ইণ্টাৰনেটত ভাইৰেল হোৱা এখন ফটো। ফটোখনত আছে এটা নাহৰফুটুকী। এই নাহৰফুটুকীটো বিচাৰি উলিয়াবলৈ প্ৰত্যাহ্বান জনোৱা হৈছে। এই ফটোখন ভাইৰেল হৈ পৰিছে টুইটাৰত। বেলা লেক নামৰ ব্যৱহাৰকাৰীজনে টুইটাৰত শ্বেয়াৰ কৰা এই ফটোখনৰ কেপচনত লিখিছে – ‘কোনোৱে মোলৈ এই ফটোখন পঠিয়াইছে আৰু ইয়াত থকা নাহৰফুটুকীটো বিচাৰি উলিয়াবলৈ কৈছে। মই ভাবিছিলো এয়া এক ধেমালি আছিল... যেতিয়ালৈকে নাহৰফুটুকীটো বিচাৰি পোৱা নাছিলো। আপুনি বিচাৰি উলিয়াব পাৰিবনে?
প্ৰথম দৃষ্টিত, ফটোখন এক ধেমালিৰ দৰেই লাগিছিল। তাত কোনো নাহৰফুটুকী নাছিল বুলি ধাৰণা হৈছিল। কিন্তু সুক্ষ্মভাৱে প্ৰত্যক্ষ কৰাত নাহৰফুটুকীটো প্ৰত্যক্ষ কৰিবলৈ সক্ষম হৈছিলো। আৰু লাহে লাহে নাহৰফুটুকীটোৰ দেহৰ লগতে ভৰিও দেখা গ’ল।
বহু লোকে এই ফটোখনক লৈ মন্তব্য কৰিছে। বিভিন্নজনে নাহৰফুটুকীটোৰ স্থান দেখুৱাই দিয়াৰো চেষ্টা কৰিছে। আপুনিও চেষ্টা কৰি চাওক, বিচাৰি উলিয়াব পাৰে নেকি নাহৰফুটুকীটো।
Published by: Sanjay Kumar Das
FIRST PUBLISHED : October 01, 2019, 13:14 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|