ছচিয়েল মিডিয়াত বহু ভিডিঅ’ বা ফটো ভাইৰৈল হৈ থাকে। তাৰ মাজত জীৱ–জন্তুৰ যুঁজ বা ধেমেলীয়া ভিডিঅ’ও থাকে। কিন্তু আজি আমি আপোনালোকৰ সন্মুখলৈ আনিছো এটা মেকুৰী। সাধাৰণতে মেকুৰী দেখাত মৰমলগা হয়, কিন্তু কিছুমান মেকুৰী দেখাত ভয়ংকৰো থাকে। ছুইজাৰলেণ্ডৰ ৰুটি চহৰৰ এই মেকুৰীটো কিন্তু মৰমলগা নহয়, অত্যন্ত ভয়ংকৰ।
ঝেৰডন নামৰ এই মেকুৰীটোৰ আছে ইনষ্টাগ্ৰাম ফলোৱাৰো। ২৩ হাজাৰৰো অধিক ফলোৱাৰ আছে মেকুৰীটোৰ ইনষ্টাগ্ৰামত। মেকুৰীটোৰ প্ৰতিখন ফটোত আছে হাজাৰ হাজাৰ লাইক। মেকুৰীটোৰ বয়স ৬ বছৰ।
সাধাৰণতে মেকুৰীৰ দেহত কোমল নোম থাকে, যাৰ বাবে অতি মৰমলগা হয়। কিন্তু এই মেকুৰীটোৰ দেহত নাই নোম। সেয়েহে দেখাত অতি ভয়ংকৰ। মেকুৰীটোৰ গৰাকী ছন্দ্ৰা ফিলিপিয়ে অত্যন্ত মৰম কৰে মেকুৰীটোক।
মেকুৰীটোৰ ফটোত কিছুমান লোকে কৰা কমেণ্টত ক্ষোভ প্ৰকাশ কৰে গৰাকী ফিলিপিয়ে। বহু লোকে কমেণ্টত মেকুৰীটোক এলিয়েনৰ সৈতে তুলনা কৰে।
আনহাতে একাংশই আকৌ মেকুৰীটোক অত্যন্ত মৰমলগা বুলি কমেণ্ট কৰি বন্ধুত্বও কৰিব বিচাৰে।
Published by: Sanjay Kumar Das
FIRST PUBLISHED : March 12, 2020, 12:12 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|