পৃথিৱীৰ প্ৰতিখন দেশতে হাজাৰ হাজাৰ বছৰ ধৰি এনে কিছুমান বিশ্বাস (Old Traditions) চলি আহিছে আছে যাক মানুহে এতিয়াও বিশ্বাস কৰাৰ লগতে অনুসৰণো কৰে। বহুতো প্ৰথা পুৰণি হৈ পৰিছে (Weird Traditions) আৰু বৈজ্ঞানিকভাৱে সেইবোৰ নিৰৰ্থকো, কিন্তু সেইবোৰতে মানুহৰ বিশ্বাস আজি পৰ্যন্ত অটুট আছে। এনেকুৱা পুৰণি প্ৰথা জড়িত এটা ঘটনাৰ বাতৰি চীনৰ (China Old Traditions) পৰা পোৱা গৈছে। চীনত কিছুমান পুৰুষে এগৰাকী মহিলাক বিয়া কৰাব বিচাৰিছে, কিন্তু আশ্চৰ্যজনকভাৱে, মহিলাগৰাকীৰ যোৱা মাহত মৃত্যু হৈছিল (Men want to marry dead woman) !
কথাটো শুনি আপুনি নিশ্চয় স্তম্ভিত হৈছে। চীনৰ এগৰাকী প্ৰখ্যাত ছ'চিয়েল মিডিয়া ইনফ্লুৱেনঞ্জাৰ লুওজিয়াওমাওমাওজি (Luoxiaomaomaozi) তেওঁৰ সৌন্দৰ্যৰ বাবে বিখ্যাত আছিল। সকলোৱে তেওঁক বহুত ভাল পাইছিল। টিকটকৰ দৰে, তেওঁৰ ছ'চিয়েল মিডিয়া প্লেটফৰ্ম Douyin-ত ৬ লাখৰো অধিক ফলোৱাৰ আছিল। কিন্তু যোৱা মাহত তেওঁ এটা লাইভ ভিডিঅ' কৰি থকাৰ সময়ত আত্মহত্যা কৰিছিল (Social Media Influencer Suicide livestream)। মহিলাগৰাকীয়ে ভিডিঅ'টোত কেইবাবাৰো উল্লেখ কৰিছিল যে তেওঁ আত্মহত্যাৰ কৰিবলৈ মন গৈছে আৰু তেওঁৰ অন্তিম ভিডিঅ'টোত তেওঁ হঠাতে কীটনাশক দ্ৰব্য পান কৰিছিল। মহিলাগৰাকীৰ অনুৰাগীসকলেও তেওঁক কীটনাশক পান কৰিবলৈ যথেষ্ট উৎসাহিত কৰিছিল।
(ফটো: Twitter/@terror_alarm)
মানুহে মহিলাগৰাকীৰৰ সৈতে 'ভৌতিক বিবাহ' কৰিব বিচাৰে !
চীনা সংবাদ মাধ্যমৰ মতে, ১৫ অক্টোবৰত মহিলাগৰাকীৰ মৃত্যু হৈছিল। তেওঁক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল যদিও তেওঁৰ জীৱন ৰক্ষা কৰিব পৰা নাছিল। মহিলাগৰাকীয়ে মৃত্যুৰ আগতে ছচিয়েল মিডিয়াত ৩৮টা ভিডিঅ' শ্বেয়াৰ কৰিছিল আৰু এই সকলোবোৰ যথেষ্ট জনপ্ৰিয় হৈ পৰিছিল। ডেইলী ষ্টাৰৰ প্ৰতিবেদন মতে তেওঁৰ অন্ত্যেষ্টিক্ৰিয়াৰ পিছত, শ্মসানৰ কৰ্মীসকলে মহিলাগৰাকীৰ হাড় বিক্ৰী কৰাৰ পৰিকল্পনা কৰে যাতে মানুহে তেওঁৰ সৈতে 'ঘোষ্ট মেৰেজ' (Ghost Marriage) কৰিব পাৰে।
(ফটো: Twitter/@chinabox44)
'ভৌতিক বিবাহ' কি ?‘মালয় মেইল’ৰ প্ৰতিবেদন অনুসৰি, ভূত বিবাহ হৈছে চীনা সংস্কৃতিত ৩,০০০ হাজাৰ বছৰ ধৰি চলি অহা এক পাৰম্পৰিক প্ৰথা যি এতিয়াও বহু অঞ্চলত প্ৰচলিত হৈ আছে। ইয়াত, মানুহে মৃত ব্যক্তিগৰাকীক বিয়া কৰায় যাতে মৃতকে বিবাহিত বুলি স্বিকৃতী পায়। বিশ্বাস কৰা হয় যে, জীৱিত ব্যক্তিজনে পিছত যাৰ সৈতে বিবাহ কৰায় তেওঁলোকৰ ভবিষ্যত প্ৰজন্মৰ জীৱন সুখী আৰু সমৃদ্ধিশালী হয়। চীনত দীৰ্ঘদিন ধৰি এই প্ৰথা নিষিদ্ধ কৰা হৈছিল, কিন্তু শেহতীয়াকৈ অনলাইনত মৃত্যু হোৱা মহিলাগৰাকীৰ সৈতে বিবাহ কৰিব খোজাত পুনৰ এই পৰম্পৰাক লৈ চৰ্চা আৰম্ভ হৈছে। খবৰ অনুসৰি অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন কৰা মানুহজনৰ লগতে আন দুজন লোকক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে।
Read all
News in Assamese,
Assam News Today,
Entertainment News in Assamese,
Business News in Assamese,
Sports News in Assamese,
Health News in Assamese,
India News in Assameseঅসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|