কোপা আমেৰিকা আয়োজনৰ দায়িত্ব আছিল আৰ্জেণ্টিনাৰ কান্ধত। কিন্তু কোৰোণা মহামাৰীৰ প্ৰকোপ দেশখনত ইমানে চৰে যে ইয়াক ব্ৰাজিললৈ আঁতৰাই নিয়া হৈছিল৷ আৰ্জেণ্টিনাৰ অনুৰাগীসকল এই কথাত নিঃসন্দেহে বিচলিত হৈছিল৷ কিন্তু খেল নিলেও ট্ৰফী নিব নোৱাৰিলে ব্ৰাজিলে। আৰ্জেণ্টিনা উভতি আহিল হাতত ট্ৰফী লৈ। সকলো যেন সলনি হৈ গ'ল৷
কিন্তু খেলৰ আগেয়ে আছিল চাপ। আৰ্জেণ্টিনাৰ জনতাৰ দৰে মেছিৰ পত্নীও আছিল একেই চাপৰ মাজত। সেয়া জানিব পৰা গ'ল লিঅনেল মেছিৰে পত্নীৰ ভিডিঅ' কলত, যি ইতিমধ্যে ছচিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে। কোপা আমেৰিকাৰ ফাইনেলত আৰ্জেণ্টিনাই ব্ৰাজিলক ১-০ গ'লত পৰাস্ত কৰাৰ পিছত মেছিয়ে তেওঁৰ পত্নী এণ্টোনেলা ৰক্কুজ্জোক ফোন কৰিছিল। পিটছৰ মাজতে মেছিয়ে এণ্টোনেলাৰ সৈতে এটা লাইভ ভিডিঅ' কল কৰে, য'ত তেওঁক বিজয়ী পদকটোসহ যথেষ্ট সুখী আৰু গৌৰৱান্বিত দেখা গৈছিল।
????#CopaAmérica#VibraElContinente#VibraOContinente pic.twitter.com/Av4B3knLms
— Copa América (@CopaAmerica) July 11, 2021
এই ভিডিঅ'টোৰ স্ক্ৰীনশ্বট ইনষ্টাগ্ৰামত শ্বেয়াৰ কৰি এণ্টোনেলাই লিখিছিল– "তোমাৰ সুখে মোৰ সুখ! অভিনন্দন, মোৰ সোণ" ইয়াৰ পিছত এণ্টোনেলাই তেওঁলোকৰ তিনি সন্তান থিয়াগো, মাটেও আৰু চিৰোৰ এটা ভিডিঅ' ইনষ্টাগ্ৰামত শ্বেয়াৰ কৰে, য'ত দেখা গৈছিল পৰিয়ালটোৰ মাজত কোপা আমেৰিকা জয়ৰ সুখ।
View this post on Instagram
উল্লেখ্য, মেছ জিকাৰ কেইঘণ্টামানৰ ভিতৰতে মেছিৰ পত্নী এণ্টোনেলাই ছ'চিয়েল হেণ্ডেলত শ্বেয়াৰ কৰা এই ভিডিঅ'ৱে ৩.২ নিযুত দৰ্শক অতিক্ৰম কৰে। আন এক গুৰুত্বপূৰ্ণ কথা যে মেছিয়ে তেওঁৰ জীৱন এক ঐতিহাসিক প্ৰাপ্তিৰ অপেক্ষাত আছিল। বিশ্বকাপত বিফলতাৰ পিছত মেছিৰ নাম যেন লাহে লাহে লাইমলাইটৰ পৰা আঁতৰি গৈছিল। কিন্তু কোপা আমেৰিকা ট্ৰফী জয়ে তেওঁক পুনৰ চৰ্চাৰ কেন্দ্ৰলৈ টানি আনিলে। হয়তো পৰিয়ালটোও এনে এটা ক্ষণৰ অপেক্ষাতে আছিল বহু বছৰ ধৰি।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|