ডলফিন প্ৰায়ভাগে দেখিছে। কিন্তু এনে ৰঙৰ ডলফিন দেখাৰ সৌভাগ্য বেছিসংখ্যক লোকৰে নাই। সাধাৰণতে একেবাৰে পৃথক এই ডলফিন গুলপীয়া। অলপতে এনে এটা ডলফিন দেখি কৰা ভিডিঅ' ছ'চিয়েল মিডিয়াত ভাইৰেল হৈছে।
ছলো পাৰা কিউৰিয়াছ নামৰ টুইটাৰ ইউজাৰে অলপতে প্ৰচাৰ কৰা এই ভিডিঅ' ইতিমধ্যে বিশ্বজুৰি চৰ্চিত হৈছে। ইয়াকে লৈ বহুতে কমেণ্টো কৰিছে। গুলপীয়া ডলফিনটোৰ ভাইৰেল ভিডিঅ'টো এতিয়া টুইটাৰ ব্যৱহাৰকাৰীসকলে ৯০০বাৰ শ্বেয়াৰ কৰিছে, যিসকলৰ বেছিভাগে কৈছে যে তেওঁলোকে আগতে কেতিয়াও এই ৰঙৰ ডলফিন দেখা নাছিল।
Delfines rosa (pink) pic.twitter.com/lcdEu7sgx9
— Solo para curiosos (@solocuriosos_) August 17, 2021
বহুলোকে এইটো এটা বিসংগতি বুলি উল্লেখ কৰি প্ৰকাশ কৰিছে যে গুলপীয়া ডলফিন প্ৰকৃততে নাই। কিন্তু প্ৰকৃতিত অতি বিৰল গুলপীয়া ডলফিন সাধাৰণতে আমাজন নদীত পোৱা যায়। বলিভিয়া, ব্ৰাজিল, কলম্বিয়া, ইকুৱেডৰ, গায়ানা, পেৰু আৰু ভেনিজুৱেলাৰ দৰে কেইবাখনো দেশত আমাজন আৰু অৰিনোকো নদীৰ অৱবাহিকাত ইয়াক দেখিবলৈ পোৱা যায়।
ইণ্টাৰনেচনেল ইউনিয়ন ফৰ কনজাৰভেচন অৱ নেচাৰৰ দ্বাৰা এই ডলফিনক অতি সংবেদনশীল বুলি চিহ্নিত কৰা হৈছে। অৱশ্যে সম্প্ৰতি শ্বেয়াৰ হোৱা ডলফিনৰ ভিডিঅ'টো ক'ত লোৱা হৈছিল তাক জানিব পৰা হোৱা নাই।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|