কপালত টকা থাকিলে আপুনি নিবিচৰাকৈও পাব ধন। যেতিয়া ভাগ্য আপোনাৰ পক্ষত থাকে আনকি মাটিও সোণলৈ পৰিৱৰ্তিত হ'ব পাৰে। তেনে এক ঘটনা ঘটিছে দুজন লোকৰসৈতে। লোক দুজনে মাত্ৰ ৩০০ ডলাৰ (২২০০০ টকা)ত ক্ৰয় কৰা এটা পুৰণি ATM মেচিনৰ পৰা লাভ কৰিলে ২০০০ডলাৰ, মানে প্ৰায় ১ লাখ ৫০ হাজাৰ টকা। এই নগদ ধন পোৱাৰ পিছত তেওঁলোক আশ্চৰ্যচকিত হৈ পৰিছিল। এইটো ভিডিঅ' এতিয়া ইণ্টাৰনেটত ভাইৰেল হৈ পৰিছে।
ইউটিউব চেনেল 'কেপ্টেইন চাহিল'ত শ্বেয়াৰ কৰা ক্লিপটোত এই লোকদুজনে ATM মেচিনটো খুলিবলৈ চেষ্টা কৰা দেখা গৈছে। ড্ৰিলিং মেচিন, হাতুৰী আৰু অন্যান্য সঁজুলি ব্যৱহাৰ কৰি ATM মেচিনটো খুলিবলৈ লোৱা ভিডিঅ' ৰেকৰ্ড কৰি থাকোঁতেই এই আচৰিত ঘটনা ঘটে। জনিব পৰা মতে পুৰণি ATM মেচিনটো এজন লোকে কিনিছিল, কিন্তু তেওঁ ছাবিপাত হোৰৱাৰ ফলত পুনৰ বিক্ৰী কৰি দিয়ে। বেচেৰ এই ভিডিঅ' চাই চাই ছাগে কান্দি আছে!
ভিডিঅ'টোত দেখা গৈছে যে লোক দুজনে বিশেষ কায়দাৰে টকা উলিওৱা অংশত এটা বাট তৈয়াৰ কৰিবলৈ সক্ষম হয়। তাৰ পিছতে তেওঁলোকে যেতিয়া টকাখিনি পাইছিল তেতিয়া তেওঁলোকক উত্তেজনাত জঁপিয়াই পৰা দেখা গৈছিল। এই দিনটোক তেওঁলোকৰ 'সৰ্বশ্ৰেষ্ঠ দিন' বুলি অভিহিত কৰিছিল। তাৰ পিছত তেওঁলোকে নোটবোৰ ভালদৰে সাৱধানে উলিয়াই আনে।
তেওঁলোকে যিমান টকাত কিনিছিল তাতকৈ ৭গুণ অধিক টকা লাভ কৰে ATMটোৰ পৰা। এই ভিডিঅ'টো ইণ্টাৰনেটত এতিয়া ভাইৰেল হৈ পৰিছে। পিছে ATMৰ পৰা টকা উলিওৱাৰ এইটো এক অগতানুগতিক উপায়হে আছিল! আনসকলোৱে নিয়ম মতেহে উলিয়াব পাৰিব ATMৰ পৰা টকা।