• Home
  • »
  • News
  • »
  • world
  • »
  • দুহাত অবিহনেই মাতৃয়ে লয় জীয়েকৰ যত্ন, ঘৰৰ সকলো কাম কৰি যায় ভৰি দুখনেৰেই, কেতিয়াবা দেখিছেনে এনে অদম্য আৱেগ?

দুহাত অবিহনেই মাতৃয়ে লয় জীয়েকৰ যত্ন, ঘৰৰ সকলো কাম কৰি যায় ভৰি দুখনেৰেই, কেতিয়াবা দেখিছেনে এনে অদম্য আৱেগ?

Sarah Talbi: দুয়োখন হাত নাই (Woman with no hands), তথাপি তেওঁ ঘৰৰ সকলো কাম কৰে আৰু লগতে তেওঁৰ ৪ বছৰীয়া কন্যা সন্তানক (4 year old daughter) ডাঙৰ-দীঘলো কৰিছে তেনেকৈ।

Sarah Talbi: দুয়োখন হাত নাই (Woman with no hands), তথাপি তেওঁ ঘৰৰ সকলো কাম কৰে আৰু লগতে তেওঁৰ ৪ বছৰীয়া কন্যা সন্তানক (4 year old daughter) ডাঙৰ-দীঘলো কৰিছে তেনেকৈ।

Sarah Talbi: দুয়োখন হাত নাই (Woman with no hands), তথাপি তেওঁ ঘৰৰ সকলো কাম কৰে আৰু লগতে তেওঁৰ ৪ বছৰীয়া কন্যা সন্তানক (4 year old daughter) ডাঙৰ-দীঘলো কৰিছে তেনেকৈ।

  • Share this:
মানৱ শৰীৰৰ প্ৰতিটো অংগই  (Body part) শৰীৰৰ বাবে অত্যাৱশ্যকীয়। এটা অংগৰ অবিহনেই জীৱন অসম্পূৰ্ণ হৈ পৰে। কিন্তু পৃথিৱীত এনে বহুতো লোক আছে যি বিশেষভাৱে সক্ষম হোৱা স্বত্বেও জীৱনৰ প্ৰতিটো প্ৰত্যাহ্বানৰ সন্মুখীন হয় আৰু জীৱন এনেদৰে জীয়াই থাকে যে মানুহে তেওঁলোকৰ দৃঢ়তাক প্ৰণাম জনাবলৈ বাধ্য হয়।

বেলজিয়ামৰ (Belgium) এগৰাকী মহিলাও একে কাৰণতে বহু চৰ্চিত। মহিলাগৰাকীৰ দুয়োখন হাত নাই (Woman with no hands), তথাপি তেওঁ ঘৰৰ সকলো কাম কৰে আৰু লগতে তেওঁৰ ৪ বছৰীয়া কন্যা সন্তানক (4 year old daughter) ডাঙৰ-দীঘলো কৰিছে তেনেকৈ।


(ফটো: Instagram/@saritalbi)

দ্য মিৰৰ ৱেবছাইটৰ বাতৰি অনুসৰি ৩৮ বছৰীয়া ছাৰাহ টালবি (Sarah Talbi)ৰ জন্মৰ পিছৰে পৰা দুয়োখন হাত নাই। তথাপি হাত নথকাটো তেওঁৰ যেন দুৰ্বলতা নহয়। এজন অকলশৰীয়া ব্যক্তিয়ে কৰিব পৰা বেছিভাগ কাম ছাৰাই ভৰিৰেই কৰে। ছাৰাহ বেলজিয়ামৰ ব্ৰুছেলছত বাস কৰে। তেওঁ কয় যে তেওঁ জোতা নিপিন্ধাকৈ ভৰিৰে সকলো কাম কৰিব পাৰে। ছাৰাই কয় যে যেতিয়া তেওঁ সৰু আছিল তেওঁৰ হাত নাই বুলি কোনো অনুশোচনা হোৱা নাছিল।


(ফটো: Instagram/@saritalbi)

সৰু ল'ৰা-ছোৱালীবোৰে হাতেৰে যিবোৰ কাম কৰিব পাৰে সৰুতে ছাৰাইও ভৰিৰেই সেই সকলো কাম কৰিব পাৰিছিল। লাহে লাহে তেওঁ ভৰিৰে লিখিবলৈ শিকিলে আৰু প্ৰাৰম্ভিক শিক্ষাৰ পিছত তেওঁ ইংৰাজী আৰু স্পেনিছ অনুবাদৰ পাঠ্যক্ৰম গ্ৰহণ কৰিলে। এতিয়া ছাৰাই ভৰিৰে চুলি কটা, পাচলি কটা, কম্পিউটাৰ চলোৱা, খাদ্য খোৱাকে ধৰি ঘৰৰ বেছিভাগ কামেই কৰে।

ছাৰাহৰ জীয়ৰী লিলিয়াৰ জন্ম হৈছিল ২০১৮ চনত যি এতিয়া প্ৰায় ৪ বছৰীয়া। ছাৰাহৰ ইনষ্টাগ্ৰামত কন্যাৰ সৈতে কেইবাখনো ফটো আছে য'ত তাইক বহুত আনন্দ কৰা দেখা গৈছে। ছাৰাই নিজৰ কন্যাৰ যথেষ্ট যত্ন লয় আৰু তাইৰ বাবে নিজৰ ভৰিৰেই ৰান্ধে আৰু  মুখেৰে চামুচ ধৰি জীয়েকক খুৱায়। ছাৰাই কয় যে তেওঁ অক্ষম হোৱা স্বত্বেও এটা শিশুৰ মাতৃ, যি তেওঁক অতি সুখী কৰে। জীয়েকৰ সৈতে সময় কটোৱাৰ সময়ত ছাৰাই এইটোও জানিব পাৰিছিল যে তাই আনকি ভৰিৰে আঁকিবও পাৰে। এতিয়া ছাৰাই তেওঁৰ চিত্ৰসমূহৰ এখন প্ৰদৰ্শনীও কৰিবৰ মন কৰিছে।
Published by:Manjumoni Borah
First published: