• Home
  • »
  • News
  • »
  • world
  • »
  • Viral Video: ভৰি পিছলি ১৮ মহলাৰ পৰা সৰি পৰা বৃদ্ধা ওলমি ৰ'ল কাপোৰৰ ৰেকত, তাৰ পিছত... চাওক ভিডিঅ'

Viral Video: ভৰি পিছলি ১৮ মহলাৰ পৰা সৰি পৰা বৃদ্ধা ওলমি ৰ'ল কাপোৰৰ ৰেকত, তাৰ পিছত... চাওক ভিডিঅ'

এগৰাকী বৃদ্ধাই ১৮ মহলীয়া ঘৰৰ বেলকনিত কাপোৰ মেলিবলৈ গৈ ভৰি পিছল খাই কাপোৰৰ ৰেকসহ বেলকনিৰ পৰা পৰি যায়।

এগৰাকী বৃদ্ধাই ১৮ মহলীয়া ঘৰৰ বেলকনিত কাপোৰ মেলিবলৈ গৈ ভৰি পিছল খাই কাপোৰৰ ৰেকসহ বেলকনিৰ পৰা পৰি যায়।

এগৰাকী বৃদ্ধাই ১৮ মহলীয়া ঘৰৰ বেলকনিত কাপোৰ মেলিবলৈ গৈ ভৰি পিছল খাই কাপোৰৰ ৰেকসহ বেলকনিৰ পৰা পৰি যায়।

  • Share this:

মৰণৰ ঠাই চৰণে জনা বুলি কয়। মৃত্যু অৱধাৰিত বুলি নিশ্চিত হোৱাৰ পিছতো কিছুমান মানুহ মৃত্যুৰ মুখৰ পৰা বাচি আহে। এনে ঘটনাই ঘটিছে এগৰাকী ৮২ বছৰীয়া মহিলাৰ ক্ষেত্ৰত।


ঘটনাটো চীনৰ। এগৰাকী বৃদ্ধাই ১৮ মহলীয়া ঘৰৰ বেলকনিত কাপোৰ মেলিবলৈ গৈ ভৰি পিছল খাই কাপোৰৰ ৰেকসহ বেলকনিৰ পৰা পৰি যায়। কিন্তু সৌভাগ্যক্ৰমে মহিলাগৰাকী কাপোৰৰ ৰেক (clothes rack)ত ওলমি ৰয়। তেওঁৰ দুয়োখন ভৰি ১৮ মহলাৰ বাৰাণ্ডাৰ কাপোৰৰ ৰেকত আৰু শৰীৰটো ১৭ মহলাৰ বাৰাণ্ডাত ওলমি ৰয়। লগে লগে অগ্নিনিৰ্বাপক বাহিনীৰ লোকসকলে তেওঁক উদ্ধাৰ কৰিবলৈ ঘটনাস্থলীলৈ আহে।


উদ্ধাৰকাৰী দলে তেওঁক ১৮ মহলালৈ গৈ ৰছীৰে বান্ধি তুলি আনে। মহিলাগৰাকীক সুৰক্ষিতভাৱে উদ্ধাৰ কৰা হৈছিল। কাপোৰৰ ৰেকত ভৰি দুখনেৰে ওলমি থকাৰ ৮২ বছৰীয়া বৃদ্ধাৰ সামৰ্থ্যকো বহুতে প্ৰশংসা কৰে।






World News In Assamese 

কেমেৰাত ধৰা পৰা এই আচৰিত ঘটনা মুহূৰ্ততে ভাইৰেল হৈ পৰে। চাউথ চাইনা মৰ্ণিং পোষ্ট (South China Morning Post)ৰ মতে, মহিলাগৰাকীয়ে দক্ষিণ চীনৰ জিয়াংচু (Jiangsu) প্ৰদেশৰ য়াংঝৌ (Yangzhou)ত থকা তেওঁৰ নিজা এপাৰ্টমেণ্টত ঘটে।

Published by:Gautam Barman
First published: