உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • world
    • »
    • Viral Video: হেণ্ড বেগত আছিল ভদকাৰ বটল, ছিকিউৰিটী চেকিঙত ধৰা পৰাৰ পিছত বিমানবন্দৰত কি কৰিলে তৰুণীয়ে, চাওক ভিডিঅ'

    Viral Video: হেণ্ড বেগত আছিল ভদকাৰ বটল, ছিকিউৰিটী চেকিঙত ধৰা পৰাৰ পিছত বিমানবন্দৰত কি কৰিলে তৰুণীয়ে, চাওক ভিডিঅ'

    আমেৰিকাৰ এটা বিমানবন্দৰৰ এটা ভিডিঅ' ভাইৰেল হৈছিল য'ত এগৰাকী মহিলাৰ বেগত ভদকাৰ বটল পোৱা গৈছিল। নিৰাপত্তাৰক্ষীয়ে ভদকাৰ বটলটো জব্দ কৰিব বিচাৰিছিল। কিন্তু মহিলাগৰাকী আৰু তেওঁৰ বন্ধুবৰ্গই দামী ভদকাৰ বটলটো এনেদৰে পেলাই দিব বিচৰা নাছিল।

    • Share this:
    বিমান যাত্ৰাৰ সময়ত হেণ্ড বেগত ১০০ মিলি লিটাৰতকৈ অধিক তৰল বা জুলীয়া পদাৰ্থ কঢ়িয়াব নোৱাৰি ৷ এই নিয়মটো সকলোৱে জানে, কিন্তু তথাপি বহু লোকে ভুল কৰে৷ ভুলতে তেওঁলোকে বেগত বেছি পৰিমাণৰ তৰল ৰাখে৷ আৰু তাৰ বাবে বিমানবন্দৰত সমস্যাত পৰিবলগীয়া হয়৷ ।

    ছিকিউৰিটী চেকিঙৰ সময়ত এনে বহু সামগ্ৰী পেলাই দিবলগীয়া হয়। যদি কিছুমান তৰল সামগ্ৰী ক্ৰয় কৰিব লগা হয়, তেন্তে ছিকিউৰিটী চেকিঙৰ পিছত কিনাটোৱেই উত্তম। তাৰ আগতে, কিছুমান তৰল কেতিয়াও 100 মিঃলিঃতকৈ অধিক হেণ্ড বেগত ৰাখিবলৈ অনুমতি দিয়া নহয় (Women give free vodka shots to passengers at airport) ৷

    আমেৰিকা (America)ৰ এটা বিমানবন্দৰৰ এটা ভিডিঅ' ভাইৰেল (Viral Video) হৈছিল য'ত এগৰাকী মহিলাৰ বেগত ভদকা (Vodka)ৰ বটল পোৱা গৈছিল। নিৰাপত্তাৰক্ষীয়ে ভদকাৰ বটলটো জব্দ কৰিব বিচাৰিছিল। কিন্তু মহিলাগৰাকী আৰু তেওঁৰ বন্ধুবৰ্গই দামী ভদকাৰ বটলটো এনেদৰে পেলাই দিব বিচৰা নাছিল। আন কোনো উপায় নেদেখি তেওঁলোকে বিমান বন্দৰতে নিৰাপত্তাৰক্ষীৰ সন্মুখত থিয় হৈ ভদকাৰ বটলটো খুলি আন মহিলা যাত্ৰীসকলক খুৱাইছিল। সকলোৱে এইগৰাকী মহিলা যাত্ৰীৰ কাণ্ডত আচৰিত হৈছিল। ছচিয়েল মিডিয়াত আপলোড কৰাৰ পিছতে ভিডিঅ'টো ভাইৰেল হ'বলৈ বেছি সময় নালাগিল।

    যদিও বহুতেই ভিডিঅ'টো চাই আমোদ পাইছে, বহুতে আকৌ বিমানবন্দৰত ছিকিউৰিটী চেকিঙত এনেদৰে সুৰাপান কৰা কামত বিৰোধিতা কৰিছে। সাধাৰণতে বিমানবন্দৰৰ ছিকিউৰিটী চেকিঙত পাৰফিউম বা ডিঅ' স্প্ৰে আদি পালেও পেলাই দিয়া হয়।
    Published by:Manjumoni Borah
    First published: