உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • world
    • »
    • Viral Video : ছচিয়েল মিডিয়াত ছাত্ৰ- ছাত্ৰীয়ে দেখা পালে নিজ শিক্ষয়িত্ৰীৰ  আচৰিত ভিডিঅ', ভাইৰেল হোৱাৰ লগে লগে গ'ল চাকৰি!

    Viral Video : ছচিয়েল মিডিয়াত ছাত্ৰ- ছাত্ৰীয়ে দেখা পালে নিজ শিক্ষয়িত্ৰীৰ  আচৰিত ভিডিঅ', ভাইৰেল হোৱাৰ লগে লগে গ'ল চাকৰি!

    শিক্ষয়িত্ৰীৰ অশ্লীল ভিডিঅ' ভাইৰেল

    শিক্ষয়িত্ৰীৰ অশ্লীল ভিডিঅ' ভাইৰেল

    ৰাছিয়াৰ এখন বিদ্যালয়ৰ ২৩ বছৰীয়া শিক্ষয়িত্ৰী (Russian School Teacher Video) ভিক্টোৰিয়া কাছিৰিনা (Viktoria Kashirina)ই শেহতীয়াকৈ এনেকুৱা এটা ভিডিঅ' ছ'চিয়েল মিডিয়াত পোষ্ট কৰিছিল যিটো অতি কম সময়তে ভাইৰেল হৈ পৰিছিল (School Teacher Adult Video Viral) । কিন্তু ভাইৰেল হোৱাৰ লগে লগে ভিডিঅ'টোৱে তেওঁৰ জীৱনত বৰ বেয়াকৈ প্ৰভাৱ পেলালে। আচলতে শিক্ষয়িত্ৰীগৰাকীয়ে ষ্ট্ৰাইপ কৰি অশ্লীল ভিডিঅ' ইনষ্টাগ্ৰামত শ্বেয়াৰ কৰিছিল (Teacher Adult Video on Instagram) । ভিডিঅ'টো অতি দ্ৰুতগতিত ভাইৰেল হৈ পৰিছিল আৰু তেওঁৰ বিদ্যালয়ৰ শিক্ষাৰ্থীসকলে ভিডিঅ'টো চাইছিল।

    • Share this:
    ৰাছিয়াৰ এখন বিদ্যালয়ৰ ২৩ বছৰীয়া শিক্ষয়িত্ৰী (Russian School Teacher Video) ভিক্টোৰিয়া কাছিৰিনা (Viktoria Kashirina)ই শেহতীয়াকৈ এনেকুৱা এটা ভিডিঅ' ছ'চিয়েল মিডিয়াত পোষ্ট কৰিছিল যিটো চাওঁতে চাওঁতে ভাইৰেল হৈ পৰিছে (School Teacher Adult Video Viral) । কিন্তু ভাইৰেল হোৱাৰ লগে লগে ভিডিঅ'টোৱে তেওঁৰ জীৱনত বৰ বেয়াকৈ প্ৰভাৱ পেলালে। আচলতে মহিলাগৰাকীয়ে ষ্ট্ৰাইপ কৰি অশ্লীল ভিডিঅ' ইনষ্টাগ্ৰামত শ্বেয়াৰ কৰিছিল (Teacher Adult Video on Instagram) । ভিডিঅ'টো অতি দ্ৰুতগতিত ভাইৰেল হৈ পৰিছিল আৰু তেওঁৰ বিদ্যালয়ৰ শিক্ষাৰ্থীসকলে ভিডিঅ'টো চাইছিল।

    আজিৰ যুগত ছ'চিয়েল মিডিয়া কাৰোবাৰ বাবে যদি মনোৰঞ্জনৰ আহিলা হৈ পৰিছে আন কাৰোবাৰ বাবে হৈ পৰিছে দেশ আৰু পৃথিৱীৰ সৈতে নিজকে আপডেটেড কৰি ৰখাৰ উপায়। কিন্তু এতিয়া শিশুসকলৰ বাবে ছচিয়েল মিডিয়া অতি বিপদজনক হৈ পৰিছে। কাৰণ প্ৰায়ে ছচিয়েল মিডিয়াত এনে কিছুমান নাভূত-নাশ্ৰুত বস্তু আপলোড কৰা হয় যিবোৰ সৰু ল'ৰা–ছোৱালীয়ে চোৱাৰ বাবে সমূলি যোগ্য নহয়।  এই আচৰিত ভিডিঅ' আৰু ফটোবোৰ দেখাৰ পাছত শিশুৰ মনত বিৰূপ প্ৰভাৱ পেলোৱা দেখা গৈছে।

    ভিক্টোৰিয়া কাছিৰিনা (VIKTORIA KASHIRINA) (ফটো: TWITTER/@UNLOCKEDREVIEWS)


    বাতৰি অনুসৰি, ভিক্টোৰিয়াই বিদ্যালয়খনত সাহিত্যৰ বিষয়ত প্ৰশিক্ষাৰ্থী শিক্ষয়িত্ৰী হিচাপে কাম কৰি আছিল আৰু তেওঁ ১১-১২ বছৰ বয়সৰ শিশুসকলক সাহিত্য পঢ়োৱাইছিল। কিন্তু ইয়াৰ মাজতে এগৰাকী ছাত্ৰীৰ মাতৃয়ে ভিক্টোৰিয়াৰ এটা ভিডিঅ' চাইছিল যি তেওঁৰ সন্তানৰ ইনষ্টাগ্ৰামৰ সৈতে সংলগ্ন হৈ আছিল । লগে লগে মহিলাগৰাকীয়ে বিদ্যালয়ত অভিযোগ কৰিছিল যে হয় শিক্ষয়িত্ৰীৰ এনে অশ্লীল ভিডিঅ' পোষ্ট কৰা বন্ধ কৰিব লাগে নহয় সামাজিক মাধ্যমৰ পৰা আঁতৰি থাকিব লাগে। কিয়নো এনে ধৰণৰ পোষ্টসমূহে শিশুসকলৰ মনত বিৰূপ প্ৰতিক্ৰিয়া জন্মাব পাৰে।

    বিদ্যালয়ে শিক্ষয়িত্ৰীগৰাকীকক বৰ্খাস্ত কৰিছে

    অৱশ্যে ভিক্টোৰিয়াই এই অভিযোগ অস্বীকাৰ কৰিছে। তেওঁ নিজৰ সপক্ষে কয় যে অভিভাৱকসকলে তেওঁৰ ভিডিঅ'ৰ সলনি তেওঁলোকৰ সন্তানৰ ব্ৰাউজিং ইতিহাসহে চোৱা উচিত। তেওঁৰ মতে, তেওঁ কিছুদিনৰ পৰা পোল ডান্সৰ ভিডিঅ' বনাই আছে আৰু ছচিয়েল মিডিয়াত পোষ্ট কৰি আহিছে। ভিক্টোৰিয়াই কয় যে তেওঁ তেওঁৰ মত প্ৰকাশৰ স্বাধীনতা (Freedom of Expression) ব্যৱহাৰ কৰিছে আৰু তেওঁ যদিও এগৰাকী শিক্ষয়িত্ৰী, কিন্তু তেওঁ এই ভিডিঅ' বনোৱা বন্ধ নকৰে।

    সম্ভৱতঃ বিদ্যালয়খনে ভিক্টোৰিয়াৰ এই কথা বা কৈফিয়ৎ মানি ল'ব পৰা নাছিল। বিদ্যালয় কৰ্তৃপক্ষই শিক্ষয়িত্ৰীগৰাকীৰ এই কাৰ্যক গুৰুত্বসহকাৰে লৈ তেওঁক বৰ্খাস্ত কৰে। এতিয়া ভিক্টোৰিয়াই নিজৰ চাকৰিৰ সন্দৰ্ভত আদালত (court)লৈ যোৱাৰ সিদ্ধান্ত লৈছে আৰু বিদ্যালয়খনৰ এনে শাসনৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিবলৈ সিদ্ধান্ত লৈছে।

    Read all News in Assamese, Assam News Today, Entertainment News in Assamese, Business News in Assamese, Sports News in Assamese, Health News in Assamese, India News in Assamese
    Published by:Manjumoni Borah
    First published: