চলি আছিল লাইভ ৰিপৰ্টিং, অন কেমেৰা বন্দুকেৰে সাংবাদিকক আক্ৰমণ দুৰ্বৃত্তৰ! ভিডিও ভাইৰেল

মুখা পিন্ধি অহা দুৰ্বৃত্তই সাংবাদিক, সংবাদ কৰ্মীৰ পৰা বন্দুক দেখুৱাই দাবী কৰিলে নগদ ধনৰ লগতে ম'বাইল ফোন।
মুখা পিন্ধি অহা দুৰ্বৃত্তই সাংবাদিক, সংবাদ কৰ্মীৰ পৰা বন্দুক দেখুৱাই দাবী কৰিলে নগদ ধনৰ লগতে ম'বাইল ফোন।
- News18 Assam
- Last Updated: February 20, 2021, 2:09 PM IST
এই ঘটনা শুকুৰবাৰৰ। শুকুৰবাৰে ইকুৱেডৰত সংঘটিত হয় এই ঘটনা। স্কাই নিউজৰ মতে, ক্ৰীড়া সাংবাদিক ডিয়োগো অৰ্ডিনলাই বিগত সপ্তাহত গুয়াকিল চহৰৰ এস্তাদিঅ' মনোমেণ্টেলৰ বাহিৰৰ পৰা ডাইৰেক্ট টিভি স্পৰ্টছৰ বাবে লাইভ দি থকাৰ সময়তে তেওঁলোকক বাধা প্ৰদান কৰে অস্ত্ৰধাৰী দলটোৱে। মুখা পিন্ধি অহা দুৰ্বৃত্তই সাংবাদিক অৰ্ডিনলাক বন্দুক দেখুৱাই আৰু নগদ ধনৰ লগতে তেওঁলোকৰ ফোন কাঢ়ি ল'বলৈ চেষ্টা কৰে।
Ni siquiera podemos trabajar tranquilos, esto ocurrió a las 13:00 de hoy en las afueras del Estadio Monumental.
La @PoliciaEcuador se comprometió a dar con estos delincuentes. #Inseguridad pic.twitter.com/OE2KybP0Od
— Diego Ordinola (@Diegordinola) February 12, 2021
ইপিনে আৰক্ষীয়ে দুৰ্বৃত্তক আটক কৰিবলৈ অভিযান আৰম্ভ কৰিছে বুলিও উল্লেখ কৰে সাংবাদিক অৰ্ডিনলাই।