মুখ্যপৃষ্ঠা » খবৰ

» বিশ্ব

»Video: আন এক বৰ্বৰতা, আমেৰিকাৰ ব্লেকহক হেলিকপ্টাৰত মৃতদেহ ওলোমাই বন্য উল্লাস তালিবানৰ

Video: আন এক বৰ্বৰতা, আমেৰিকাৰ ব্লেকহক হেলিকপ্টাৰত মৃতদেহ ওলোমাই বন্য উল্লাস তালিবানৰ

News18 Assam | News18-Assam
Updated:August 31, 2021, 8:19 PM IST
Video: আন এক বৰ্বৰতা, আমেৰিকাৰ ব্লেকহক হেলিকপ্টাৰত মৃতদেহ ওলোমাই  বন্য উল্লাস তালিবানৰ
এই ভিডিঅ'টো কান্দাহাৰৰ, ব্যক্তিৰ মৃতদেহ উৰুৱাই থকা এই দৃশ্যই চাঞ্চল্যৰ সৃষ্টি কৰিছে চাৰিওফালে।

এই ভিডিঅ'টো কান্দাহাৰৰ, ব্যক্তিৰ মৃতদেহ উৰুৱাই থকা এই দৃশ্যই চাঞ্চল্যৰ সৃষ্টি কৰিছে চাৰিওফালে।

  • Share this:

তালিবানৰ দখলৰ পিছতে আফগানিস্তানৰ চাৰিওফালে হাহাকাৰৰ সৃষ্টি হৈছে। মানুহে দেশ এৰি আন এখন দেশত আশ্ৰয় ল'বলৈ বাধ্য হয়। তালিবানে নিজকে সলনি কৰা বুলি বিশ্বত এক ভাবমূৰ্তি তৈয়াৰৰ চেষ্টা চলাই থকা সত্ত্বেও তালিবানৰ বৰ্বৰতাৰ প্ৰমাণ সামাজিক মাধ্যমত দিনে দিনে উদ্ভৱ হৈ আছে।


ইয়াৰ মাজতে আজি তালিবানৰ এটা ভিডিঅ' পোহৰলৈ আহিছে, য'ত তেওঁলোকে এগৰাকী লোকক হেলিকপ্টাৰত ৰছীৰে ওলমাই দীঘলীয়া সময়ৰ বাবে উৰুওৱা দেখা গৈছে। এই ভিডিঅ'টোত তালিবান (Taliban)ৰ যুঁজাৰুসকলক আমেৰিকান ব্লেক হক হেলিকপ্টাৰ উৰোৱা দেখা গৈছে। তাৎপৰ্যপূৰ্ণভাৱে হেলিকপ্টাৰত ৰছীৰে এটা মৃতদেহো ওলমি থকা দেখা গৈছিল। এই ভিডিঅ'টো কান্দাহাৰৰ, যিজন ব্যক্তিৰ মৃতদেহ উৰুৱাই থকা দেখা গৈছিল, তেওঁ এজন আমেৰিকা যুক্তৰাষ্ট্ৰৰ সহায়কৰ্তা আছিল বুলি জনা গৈছে।


ভিডিঅ'টোত দেখা গৈছে তালিবানে কান্দাহাৰ প্ৰদেশৰ আকাশত হেলিকপ্টাৰত বান্ধি থোৱা এজন ব্যক্তি। ভিডিঅ'টো তলৰ পৰা দৃশ্যগ্ৰহণ কৰা হৈছে আৰু সেই হেলিকপ্টাৰত বান্ধি থোৱা ব্যক্তিজন জীয়াই আছে নে নাই সেয়া স্পষ্ট হোৱা নাছিল। অৱশ্যে, প্ৰতিবেদনত দাবী কৰা হৈছে যে তালিবানে ইতিমধ্যে হত্যা কৰা এজন লোকৰ মৃতদেহ বান্ধি দিছে।






এই ভিডিঅ'টো ভাইৰেল হোৱাৰ পিছত বিভিন্ন ধৰণৰ প্ৰশ্ন উত্থাপন হোৱা দেখিবলৈ পোৱা গৈছে। বহুতৰ প্ৰশ্ন যে এই হেলিকপ্টাৰখন কোনে উৰুৱাই আছে? তালিবান যোদ্ধাসকল ইমান প্ৰশিক্ষিত নে যে তেওঁলোকে আমেৰিকা যুক্তৰাষ্ট্ৰৰ ব্লেক হক হেলিকপ্টাৰো চলাব পাৰে? একে সময়তে বহু লোকে আমেৰিকাৰ সেনা প্ৰত্যাহাৰক অতি দায়িত্বজ্ঞানহীন আখ্যা দিছে।

Published by: Gautam Barman
First published: August 31, 2021, 8:15 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি