আফগানিস্তানৰ ৰাজধানী কাবুল (Kabul) হৈ পৰিল নৱৰাত্ৰি (Navaratri 2021) উৎসৱৰ সাক্ষী। কাবুলৰ এই অঞ্চলটোৰ গোটেই পৰিৱেশ বৰ্তমান কীৰ্ত্তনৰ ভক্তিমূলক ৰসেৰে ভক্তিময় হৈ পৰিছে। হয় তেনেই দেখা গৈছে তালিবান অধ্যুষিত দেশখনৰ ৰাজধানী চহৰত। তালিবানে আফগানিস্তান দখল কৰাৰ সময়তো হিন্দু আৰু শিখসকলে তাত নৱৰাত্ৰি এনেদৰে উদযাপন কৰিছে। এই সম্পৰ্কীয় এটা ভিডিঅ'ই এই সত্য পোহৰলৈ আনিছে। ইতিমধ্যে সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে এই ভিডিঅ'।
#Flash-
The members of Hindu community in Afghanistan last night celebrated the ongoing Navratri festival at the ancient Asamai Mandir in #Kabul .
They appealed Govt of India for their early evacuation due to acute economic and social hardships being faced by them.
V @PSCINDIAN pic.twitter.com/VyDnHO3zWT
— Ravinder Singh Robin ਰਵਿੰਦਰ ਸਿੰਘ رویندرسنگھ روبن (@rsrobin1) October 12, 2021
ৰবিন্দৰ সিং ৰবিন নামৰ এগৰাকী টুইটাৰ ইউজাৰে এই ভিডিঅ' শ্বেয়াৰ কৰিছে ছ'চিয়েল মিডিয়াত। খবৰ অনুসৰি, আফগানিস্তানৰ আশামাই মন্দিৰৰ মেনেজমেণ্ট কমিটীৰ অধ্যক্ষ ৰামচৰণ সিঙে উল্লেখ কৰে যে ইয়াত কীৰ্তন আৰু জাগৰণ অনুষ্ঠান পালন কৰা হয়।
উল্লেখনীয় যে এই মন্দিৰ কাবুলস্থিত কৰতে পৰৱান গুৰুদ্বাৰৰ পৰা ৪–৫ কিলোমিটাৰ আঁতৰত অৱস্থিত।স্বাভাবিকতে এই ভিডিঅ' দেখি সকলোৱে কিছু আচৰিত প্ৰকাশো নকৰা নহয়। কিয়নো এখন কট্টৰ ধৰ্মকেন্দ্ৰিক দেশত আন ধৰ্মৰ অনুষ্ঠান উদযাপনে স্বাভাৱিকতে আচৰিত কৰাৰে কথা।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|