মুখ্যপৃষ্ঠা » খবৰ

» বিশ্ব

»১৯ বছৰ বয়সতে হৈছিল ৯৯ কোটি টকাৰ মালিক ! উশৃংখল লাইফষ্টাইলেৰে উৰুৱালে সকলো ধন, এতিয়া দুমুঠি ভাতৰ বাবে কৰে সামান্য কাম

১৯ বছৰ বয়সতে হৈছিল ৯৯ কোটি টকাৰ মালিক ! উশৃংখল লাইফষ্টাইলেৰে উৰুৱালে সকলো ধন, এতিয়া দুমুঠি ভাতৰ বাবে কৰে সামান্য কাম

Manjumoni Borah | News18-Assam
Updated:October 10, 2021, 9:08 PM IST
১৯ বছৰ বয়সতে হৈছিল ৯৯ কোটি টকাৰ মালিক ! উশৃংখল লাইফষ্টাইলেৰে উৰুৱালে সকলো ধন, এতিয়া দুমুঠি ভাতৰ বাবে কৰে সামান্য কাম
ইংলেণ্ডৰ (England) এজন ব্যক্তি য়ে কোটি টকা জিকাৰ পিছত তেওঁ বিলাসীতাত (debauchery) উৰুৱাই দিছিল আৰু এতিয়া সাধাৰণ জীৱন যাপন কৰি আছে।

ইংলেণ্ডৰ (England) এজন ব্যক্তি য়ে কোটি টকা জিকাৰ পিছত তেওঁ বিলাসীতাত (debauchery) উৰুৱাই দিছিল আৰু এতিয়া সাধাৰণ জীৱন যাপন কৰি আছে।

  • Share this:
পৃথিৱীৰ সকলোৱে কম সময়ৰ ভিতৰতে যিমান সম্ভৱ সিমান টকা উপাৰ্জন কৰি  জীৱনটো আৰামেৰে কটাব বিচাৰে। টকা উপাৰ্জনৰ চৰ্টকাটবোৰৰ ভিতৰত এটা হৈছে লটাৰী (Lottery) । এটা জীৱন্ত প্ৰমাণ আছে যে ইংলেণ্ডৰ (England) এজন ব্যক্তিয়ে কোটি টকা জিকাৰ পিছত তেওঁ বিলাসীতাত (debauchery) উৰুৱাই দিছিল আৰু এতিয়া সাধাৰণ জীৱন যাপন কৰি আছে।

ইংলেণ্ডৰ নৰফক (Norfolk)ৰ নিবাসী মিকি কেৰলে (Mickey Carroll) ২০০২ চনত ৯৯ কোটি টকাৰ অধিক মূল্যৰ লটাৰী (Man won 99 crore rupees lottery) জিকিছিল। তেতিয়া তেওঁৰ বয়স আছিল মাত্ৰ ১৯ বছৰ। একে সময়তে, তেওঁ চেন্দ্ৰা একেন (Sandra Aiken) নামৰ এজনী ছোৱালীৰ সৈতে বাগদান কৰিছিল। মিকিয়ে লটাৰী জিকাৰ পিছত সেই টকাৰে ইমান সুৰাপান কৰিছিল যে সুৰাৰ দুনীয়াৰ পৰা ওলাই অহাটো অসম্ভৱ হৈ পৰিছিল।

মিকিৰ পত্নীয়ে এটা সাক্ষাৎকাৰত কৈছিল যে তেওঁ ড্ৰাগছ (Drugs) গ্ৰহণ কৰা আৰম্ভ কৰিছিল আৰু পাৰ্টি (Parties) কৰিবলৈ বাৰ্বাডোছ, জামাইকালৈ গৈছিল। কেৱল সেয়াই নহয়, মিকিয়ে নিজৰ বাবে দামী গহণা, গাড়ী আৰু কাপোৰ কিনিবলৈ আৰম্ভ কৰিছিল। ইফালে, তেওঁ আৰু চেন্দ্ৰাও বিবাহপাশত আৱদ্ধ হৈছিল। কিন্তু পৰিস্থিতি হাতৰ পৰা বাহিৰ হৈ গৈছিল । তেওঁৰ পত্নীয়ে কৈছিল যে মিকিয়ে তেওঁক প্ৰতাৰণা কৰিছিল আৰু পতিতাৰ  (Prostitutes) ওচৰলৈ যাবলৈ আৰম্ভ কৰিছিল। ইয়াৰ ফলত তেওঁ অতি বেয়া হৈ পৰিছিল, যাৰ ফলত তেওঁ ২০০৮ চনত মিকিৰ সৈতে পত্নীৰ বিবাহ বিচ্ছেদ হৈছিল।

ডেইলী ষ্টাৰৰ মতে, মিকিৰ পত্নীয়ে প্ৰকাশ কৈছিল যে মিকিয়ে ভাবিছিল যে তেওঁ অত্যন্ত বিখ্যাত সেয়েহে সকলোৱে তেওঁক ভাল পাইছিল, আচলতে সকলো তেওঁৰ ধনৰ পিছতহে আছিল। মিকি ধনৰ দ্বাৰা অন্ধ হৈছিল আৰু কি শুদ্ধ আৰু ভুল বুজি পোৱা নাছিল। ফলস্বৰূপে নিচা আৰু কাজিয়াৰ বাবে মিকি কেইবাবাৰো কাৰাগাৰলৈ যাব লগা হৈছিল। কিছু বছৰ পিছত মিকিৰ ওচৰত এটা পইচাও বাকী নাছিল আৰু তেওঁৰ ঘৰটোও তেওঁৰ পৰা কাঢ়ি লোৱা হৈছিল।

মিকিয়ে অৱশ্যে এই বোৰৰ বাবে একেবাৰে অনুশোচনা নকৰে। এক সাক্ষাৎকাৰত তেওঁ কৈছিল যে তেওঁৰ ১০ বছৰীয়া জীৱন অতি বিশেষ আছিল, যিটো তেওঁ যথেষ্ট উপভোগ কৰিছিল। মিকিয়ে প্ৰায় ১০০ টকাত লটাৰী কিনিছিল আৰু সেইটোৱে তেওঁক কোটিপতি কৰি তুলিছিল।

প্ৰতিবেদন অনুসৰি মিকিয়ে এতিয়া স্বাভাৱিক জীৱন যাপন কৰি আছে। ভাল কথাটো হ'ল যে তেওঁ তেওঁৰ প্ৰাক্তন পত্নীৰ সৈতে পুনৰ বিবাহপাশত আৱদ্ধ হৈছে আৰু দুয়ো একেলগে বাস কৰি আছে। মিকিয়ে সাক্ষাৎকাৰটোত কৈছিল যে যদি তেওঁৰ ওচৰত এতিয়াও টকা থাকিলহেঁতেন তেন্তে তেওঁ এতিয়ালৈকে মৃত্যুবৰণ কৰিলেহেঁতেন, কিয়নো তেওঁ অত্যধিক নিচাগ্ৰস্ত হৈ পৰিছিল। মিকিয়ে এতিয়া কয়লা আৰু কাঠ বিতৰণ কৰে আৰু মাহে ১ লাখ টকাতকৈ অধিক উপাৰ্জন কৰে। তেওঁ বিস্কুট কাৰখানা আৰু শ্মশানতো কাম কৰিছিল।
Published by: Manjumoni Borah
First published: October 10, 2021, 9:08 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি