প্ৰেম আৰু ভালপোৱা এনেকুৱা বস্তু যিয়ে দুজন লোকক ওচৰ চপাই আনে। কিন্তু বহু সময়ত এই প্ৰেম আৰু ভালপোৱা এনেকুৱা পৰ্যালয়লৈ গুচি যায় যে মানুহে অপৰাধ কৰিবলৈও কুণ্ঠাবোধ নকৰে। সাধাৰণতে একপক্ষীয় প্ৰেমত তেনেকুৱা হোৱাৰ সম্ভাৱনা অধিক থাকে। সম্প্ৰতি কলম্বিয়াত এনেকুৱা এক ঘটনাই সংঘটিত হৈছে।
এজন লোকে তেওঁৰ প্ৰাক্তন প্ৰেমিকাক পাহৰিব পৰা নাছিল। কিন্তু প্ৰেমিকাই যেতিয়া তেওঁক এৰি আগুৱাই যোৱাৰ সিদ্ধান্ত লয়, তেতিয়াই সেই লোকজনে তেওঁক এক বেদনাদায়ক মৃত্যু দিয়ে।
এই ঘটনা সংঘটিত হয় ছাউথ ৱেষ্ট কলম্বিয়াত। পাৰ্কৰ জংঘলত উদ্ধাৰ হ’ল এগৰাকী মহিলাৰ মৃতদেহ। চাৰি সন্তানৰ মাতৃ কেলি জোহানা তামায়’ বৰকেজ নামৰ মহিলাগৰাকীৰ মৃতদেহত নাছিল কোনো কাপোৰ। প্ৰথমে লাঠিৰে প্ৰহাৰ কৰি তাৰ পিছত শিলেৰে মৰিয়াই ক্ষত–বিক্ষত কৰা হয় মহিলাগৰাকীৰ দেহ। কোৱা হৈছে যে পাৰ্কত প্ৰাক্তন প্ৰেমিকক দেখা কৰিবলৈ গৈছিল মহিলাগৰাকীয়ে।
সূত্ৰ অনুসৰি, কেলিৰ মৃতদেহ ৩০ জানুৱাৰীত বুগাৰ মিউনিচিপাল পাৰ্কত উদ্ধাৰ হয়। উলংগ অৱস্থাত উদ্ধাৰ হয় মহিলাগৰাকীৰ মৃতদেহ। মৃতদেহৰ পিঠিত লাঠিৰে প্ৰহাৰ কৰাৰ আঘাত আছে। স্থানীয় ৰিপ’ৰ্ট অনুসৰি, লাঠিৰে মৰাৰ ফলতে মহিলাগৰাকীৰ মৃতেযু হয়। কিন্তু লাঠিৰে মৰিয়াই হত্যা কৰাৰ পিছত পৰিচয় লুকাবৰ বাবে মহিলাগৰাকীক শিলেৰে প্ৰহাৰ কৰা হয়। এই ঘটনা সন্দৰ্ভত আৰক্ষীয়ে এক গোচৰ ৰুজু কৰিছে।