মহিলাগৰাকীয়ে অকণো অসহজ নোহোৱাকৈ এয়াৰপৰ্টত মানুহৰ সৈতে তেনেকৈ কথা পাতি আছিল। আমেৰিকাৰ (USA) ডেনভৰ ইণ্টাৰনেচনেল এয়াৰপৰ্ট (Denver International Airport) নগ্ন মহিলা (Nude Woman) ঘূৰি ফুৰা দেখি মানুহৰ চকু কপালত উঠিছিল।
মহিলাগৰাকীয়ে অকণো অসহজ নোহোৱাকৈ এয়াৰপৰ্টত মানুহৰ সৈতে তেনেকৈ কথা পাতি আছিল। আমেৰিকাৰ (USA) ডেনভৰ ইণ্টাৰনেচনেল এয়াৰপৰ্ট (Denver International Airport) নগ্ন মহিলা (Nude Woman) ঘূৰি ফুৰা দেখি মানুহৰ চকু কপালত উঠিছিল।
ছচিয়েল মিডিয়াত আজৱ খবৰৰ ভাণ্ডাৰ (Weird News) কেতিয়াও শেষ নহয়। শেহতীয়াকৈ ছচিয়েল মিডিয়াত চৰ্চাত থকা এটা বিদেশৰ খবৰ। আমেৰিকাৰ (USA) ডেনভাৰ এয়াৰপৰ্টত (Denver Airport) অলপতে প্ৰত্যক্ষদৰ্শীয়ে এনে দৃশ্য দেখিলে যি দৃশ্যই সকলোৰে চকু কপালত তুলিব। ফ্লাইট ধৰিবলৈ যোৱা মানুহে দেখা পায় এজনী নগ্ন মহিলাই (Nude woman at airport) বিমান যাত্ৰা কৰিবলৈ আহিছিল।
শেহতীয়াকৈ ছচিয়েল মিডিয়াত ভাইৰেল হোৱা এই ঘটনা ডেনভৰ চিবিএছ ৪ ৱেবছাইটে সবিশেষ সহ প্ৰকাশ কৰিছে। ছাইটত প্ৰকাশিত মতে এইটো যোৱা মাহৰ ঘটনা কিন্তু এতিয়াহে ভাইৰেল হৈছে। ভিডিওত দেখা গৈছে এগৰাকী মহিলাই বিনা কাপোৰ কানিৰে এয়াৰপৰ্টত ঘূৰি ফুৰিছে। তেওঁৰ লগত একো সামগ্ৰী নাই হাতত মাত্ৰ এটা বটল। এনেকৈয়ে তেওঁ আন যাত্ৰীৰ কাষলৈ গৈ, “আপোনাৰ কেনে, ক’ত থাকে আপুনি?” এইবোৰ সুধি ঘুৰি ফুৰিছিল। ইয়াৰে একাংশই মহিলাগৰাকীক ম’বাইলত ৰেকৰ্ড কৰাও আৰম্ভ কৰে।
ডেলী ষ্টাৰৰ খবৰ মতে মানুহগৰাকীক ধৰিবলৈ চিকিউৰিটি ষ্টাফে তেওঁৰ পিছে পিছে দৌৰিব লগীয়া হয়। মানুহগৰাকী সুৰাসক্ত হৈ আছিল। লগতে মানসিকভাৱে অস্থিৰো (Mentally Unstable) আছিল। এয়াৰপৰ্টত থকা আৰক্ষীয়ে প্ৰথমে মহিলাগৰাকীক কম্বলেৰে ঢাকে আৰু গ্ৰেপ্তাৰ কৰে। প্ৰত্যক্ষদৰ্শীৰ মতে মহিলাগৰাকীয়ে আৰক্ষীক কাম কৰিবলৈ দিয়া নাছিল আৰু হাঁহি হাঁহি দৌৰি ফুৰিছিল। কৰায়ত্ব কৰাৰ পিছত আৰক্ষীয়ে মহিলাগৰাকীক ইউনিভাৰ্চিটি হাস্পতাললৈ প্ৰেৰণ কৰে। ডেনভাৰ আৰক্ষীৰ মতে এই ঘটনা ১৯ ছেপ্তেম্বৰৰ। আৰক্ষীয়ে মহিলাগৰাকীৰ পৰিচয় গোপনে ৰাখিছে।
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|