চালকজনে যথেষ্ট সতৰ্কতা দেখুৱাইছিল, কিন্তু তেওঁ আৰু ভুক্তভোগী দুয়ো হতবাক হৈ পৰে।
চালকজনে যথেষ্ট সতৰ্কতা দেখুৱাইছিল, কিন্তু তেওঁ আৰু ভুক্তভোগী দুয়ো হতবাক হৈ পৰে।
ৰে'লৰ সন্মুখত হঠাতে পৰি মৃত্যুমুখত পৰাৰ দৰে ঘটনা সচৰাচৰ দেখা যায়। কিন্তু এনে আচৰিত ঘটনাও ঘটিবলৈ লৈছে যে মানুহক হত্যা কৰাৰ বাবে হঠাতে ঠেলি দিয়া হৈছে ৰে'লৰ সন্মুখলৈ। এয়া বেলজিয়ামৰ ৰাজধানী ব্ৰাছেলছত ঘটা এটা লোমহৰ্ষক ঘটনা। এজন লোকে এগৰাকী মহিলাক দেশখনৰ এটা মেট্ৰ' ষ্টেচনৰ প্লেটফৰ্মৰ পৰা চলি থকা মেট্ৰ' ৰে'লৰ সন্মুখৰ ট্ৰেকত ঠেলি দিয়ে (Man have been suddenly pushed to the front of the train for killing lady)। কিন্তু সতৰ্ক মেট্ৰ' চালকজনে ঘটনাস্থলীত জৰুৰীকালীন ব্ৰেক প্ৰয়োগ কৰি মহিলাগৰাকীৰ জীৱন ৰক্ষা কৰে। গোটেই ঘটনাটোৰ ভিডিঅ' চিচিটিভি কেমেৰাত বন্দী হয়।
ৰোজিয়েৰ মেট্ৰ' ষ্টেচনৰ ঘটনা
ঘটনাটো ৰোজিয়েৰ মেট্ৰ' ষ্টেচনত সংঘটিত হৈছিল। ভিডিঅ'টোত (Viral Video) এজন যুৱকক দীৰ্ঘসময় ধৰি প্লেটফৰ্মত ঘূৰি ফুৰা দেখা গৈছিল। মেট্ৰ' ৰে'লখন আহি পোৱাৰ লগে লগে তেওঁ হঠাতে ৰে'লপথত প্লেটফৰ্মৰ আগত থিয় হৈ থকা মহিলাগৰাকীক ঠেলি দিয়ে।
ঘটনাৰ পিছত অভিযুক্ত পলাতক
হঠাতে ঘটা ঘটনাৰ উৱাদিহ বিচাৰি পোৱাৰ আগেয়ে অভিযুক্ত যুৱকজনে পলাই যাবলৈ সক্ষম হয়। অৱশ্যে, তেওঁক আন এটা মেট্ৰ' ষ্টেচনত হত্যাৰ চেষ্টাৰ বাবে গ্ৰেপ্তাৰ কৰা হৈছে। এই ঘটনাত মহিলাগৰাকী আৰু মেট্ৰ'চালক দুয়ো হতবাক হয়।
ৰে'ল কৰ্তৃপক্ষই উল্লেখ কৰে যে চালকজনে যথেষ্ট সতৰ্কতা দেখুৱাইছিল, কিন্তু তেওঁ আৰু ভুক্তভোগী দুয়ো হতবাক হৈ পৰে। দুয়োকো হাস্পতালত ভৰ্তি কৰোৱা হয়। মহিলাগৰাকী বিশেষ আঘাত পোৱা নাই যদিও চকিত হৈছে। আনহাতে গ্ৰেপ্তাৰ কৰা অভিযুক্তক এজন মনোৰোগ বিশেষজ্ঞই পৰীক্ষা কৰে।
Published by:Gautam Barman
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|