• Home
  • »
  • News
  • »
  • world
  • »
  • ছচিয়েল মিডিয়াত ভাইৰেল হ’ল এটা চোৰ, সাংবাদিকৰ ম’বাইল থপিয়াই পৰিল মহা বিপদত! ২০ হাজাৰৰো অধিক লোকে চালে চোৰ আৰু চুৰিকাণ্ড Live

ছচিয়েল মিডিয়াত ভাইৰেল হ’ল এটা চোৰ, সাংবাদিকৰ ম’বাইল থপিয়াই পৰিল মহা বিপদত! ২০ হাজাৰৰো অধিক লোকে চালে চোৰ আৰু চুৰিকাণ্ড Live

ম’বাইলৰ পৰা কৰি আছিল ফেচবুক লাইভ। সেই সময়তে চোৰে থপিয়াই নিয়ে ম’বাইলটো।

ম’বাইলৰ পৰা কৰি আছিল ফেচবুক লাইভ। সেই সময়তে চোৰে থপিয়াই নিয়ে ম’বাইলটো।

ম’বাইলৰ পৰা কৰি আছিল ফেচবুক লাইভ। সেই সময়তে চোৰে থপিয়াই নিয়ে ম’বাইলটো।

  • Share this:
ছচিয়েল মিডিয়াত ভাইৰেল হ’ল এটা চোৰ। এজন সাংবাদিকৰ ম’বাইল থপিয়াই নি মহা বিপদত পৰিল চোৰ। চুৰি কৰিলে ঠিকেই, কিন্তু নজনাকৈয়ে কৰি পেলালে ডাঙৰ ভুল। আৰু অৱশেষত সেয়াই হ’ল, যিটো সাধাৰণতে চোৰৰ ক্ষেত্ৰত হয়। ২০ হাজাৰৰো অধিক লোকে দেখিলে চোৰৰ মুখৰ লগতে চুৰিকাণ্ডৰ দৃশ্য। ছচিয়েল মিডিয়াত চলি থাকিল চোৰ আৰু চুৰিকাণ্ড লাইভ।

ঘটনাটো ইজিপ্তৰ। এজন সাংবাদিকে নিজৰ ফোনৰ পৰা লাইভ ভিডিঅ’ বনাই ৰাস্তাৰে গৈ আছিল। সেই সময়তে পিছফালৰ পৰা বাইকত অহা এটা চোৰে সাংবাদিকজনৰ ম’বাইলটো থপিয়াই উধাও হ’ল। বেচেৰা চোৰে মনেই কৰা নাছিল যে ম’বাইলত লাইভ ভিডিঅ’ চলি আছিল।

ভিডিঅ’ত দেখা গৈছে চোৰটোৱে মুখত জ্বলন্ত চিগাৰেট লৈ দ্ৰুতবেগত বাইক চলাইছে। মাজে মাজে ঘূৰি চাইছে পিছলৈ। ম’বাইলত চলি আছে লাইভ। বেচেৰা চোৰ, নিজেই মাতিলে নিজৰে বিপদ।

ম’বাইলটো আছিল এটা টিভি চেনেলৰ এজন সাংবাদিকৰ। সাংবাদিকজনৰ নাম মাহমুদ ৰাঘেব। মিছৰত হোৱা ভূমিকম্পৰ পিছত ৰিপ’ৰ্টিং কৰিবলৈ আহিছিল তেওঁ। ম’বাইলৰ পৰা কৰি আছিল ফেচবুক লাইভ। সেই সময়তে চোৰে থপিয়াই নিয়ে ম’বাইলটো। ভূমিকম্পৰ পৰিস্থিতিৰ পৰা গৈ এইবাৰ চুৰিকাণ্ড লাইভ। চাওক সেই দৃশ্য।


কেৱল ফেচবুকতে ৭০ লাখ ভিউজ লাভ কৰিছে এই ভিডিঅ’টোৱে। আন প্লেটফৰ্মতো ভাইৰেল হৈছে এই ভিডিঅ’। মিডিয়া ৰিপ’ৰ্ট অনুসৰি, এই ঘটনাটো সংঘটিত হৈছে শুব্ৰা অল–খেইমা চহৰত। বহু লোকে এই ভিডিঅ’ দেখি আশ্চৰ্য প্ৰকাশ কৰাৰ বিপৰীতে একাংশই হাঁহিৰ খোৰাক পাইছে। আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে ভাইৰেল চোৰক।
Published by:Sanjay Kumar Das
First published: