• Home
  • »
  • News
  • »
  • world
  • »
  • India vs Pakistan | Viral Video: পাকিস্তানৰ ১০ উইকেটত জয়, এইবাৰ সেই ‘মাৰো মুঝে মাৰো’ ভিডিঅ'ৰ পাক সমৰ্থকে কি কৰিলে, চাওক ভাইৰেল ভিডিঅ'

India vs Pakistan | Viral Video: পাকিস্তানৰ ১০ উইকেটত জয়, এইবাৰ সেই ‘মাৰো মুঝে মাৰো’ ভিডিঅ'ৰ পাক সমৰ্থকে কি কৰিলে, চাওক ভাইৰেল ভিডিঅ'

'মাৰো মুঝে মাৰো' ভিডিঅ'ৰ বিখ্যাত পাক সমৰ্থক মমিন ছাকিবৰ মতে-"এয়াইটো আচল মজা...ভাৱ হৈছে পাকিস্তানে বিশ্বকাপ জয় কৰিলে..."

'মাৰো মুঝে মাৰো' ভিডিঅ'ৰ বিখ্যাত পাক সমৰ্থক মমিন ছাকিবৰ মতে-"এয়াইটো আচল মজা...ভাৱ হৈছে পাকিস্তানে বিশ্বকাপ জয় কৰিলে..."

'মাৰো মুঝে মাৰো' ভিডিঅ'ৰ বিখ্যাত পাক সমৰ্থক মমিন ছাকিবৰ মতে-"এয়াইটো আচল মজা...ভাৱ হৈছে পাকিস্তানে বিশ্বকাপ জয় কৰিলে..."

  • Share this:
২০১৯ চনৰ বিশ্বকাপত ম্যানচেষ্টাৰত ভাৰত-পাকিস্তানৰ খেলৰ পিছত ষ্টেডিয়ামৰ বাহিৰত এজন পাকিস্তানৰ সমৰ্থকৰ ভিডিঅ'টো কোনেও কেতিয়াও পাহৰিব নোৱাৰে ৷ এটা টিভি চেনেলক দিয়া সাক্ষাৎকাৰত পাক সমৰ্থক জনে কৈছিল, 'পাকিস্তানৰ এই কি প্ৰদৰ্শন!...মাৰা মোক মাৰা' অৰ্থাৎ পাক সমৰ্থকজনে তেওঁক মাৰি পেলাবলৈকে কৈছিল। কাৰণ তেওঁৰ প্ৰিয় দলটোৰ ইমান দুৰ্বল প্ৰদৰ্শন পুনৰ দেখাটো তেওঁৰ বাবে সম্ভৱ নহয় ! (Pakistan cricket fan Momin Saqib went viral with a video) ৷

ভিডিঅ'টো ভাইৰেল হ'বলৈ বেছি সময় নালাগিল৷ তেতিয়াৰ পৰা ইউটিউবত হওঁক বা মিম হ'লেও ভিডিঅ'টো ভাইৰেল হৈ পৰিছে৷ কিন্তু এইবাৰ পৰিস্থিতি বেলেগ৷ ভাৰত-পাক (India vs Pakistan) খেল চাবলৈ দেওবাৰে ডুবাই খেলপথাৰত পাক সমৰ্থকো উপস্থিত আছিল৷ আৰু এইবাৰ পাকিস্তানে ভাৰতৰ বিৰুদ্ধে ঐতিহাসিক টি-২০ বিশ্বকাপৰ মেচ জিকিলে ! স্বাভাৱিকতে এয়া উদযাপনৰ বিৰল মুহূৰ্ত।

দেওবাৰে খেলৰ শেষত 'মাৰো মুঝে মাৰো'ৰ বিখ্যাত এজন যুৱক মমিন ছাকিবে খালী ষ্টেডিয়ামত এজন বন্ধুৰ সৈতে নামি আহিছিল ৷ এনে লাগিছিল যে তেওঁ পোনপটীয়াকৈ ড্ৰেছিং ৰুমৰ পৰা দৌৰি গৈ খেলপথাৰলৈ দৌৰি গৈছিল৷ খেলপথাৰৰ ঘাঁহ ছিঙি লৈ তেওঁ কয়, "মই সদায় এই ১০টা উইকেটৰ বিজয় মনত ৰাখিম৷ মই মন গৈছে মই এই পথাৰৰ ঘাঁহ আৰু মাটি খাই পেলাওঁ৷"








View this post on Instagram






A post shared by Momin Saqib (@mominsaqib)













View this post on Instagram






A post shared by Momin Saqib (@mominsaqib)






ওল্ড ট্ৰেফৰ্ডত অনুষ্ঠিত ২০১৯ চনৰ বিশ্বকাপত ভাৰতে পাকিস্তানৰ বিৰুদ্ধে ৩৩৬ ৰাণ সংগ্ৰহ কৰিছিল৷ সেই মেচখনত কোহলী বাহিনীয়ে একপক্ষীয়ভাৱে পাকিস্তানক পৰাস্ত কৰিছিল৷ কিন্তু এইবাৰ কোহলী বাহিনী পাকিস্তানৰ হাতত ১০ উইকেটত পৰাজিত হৈছিল৷

মমিন ছাকিবৰ মতে-"এয়াইটো আচল মজা...ভাৱ হৈছে পাকিস্তানে বিশ্বকাপ জয় কৰিলে..."
Published by:Manjumoni Borah
First published: