• Home
  • »
  • News
  • »
  • world
  • »
  • Viral Video: চলি আছিল ফুটবল খেল, হঠাতে মাকৰ কোলাৰ পৰা নামি শিশু পুত্ৰ সোমাল ফিল্ডত, তাৰ পিছত?

Viral Video: চলি আছিল ফুটবল খেল, হঠাতে মাকৰ কোলাৰ পৰা নামি শিশু পুত্ৰ সোমাল ফিল্ডত, তাৰ পিছত?

আমেৰিকান লীগৰ খেলখন এফ চি চিনচিনাটি আৰু অৰলেণ্ডো চিটিৰ মাজত অনুষ্ঠিত হৈছিল।

আমেৰিকান লীগৰ খেলখন এফ চি চিনচিনাটি আৰু অৰলেণ্ডো চিটিৰ মাজত অনুষ্ঠিত হৈছিল।

আমেৰিকান লীগৰ খেলখন এফ চি চিনচিনাটি আৰু অৰলেণ্ডো চিটিৰ মাজত অনুষ্ঠিত হৈছিল।

  • Share this:

আমেৰিকান ফুটবল লীগৰ এখন খেল চলি আছে। দুয়োটা দলৰ খেলুৱৈয়ে বল দখলৰ যুঁজত ব্যস্ত। এনেতে ঘটিল ঘটনাটো। এটি দুবছৰীয়া শিশুৱে মাকৰ কোলাৰ পৰা নামি প্ৰৱেশ কৰিলে ফিল্ডত। আৰু প্ৰৱেশ কৰাৰ লগে লগে দৌৰিবলৈ আৰম্ভ কৰিলে।


খেল চাই থকা মাকে সন্তানকো ফিল্ডত দেখি আচৰিত। শেষত যেনিবা দৌৰি গৈ ফিল্ডৰ পৰা আঁতৰাই আনে পুত্ৰ সন্তানক। ঘটনাটোৰ ভিডিঅ'টো প্ৰথমে 'মেজৰ লীগ ছকাৰ' টুইটাৰ হেণ্ডেলৰ পৰা আপলোড কৰাৰ পিছতে ই নেটৰ মাজত বিয়পি পৰে। বৰ্তমান ভাইৰেল হৈ পৰা ভিডিঅ'টোৱে সকলো ক্ৰীড়াৰসিকক এক অনন্য ৰসো প্ৰদান কৰে।





আমেৰিকান লীগৰ খেলখন এফ চি চিনচিনাটি আৰু অৰলেণ্ডো চিটিৰ মাজত অনুষ্ঠিত হৈছিল। অৱশ্যে শিশুটিৰ প্ৰৱেশক লৈ খেলখনত কোনো সমস্যাজনিত পৰিস্থিতি সৃষ্টি হ'বলৈ পোৱাৰ আগেয়ে শিশু জাইডেকক কোলাত তুলি আনে মাতৃ মৰ্গান টুকে।

Published by:Gautam Barman
First published: