• Home
  • »
  • News
  • »
  • world
  • »
  • সাপ–বেংভৰ্তি গাঁতত পৰিল এজন লোক, তাৰ পিছত যি হ’ল..., ছচিয়েল মিডিয়াত ভাইৰেল Photo

সাপ–বেংভৰ্তি গাঁতত পৰিল এজন লোক, তাৰ পিছত যি হ’ল..., ছচিয়েল মিডিয়াত ভাইৰেল Photo

ঘটনাটো বৰ্ণিঅ’ৰ গভীৰ অৰণ্যৰ।

ঘটনাটো বৰ্ণিঅ’ৰ গভীৰ অৰণ্যৰ।

ঘটনাটো বৰ্ণিঅ’ৰ গভীৰ অৰণ্যৰ।

  • Share this:
বিভিন্ন সময়ত মানুহে নিজৰ বেয়া পৰিস্থিতিৰ কথা ক’বলৈ হাবিত থকাৰ লগত তুলনা কৰে। কিন্তু হাবিৰ নিয়ম বেলেগ। বনৰীয়া পশু–পক্ষীৰ মাজতো থাকে মমতা, বিপদত পৰিলে সহায়ৰ হাত আগবঢ়াই দিয়ে সিহঁতেও। তেনে এক ঘটনাই শেহতীয়াকৈ পোহৰলৈ আহিছে। যি ঘটনাৰ ফটো ভাইৰেল হৈ পৰিছে ছচিয়েল মিডিয়াত।

ঘটনাটো বৰ্ণিঅ’ৰ গভীৰ অৰণ্যৰ। হাবি ঘূৰি ফুৰাৰ সময়তে হঠাৎ এজন লোক এটা গাঁতত পৰি যায়। সাপ–বেঙেৰে ভৰ্তি হৈ আছিল গাঁতটো। সেই সময়তে গাঁতত পৰা লোকজনলৈ সহায়ৰ হাত আগবঢ়াই দিলে এটা ওৰাংওটাঙে। এয়া কোনো মিছা কাহিনী নহয়।



এই ফটোখন তুলিছে অনিল প্ৰভাকৰ নামৰ এজন লোকে। নিজৰ ছচিয়েল মিডিয়া একাউণ্টত শ্বেয়াৰ কৰিছে ফটোখন। প্ৰভাকৰে জনায় যে এই ঘটনাটো আছিল তিনি–চাৰি মিনিটৰ। এই মুহূৰ্তটো কেমেৰাত ধৰি ৰাখিবলৈ পাই তেওঁ নিজকে ধন্য অনুভৱ কৰিছে।
Published by:Sanjay Kumar Das
First published: