰে সাংবাদিকক আক্ৰমণ দুৰ্বৃত্তৰ! ভিডিও ভাইৰেল

মুখা পিন্ধি অহা দুৰ্বৃত্তই সাংবাদিক, সংবাদ কৰ্মীৰ পৰা বন্দুক দেখুৱাই দাবী কৰিলে নগদ ধনৰ লগতে ম'বাইল ফোন।

মুখা পিন্ধি অহা দুৰ্বৃত্তই সাংবাদিক, সংবাদ কৰ্মীৰ পৰা বন্দুক দেখুৱাই দাবী কৰিলে নগদ ধনৰ লগতে ম'বাইল ফোন।

মুখা পিন্ধি অহা দুৰ্বৃত্তই সাংবাদিক, সংবাদ কৰ্মীৰ পৰা বন্দুক দেখুৱাই দাবী কৰিলে নগদ ধনৰ লগতে ম'বাইল ফোন।

  • Share this:
কাল্পনিক যেন লাগিলেও এয়া এক সঁচা ঘটনা!  লাইভ ৰিপৰ্টিঙৰ সময়তে সংঘটিত হ'ল এক ডকাইটিৰ ঘটনা। টেলিভিচনত লাইভ দি থকাৰ সময়তে অন কেমেৰা সাংবাদিকক বন্দুক দেখুৱাই ধন দাবী কৰিলে বন্দুকধাৰী দুৰ্বৃত্তই। যি দৃশ্য বন্দী হৈ ৰ'ল কেমেৰাত।

এই ঘটনা শুকুৰবাৰৰ। শুকুৰবাৰে ইকুৱেডৰত সংঘটিত হয় এই ঘটনা। স্কাই নিউজৰ মতে, ক্ৰীড়া সাংবাদিক ডিয়োগো অৰ্ডিনলাই বিগত সপ্তাহত গুয়াকিল চহৰৰ এস্তাদিঅ' মনোমেণ্টেলৰ বাহিৰৰ পৰা  ডাইৰেক্ট টিভি স্পৰ্টছৰ বাবে লাইভ দি থকাৰ সময়তে তেওঁলোকক বাধা প্ৰদান কৰে অস্ত্ৰধাৰী দলটোৱে।  মুখা পিন্ধি অহা দুৰ্বৃত্তই সাংবাদিক অৰ্ডিনলাক বন্দুক দেখুৱাই আৰু নগদ ধনৰ লগতে তেওঁলোকৰ ফোন কাঢ়ি ল'বলৈ চেষ্টা কৰে।



আৰু এই সমগ্ৰ ঘটনা নিজৰ কেমেৰাত বুদ্ধিৰে আবদ্ধ কৰে সাংবাদিকগৰাকীয়ে। পিছত ভিডিঅ' নিজৰ ইনষ্টাগ্ৰামত একাউণ্টত শ্বেয়াৰ কৰে সাংবাদিকগৰাকীয়ে। তেওঁ লিখে, "আমি ভালকৈ কাম কৰিব নোৱাৰো, আজি দুপৰীয়া ১ বজাত এস্তাদিঅ' মনোমেণ্টেলৰ বাহিৰত সংঘটিত হয় এই ঘটনা। লগে লগে ভাইৰেল হৈ পৰে সাংবাদিক আক্ৰমণৰ এই ভিডিঅ'।

ইপিনে আৰক্ষীয়ে দুৰ্বৃত্তক আটক কৰিবলৈ অভিযান আৰম্ভ কৰিছে বুলিও উল্লেখ কৰে সাংবাদিক অৰ্ডিনলাই।
Published by:Himangshu Bhuyan
First published: