মানুহক ঘৰৰ ভিতৰত ৰাখিবলৈ সঁচাই ৰাছিয়াত পুটিনে এৰি দিছে নেকি ৮০০ সিংহ আৰু বাঘ?

News18 Assam | News18-Assam
Updated:March 23, 2020, 1:36 PM IST
মানুহক ঘৰৰ ভিতৰত ৰাখিবলৈ সঁচাই ৰাছিয়াত পুটিনে এৰি দিছে নেকি ৮০০ সিংহ আৰু বাঘ?
এই মেছেজ বিভিন্ন ছচিয়েল মিডিয়া প্লেটফৰ্মত বনজুইৰ দৰে বিয়পি পৰিছে।

এই মেছেজ বিভিন্ন ছচিয়েল মিডিয়া প্লেটফৰ্মত বনজুইৰ দৰে বিয়পি পৰিছে।

  • Share this:
কোৰোণা ভাইৰাছক লৈ বিশ্বজুৰি সৃষ্টি হৈছে বিভীষিকাময় পৰিৱেশ। প্ৰতিদিনে প্ৰাণ দিবলগা হৈছে বহু লোকে। কেইবাখনো দেশৰ বহু চহৰ লকডাউন কৰি দিয়া হৈছে। ভাৰততো সকলো ৰাজ্যলৈ বকডাউনৰ নিৰ্দেশ দিছে কেন্দ্ৰীয় চৰকাৰে। ইয়াৰ মাজতে ছচিয়েল মিডিয়াত ৰাছিয়াৰ এটা মেছেজ ভাইৰেল হৈছে। দাবী কৰা হৈছে যে ৰাষ্ট্রপতি ভ্লাদিমিৰ পুটিনে মানুহক কোৰোণা ভাইৰাছৰ বাবে ঘৰতে থকাৰ আহ্বান জনাইছে, কিন্তু কোনোৱে সেই কথা শুনা নাই। সেয়েহে পুটিনে ৰাছিয়াৰ ৰাজপথত ৮০০ সিংহ আৰু বাঘ এৰি দিছে।

এই মেছেজ বিভিন্ন ছচিয়েল মিডিয়া প্লেটফৰ্মত বনজুইৰ দৰে বিয়পি পৰিছে। টুইটাৰত কোনোৱে এই মেছেজটো শ্বেয়াৰ কৰি লিখিছে যে পুটিনে ৰাছিয়াৰ লোকক দুটা বিকল্প দিছে, হয় দুসপ্তাহৰ বাবে ঘৰৰ ভিতৰত থাকক, নাইবা ৫ বছৰৰ বাবে জে’লত। ইয়াৰ বাদে আন কোনো পথ নাই। মানুহে ঘৰৰ পৰা নোলাবৰ বাবে দেশখনত ৮০০ সিংহ আৰু বাঘ মেলি দিয়া হৈছে।

Russian president Vladimir Putin released 800 lions and tigers across Russia to devour anyone who comes out. Stay home or die hard. GOAT😅😅😅😂😂 pic.twitter.com/9LXz6DLIf9

ফেক্ট চেক – প্ৰকৃত সত্য কি?
যেতিয়া ছচিয়েল মিডিয়াৰ এই মেছেজৰ অনুসন্ধান কৰা হ’ল গম পোৱা গ’ল যে এয়া ভুৱা। সিংহৰ যিখন ফটো ভাইৰেল হৈছে, সেইখন আচলতে চাৰি বছৰ পুৰণি। এই ফটোখন ২০১৬ চনত ডেইলী মেইলত প্ৰকাশিত আৰু এয়া আফ্ৰিকাৰ ফটো। চাৰি বছৰ পূৰ্বে এটা সিংহ ৰাজপথলৈ ওলাই আহিছিল। গতিকে এনেধৰণৰ ভুৱা মেছেজৰ পৰা সাৱধান হওক আপুনিও।
আৰু চাওক
পৰৱৰ্তী বাতৰি